‘ক্লাইমেট ট্ৰেণ্ডছ’ৰ প্ৰতিবেদন অনুসৰি চাৰি দশকত ভয়াৱহ বানৰ সন্মুখীন হ’ব অসম
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীস্থিত জলবায়ু গৱেষণা কেন্দ্র ‘ক্লাইমেট ট্রেণ্ডছ’ৰ শেহতীয়া এক প্রতিবেদন অনুসৰি অহা চাৰি দশকত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বানৰ ভয়াৱহতা আৰু ব্যাপক হাৰত বৃদ্ধি পাব। গৱেষণালব্ধ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি অসমৰ শেহতীয়া ভয়াৱহ বানে কেৱল এক অনিয়মীয়া প্রাকৃতিক দুৰ্যোগৰ চিন বহন কৰা নাই, বৰঞ্চ ই ৰাজ্যখনৰ পৰিৱেশগত আৰু ভূ-প্রাকৃতিক ভাৰসাম্যৰ এক গভীৰ পদ্ধতিগত সংকটৰ ইংগিত প্রদান কৰিছে। মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে লাখ লাখ লোক গৃহহীন হোৱা আৰু শতাধিকৰ মৃত্যুৰ অবাঞ্ছিত তথ্যই স্পষ্ট কৰে যে পূৰ্বৰ পৰম্পৰাগত বান ব্যৱস্থাপনা নীতিক জলবায়ু পৰিৱৰ্তনে কেনেদৰে অপ্ৰাসংগিক কৰি তুলিব পাৰে। প্ৰতিবেদনত কোৱা হৈছে যে এই দীৰ্ঘদিনীয়া প্ৰাকৃতিক কাৰকসমূহ এতিয়া জলবায়ু পৰিৱৰ্তন আৰু মানুহৰ হস্তক্ষেপৰ ফলত তীব্ৰতৰ হৈ পৰিছে। এইবাৰৰ বানপানীৰ আঁৰৰ এটা প্ৰধান কাৰণ আছিল বংগোপসাগৰৰ ওপৰত ধাৰাবাহিকভাৱে বাৰিষা ব্যৱস্থা। ‘ক্লাইমেট ট্রেণ্ডছ’ৰ বিশ্লেষণাত্মক প্রতিবেদনখনত সন্নিৱিষ্ট তথ্য মতে, অসমৰ শেহতীয়া বানৰ তীব্রতা মূলতঃ তিনিটা মুখ্য কাৰকৰ আন্তঃসংযোগৰ ফল। এই তিনিটা কাৰক হৈছে- ‘কম্পাউণ্ড ফ্লাডিং’ বা যৌগিক বানপানী, বায়ুমণ্ডলীয় গতিশীলতা আৰু নদী অৱবাহিকাৰ ভৌগোলিক পৰিৱৰ্তন। কোৱা হৈছে, সংকটৰ আটাইতকৈ জটিল বৈজ্ঞানিক দিশটো হ’ল কম্পাউণ্ড ফ্লাডিং অর্থাৎ একাধিক দুৰ্যোগৰ সমসাময়িক প্রভাৱ। পূৰ্বতে বান মূলতঃ কোনো নির্দিষ্ট অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হৈছিল। কিন্তু বর্তমান অতিপাত বৰষুণ, হিমালয়ৰ উপৰিভাগত হিমবাহ গলি উপচি পৰা পানী, নৈসমূহৰ উজনিত অভূতপূর্ব পানীৰ প্ৰৱাহ আৰু খহনীয়া একে সময়তে সংঘটিত হৈছে। গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছৰ ভিতৰত সীমিত ৰাখিব পাৰিলেও ২১০০ চনৰ ভিতৰত হিমালয়ৰ এক-তৃতীয়াংশ হিমবাহ বিলুপ্ত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। যাৰ পৰিণতি নদী অৱবাহিকাত ঋতুভিত্তিক পানীৰ প্ৰৱাহ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব। ‘ক্লাইমেট ট্রেণ্ডছ’ৰ গৱেষণাত দেখা গৈছে যে পূর্বতে অসমত প্ৰতি দহ বছৰৰ মূৰত ভয়াৱহ বান হৈছিল। কিন্তু এই ভয়াৱহ বানৰ পুনৰাবৃত্তি মাত্ৰ দুবছৰৰ অন্তৰালত হোৱাৰ আশংকাই দেখা দিছে। এইক্ষেত্ৰত ২০২৪ চনৰ ভয়াৱহ বানৰ কথা দাঙি ধৰিছে জলবায়ু গৱেষণা কেন্দ্ৰটোৱে। ইয়াৰ অৰ্থ হৈছে প্রাকৃতিক পুনৰুদ্ধাৰৰ বাবে পৰিৱেশে পোৱা