গ্লাছগ’ত প্রতিবাদ কৰা লাভলীনাক প্রশংসা প্রধানমন্ত্ৰীৰ

গ্লাছগ’ত প্রতিবাদ কৰা লাভলীনাক প্রশংসা প্রধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভাৰতৰ কমনৱেলথ গেমছ ২০২৬ৰ পদক বিজয়ীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে । মোদীয়ে খেলুৱৈসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰাৰ লগতে ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যাবলৈও উৎসাহিত কৰে । এই অন্তৰংগ আলাপৰ সময়তে স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছৰ সময়ত ভাৰতীয় বক্সিং দলে মিষ্টাৰ সিংছ ইণ্ডিয়া-দ্য হ’ম অৱ কাৰী নামৰ ৰেষ্টুৰেণ্টখনত খোৱা-বোৱা কৰাৰ সময়ত অসমৰ অলিম্পিক পদক বিজয়ী তথা কমনৱেলথ গেমছত ৰূপৰ পদক অর্জন কৰা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ৰেষ্টুৰেণ্টখনৰ নেপকিন আৰু বাহিৰত প্ৰদৰ্শিত ভাৰতীয় মানচিত্ৰৰ ল’গ’ত উত্তৰ-পূর্বাঞ্চল বাদ পৰা বাবে কৰা প্ৰতিবাদক ভূয়সী প্রশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কমনৱেলথ গেমছৰ পদক জয়ী ভাৰতীয় দলৰ খেলুৱৈসকলৰ লগত সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ উন্নত ক্রীড়াশৈলী প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকা অসম কন্যা লাভলীনা বৰগোহাঁইকো প্রশংসাৰে ওপচাই পেলায়। মহিলাৰ ৭৫ কেজি শাখাত ৰূপৰ পদক অর্জন কৰা লাভলীনাক উদ্দেশ্যি প্রধানমন্ত্ৰীগৰাকীয়ে কয়- যি সময়ত তুমি বিজয় উদযাপন কৰি আছিলা আৰু প্ৰতিযোগিতা শেষ হৈছিল, সেই সময়ত ভাৰতৰ মানচিত্ৰখনৰ তাৎপৰ্যক গুৰুত্ব প্ৰদান কৰা ভিডিঅ’টো সাধাৰণ নাছিল। এইটো মানুহে বহুত দিনলৈ মনত ৰাখিব। তোমাৰ অন্তৰত থকা দেশপ্রেমক দীর্ঘ সময়লৈ সকলোৱে মনত ৰাখিব। ভাৰতৰ মানচিত্ৰখনক লৈ মিষ্টাৰ সিংছ ইণ্ডিয়া- দ্য হ’ম অৱ কাৰী ৰেষ্টুৰেণ্টখনৰ বিতৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে ধেমেলীয়া সুৰত লাভলীনাক উদ্দেশ্যি কথা-বতৰা আৰম্ভ কৰি ৰেষ্টুৰেণ্টখনৰ মালিকৰ সৈতে লাভলীনাই তর্ক-বিতর্কত লিপ্ত হৈছিল নেকি বুলি প্রশ্ন কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰশ্নৰ উত্তৰত লাভলীনাই অতি নম্ৰতাৰে কয় যে ভাৰতৰ মানচিত্ৰখন ভুলকৈ চিত্ৰিত হোৱা দেখি তেওঁৰ মনত বেয়া লাগিল আৰু সেয়েহে ৰেষ্টুৰেণ্ট পৰিচালনা সমিতিক ভদ্রভাৱে ভুলটো শুধৰাই দিবলৈ অনুৰোধ কৰে। লাভলীনাই কয়-সেইদিনা গেমছৰ শেষৰ দিনটোত আমাৰ প্ৰদৰ্শন ভাল আছিল। সকলোৱে জয়ী হৈছিল আৰু গোটেই ঠাইখন ভাৰতৰ মানুহেৰে ভৰি আছিল। গতিকে, মোৰ অলপ বেয়া লাগিছিল। তেওঁলোকৰ লগত সুন্দৰকৈ কথা পাতি বিষয়টো অৱগত কৰিলোঁ আৰু তেওঁলোকো মান্তি হ’ল। এতিয়া মানচিত্রখন সলনি কৰা হৈছে। উল্লেখ্য যে গ্লাছগ’ত লাভলীনা বৰগোহাঁয়ে বক্সিঙত ৰূপৰ পদক লাভ কৰিছিল আৰু এইটো আছিল তেওঁৰ কমনৱেলথ গেমছৰ প্ৰথমটো পদক। প্রতিযোগিতাখনত দর্শনীয় প্রদর্শনেৰে ফাইনেলত প্ৰৱেশ কৰাৰ পাছত লাভলীনা অষ্ট্ৰেলিয়াৰ এমাছু গ্রীনট্ৰিৰ হাতত ৪-১ ছেটত পৰাস্ত হয়। ইফালে, লাভলীনাৰ ভূমিকা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো সামাজিক মাধ্যমত মন্তব্য প্রকাশ কৰে। সামাজিক মাধ্যমত তেওঁ কয়- ভাৰতৰ কন্যাই কেৱল খেলা-ধূলা কৰাই নহয়, ফুলৰ দৰে ফুলি উঠে আৰু জাতিৰ স্বাৰ্থত আদর্শ দাঙি ধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ স্বাৰ্থত নিজৰ মতামত প্রকাশ কৰাৰ বাবে আমাৰ লাভলীনা বৰগোহাঁইৰ শলাগ লৈছে। এয়া আমাৰ যুৱক-যুৱতীসকলৰ বাবে এক প্ৰেৰণা।

আনহাতে এই অনুষ্ঠানত আন আন চেম্পিয়নসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মত বিনিময় কৰে।প্ৰধানমন্ত্ৰীয়ে যোৱা দশকত ভাৰতীয় ক্রীড়াৰ পৰিৱৰ্তনশীল দৃশ্যপট পৰ্যবেক্ষণ কৰি উল্লেখ কৰে যে ১২ৰ পৰা ১৩ বছৰৰ তেওঁৰ এই কার্যকালত প্ৰধানমন্ত্ৰীৰ বাসভৱনত ৰাষ্ট্ৰীয় ক্রীড়াবিদসকলক আদৰণি জনোৱাটো এক নিয়মীয়া আৰু প্ৰশংসনীয় পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ বাবে অবিৰত বিজয় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ সমর্পিত প্রচেষ্টা আৰু ধাৰাবাহিক সফলতাই বিদ্যালয়ৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া প্ৰচাৰমূলক পৰামৰ্শতকৈ অধিক ফলপ্রসূভাৱে অনুপ্রাণিত কৰে। তেওঁ কয়- ‘আমি বিদ্যালয়লৈ গৈ ক’ব পৰা যিকোনো কথাতকৈ আপোনালোকৰ পদকে তেওঁলোকক অধিক অনুপ্রাণিত কৰে।’