অৰুণাচলী দৰ্বত্তৰ গুলীত আহত ১১ অসমীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা ৷ অৰুণাচলী দুৰ্বৃত্তই অসমৰ ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে দীর্ঘদিন ধৰি দুয়োখন ৰাজ্যৰ সীমা বিবাদক লৈ সংঘাত চলি থকাৰ মাজতে সোমবাৰে চূড়ান্ত ৰূপ লয়। সোমবাৰে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাং বদতিত অৰুণাচলী দুর্বৃত্তৰ গুলীত ১১ জন খিলঞ্জীয়া অসমীয়া গুৰুতৰভাৱে আহত হোৱাৰ উপৰি ৪ জনৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৯ বজাত মিংমাং বদতিৰ অন্তৰ্গত অসমৰ ভূমিত থকা জংঘল পৰিষ্কাৰ কৰিবলৈ যাওঁতে একাংশ অৰশাচলী দুর্বৃত্তই অসমৰ ব্যক্তিসকলক অবাইচ গালি-গালাজ কৰে। ইয়াৰ পাছতে উক্ত স্থানৰ পৰা আঁতৰি যাবলৈ অসমৰ লোকসকলক ডাবি-ধমকি প্রদান কৰাতে ক্ষান্ত নাথাকি অৰুণাচলী দুর্বৃত্তৰ দলটোৱে ভূমিখিনি বেদখলৰ চেষ্টা চলায়। ইয়াক লৈ তাৰ পাছতে অসমৰ কেইবাগৰাকীও লোকে ভূমি বেদখলকাৰীসকলক বাধা প্ৰদান কৰাৰ লগে লগেই দুই ফৈদৰ মাজত কাজিয়াৰ সূত্রপাত হয়। অৰুণাচলী দুর্বৃত্তৰ দলটোৱে কোনোধৰণৰ কথাৰ অৱতাৰণা নকৰাকৈয়ে নির্বিচাৰে গুলীচালনা কৰে। ভয়ংকৰ গুলীচালনাটোত অসমৰ দুৰ্গেশ্বৰ পাতিৰ, ৰোহিত দলে, নাগৰাজ দলে, বিজ্ঞেশ্বৰ পাতিৰ, পামে পেণ্ড, সঞ্জয় টায়ুং, উৎপল দলে আৰু জান দলে নামৰ আঠজন অসমৰ লোক আহত হয়। ইয়াৰ বাদেও ঘটনাটোত আন তিনিজন লোক আঘাতপ্রাপ্ত হয়। দুর্বৃত্তৰ গুলীত আহত আঠজন লোকক প্রথমে গোগামুখ গ্রাম্য চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে সাতজনক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু ইয়াৰ পাছতে চাৰিজন লোকৰ অৱস্থা অধিক সংকটজনক হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ঘটনাটোৰ পাছতে অসম আৰক্ষী-প্ৰশাসনৰ শীর্ষ বিষয়াসকলে উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰে। ইফালে ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অসম-অৰুণাচল সীমান্তত উত্তেজনাই বিৰাজ কৰিছে। আনহাতে দুয়োখন ৰাজ্যৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ৷ দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে পাৰস্পৰিক বুজাপৰাৰ মাধ্যমেৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ল যদিও বর্তমান মিংমাং বদতি গাঁৱত ৰাইজৰ মাজত উত্তেজনাই বিৰাজ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত তথা শান্তি-শৃংখলা অব্যাহত ৰখাৰ বাবে বৰ্তমান আৰক্ষী বাহিনী গাঁওখনত মোতায়েন কৰা হৈছে। অৰুণাচলী দুর্বৃত্তৰ এই আগ্রাসনৰ সময়তে নামনি সোৱণশিৰি জিলাৰ জিলা আয়ুক্তৰ পুত্ৰ আৰু অৰুণাচলৰ আৰক্ষী বিষয়া ওমাং অমলে এই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। দুর্বৃত্তৰ গুলীত আহত এগৰাকী লোকে সদৰী কৰা মতে, অসমৰ ভূমি অৰুণাচলী লোকে বেদখলৰ চেষ্ট কৰাৰ সময়তে অসমীয়া একাংশই বাধা দিছিল। তেতিয়াই অৰুণাচলী দুর্বৃত্তই তেওঁলোকক উদ্দেশ্যি ধাৰাসাৰ গুলীচালনা কৰিছিল। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ জিলা আয়ুক্তৰ পুত্ৰ আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষী বিষয়া ওমাং অমলৰ নেতৃত্বত এই গুলীচালনা হৈছিল। এই সন্দর্ভত সকলোখিনি তথ্য অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰশাসনক অৱগত কৰা হৈছে বুলি লোকজনে সদৰী কৰিছে। স্থানীয় বাসিন্দাসকলৰ মতে, অৰুণাচলী দুর্বৃত্তৰ সন্ত্রাস আজি নতুন কথা নহয়। ৰাজ্যখনৰ সীমে বস্তিৰ লোকে দীর্ঘদিন ধৰি অসমৰ ভূমি দখল কৰি অহাক লৈ দুয়োখন ৰাজ্যৰ বাসিন্দাসকলৰ মাজত সংঘাত সৃষ্টি হৈ আহিছে। কিছুদিন পূর্বে একে স্থানতে অসমৰ এজন লোকৰ এখন মটৰচাইকেল অৰুণাচলী দুর্বৃত্তই জুলাই দিছিল। সেই ঘটনাৰ পাছত আজি দুয়োখন ৰাজ্যৰ স্থানীয় ৰাইজে সীমা সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হোৱাৰ কথা আছিল যদিও আজি পুৱাৰ ভাগতে পুনৰ অৰুণাচলী দুর্বৃত্তৰ তাণ্ডৱে বিষয়টোক আকৌ জটিল কৰি তুলিছে।