সময়সীমা সম্পূর্ণৰূপে বিনষ্ট হৈ পৰিছে। দ্বিতীয়তে, বায়ুমণ্ডলীয় ব্যৱস্থা আৰু নদীৰ পাদদেশৰ ভূ-গঠনৰ পৰিৱৰ্তনে সমস্যাটোক অধিক জটিল কৰি তুলিছে। গড় বৰষুণৰ পৰিমাণ বিশেষ বৃদ্ধি নোহোৱাকৈ বৰঞ্চ হ্রাস পোৱা সত্ত্বেও অতি কম সময়ৰ ভিতৰত তীব্ৰ ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ঘটনা বৃদ্ধি পাইছে। বংগোপ সাগৰৰ পৰা একেৰাহে অহা অপৰিমিত জলীয় বাষ্পই ভৌগোলিকভাৱে পাহাৰৱেষ্টিত উত্তৰ-পূৰ্বাঞ্চলত ঘনীভূত হৈ অভূতপূর্ব আর্দ্রতা প্রদান কৰিছে। চুবুৰীয়া নাগালেণ্ডত শেহতীয়াকৈ এয়াই পৰিলক্ষিত হৈছে। ‘আনহাতে, ব্ৰহ্মপুত্ৰৰ জলপ্ৰৱাহ ১৩-১৫ শতাংশ বৃদ্ধি পোৱাৰ লগতে পানীত চেডিমেন্ট লোড ৪০ শতাংশলৈ বৃদ্ধি পোৱাৰ তথ্য প্রদান কৰিছে গৱেষণা প্ৰতিষ্ঠানটোৱে। উচ্চ মাত্ৰাৰ পলসে নদীৰ গভীৰতা হ্রাস কৰে, যাৰ ফলত পানীৰ ধাৰণ ক্ষমতা দ্রুতভাৱে হ্রাস পায় আৰু অলপ বৰষুণতে পানীৰে দুয়োপাৰ উপচি পৰে, যিয়ে পাৰৰ বিপুল খহনীয়া ত্বৰান্বিত কৰে। তৃতীয়তে, ‘ক্লাইমেট ট্রেণ্ডছ’ৰ প্ৰতিবেদন অনুসৰি অৰ্থনৈতিক আৰু জনগাঁথনিগত বিভিন্ন বিষয়ে এই দুর্যোগক সামাজিকভাৱে অধিক সংবেদনশীল কৰি তুলিছে। ২০২৪ চনত ভাৰতৰ মুঠ দুর্যোগজনিত আভ্যন্তৰীণ গৃহহীনতাৰ প্ৰায় ৫০ শতাংশ অকল অসমতে সংঘটিত হৈছে (প্রায় ২৫ লাখ লোক)। কোৱা হৈছে অসমৰ ৪০ শতাংশ অঞ্চল বানপ্ৰৱণ হোৱা হেতু ৰাজ্যখনৰ সামাজিক-অর্থনৈতিক সুৰক্ষাত তীব্ৰ প্রত্যাহ্বান সৃষ্টি কৰিছে। প্রতিবেদন অনুসৰি অসমত প্ৰতি বছৰ গড়ে ৯.৩১ লাখ হেক্টৰ ভূমি বানৰ কবলত পৰে। যাৰ ফলত প্রত্যক্ষভাৱে বছৰি ২০০ কোটি টকাৰ ক্ষতিসাধন হয়। ‘ক্লাইমেট ট্ৰেণ্ডছ’ৰ দাবী- কেৱল গৰাখহনীয়া আৰু পানীৰ মাত্রা নিয়ন্ত্ৰণৰ বাবে সজা মেৰামতিমূলক মথাউৰি ব্যৱস্থাই অসমৰ বান চম্ভালিব নোৱাৰে। অপৰিকল্পিত নগৰীকৰণ, বনাঞ্চল ধ্বংস আৰু খহনীয়াপ্ৰৱণ এলেকাত থকা মানুহৰ বসতিয়ে প্রাকৃতিক পানী প্ৰৱাহৰ পথ অৱৰুদ্ধ কৰি এই সংকটক এক মানৱসৃষ্ট বিসংগতিলৈ পৰিৱৰ্তিত কৰা বুলি জলবায়ু গৱেষণা প্রতিষ্ঠানটোৱে দাবী কৰিছে। অসমৰ বান সমস্যা এতিয়া কেৱল এক বতৰভিত্তিক ঘটনাক্রম হৈ থকা নাই। এয়া হৈ পৰিছে আঞ্চলিক জলবায়ু পৰিৱৰ্তন, অৱবাহিকা ব্যৱস্থাপনাৰ অভাৱ আৰু মানৱসৃষ্ট পৰিৱেশগত চাপৰ এক ভয়াৱহ সম্মিলিত ফলাফল। সেয়েহে, পৰম্পৰাগত ‘দুর্যোগ সাহায্য’ মডেলৰ পৰা ওলাই আহি দীর্ঘম্যাদী ‘জলবায়ু অনুকূলন’ (ক্লাইমেট এডাপচন), পলস আঁতৰোৱাৰ বিজ্ঞানসন্মত আঁচনি আৰু আন্তঃৰাষ্ট্ৰীয় নদী অৱবাহিকাভিত্তিক আধুনিক ভূ-পৰিৱেশগত নীতি গ্রহণ নকৰিলে অনাগত দিনত এই সংকট তথা বিভীষিকা বহুগুণে বৃদ্ধি পোৱাটো নিশ্চিত। আগন্তুক প্ৰায় চাৰি দশকত অসমবাসীয়ে এয়া প্রত্যক্ষ কৰিব বুলি ক্লাইমেট ট্রেণ্ডছে সকীয়নি দিছে।
