দিল্লী আইআইটিৰ সমাৱৰ্তনত জেন-জিক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

দিল্লী আইআইটিৰ সমাৱৰ্তনত জেন-জিক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজধানী দিল্লীত ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ প্ৰতিবাদৰ পিছত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমখন জনসভাত যুৱক-যুৱতীসকলক সম্বোধন কৰে। ইয়াৰ পূৰ্বে জেন-জিক উদ্দেশ্য কৰি ছ’চিয়েল মিডিয়াত বার্তা দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। কিন্তু, শনিবাৰে নতুন দিল্লীত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত জনসমাৱেশৰ সম্মুখত প্ৰথমবাৰ ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ৫৭ সংখ্যক দীক্ষান্ত সমাৰোহত প্রধানমন্ত্রী মোদীয়ে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি কয়, ‘আপোনালোক এই কার্যসূচীত উপস্থিত আছে, কিন্তু মনৰ কোনো এটা কোণত অন্য চিন্তা চলি আছে। মই বাগেশ্বৰ ধাম বাবাৰ দৰে দিব্যদৃষ্টি সম্পন্ন পুৰুষ নহয়, কিন্তু আপোনালোকে কি ভাবি আছে সেয়া মই জানো।’ ই অনুষ্ঠানত প্রায় ৩,০০০ জেন-জি দর্শকক সন্মুখত ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “আপোনালোকৰ কেম্পাছলৈ আহি আপোনালোকৰ সৈতে কথা পতাটো মোৰ বাবে এক বিশেষ অভিজ্ঞতা। আপোনালোকৰ মাজৰ কিছুমানে হয়তো নিজৰ প্ৰথম ষ্টাৰ্টআপৰ কথা ভাবিছে, কোনোবাই হয়তো নিজৰ প্ৰথম দৰমহাৰ কথা ভাবিছে, কোনোবাই হয়তো আন চহৰলৈ যোৱাৰ কথা ভাবিছে।” প্রধানমন্ত্রীয়ে লগতে কয় যে প্রশ্ন কৰাৰ অধিকাৰ সকলোৰে আছে। কিন্তু লগতে এই কথাও মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰৰ প্ৰতিও দায়িত্ব আছে সকলোৰে। সকলো প্ৰজন্মই এই দায়িত্ব ল’ব লাগিব। দিল্লী আইআইটিৰ সমাৱৰ্তনৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ বক্তব্য- ‘ছাত্ৰ জীৱন আৰু পৰৱৰ্তী জীবন সুকীয়া। কেম্পাছৰ বাহিৰলৈ ওলাই অহাৰ পিছত জীৱনে যি পৰীক্ষা লয় সেই পৰীক্ষা অন্য ধৰণৰ। তাত প্রশ্ন আৰু উত্তৰ সকলোখিনি নিজেই উলিয়াবলগীয়া হয়।’ মোদীয়ে আৰু কয়, ‘প্রশ্ন কৰাটো ভাল, কিন্তু উত্তৰো নিজকেই সুধিব লাগিব। জীৱনৰ যুদ্ধত কোনো প্রশ্নকাকত নাথাকে। নিজকে প্রশ্ন কৰিবলগীয়া হয়, নিজেই সমাধান উলিয়াবলগীয়া হয়। ইয়াত সকলোবোৰেই আউট অৱ ছিলেবাছ। যিয়ে শিকিব, তেৱেঁই জিকিব। প্রশ্ন কৰাৰ সকলোৰে অধিকাৰ আছে। কিন্তু ৰাষ্ট্ৰৰ প্রতি দায়িত্বও আটাইৰে। আগৰ প্ৰজন্মৰ যুঁজৰ ফলত দেশে স্বাধীনতা লাভ কৰিছে। আজিৰ আত্মনিৰ্ভৰ ভাৰতৰ নতুন প্ৰজন্মৰ সন্মুখত সুযোগ-সুবিধা অনেক। দেশৰ যুৱ সমাজ আগুৱালেই দেশ আগুৱাব।’ লগতে প্রধানমন্ত্রীয়ে যুৱ সমাজৰ প্ৰতি আস্থা প্রকাশ কৰি কয়, ‘তোমালোকৰ ওপৰত আমাৰ ভৰসা আছে। এই দেশৰ উন্নতিত তোমালোকৰ প্ৰয়োজন আছে।’ সেইদিনাই এআই তথা কৃত্রিম বুদ্ধিমত্তাচালিত, উচ্চ ক্ষমতাসম্পন্ন, ছুপাৰ কম্পিউটাৰ ‘পৰমপ্ৰজ্ঞা’ উদ্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে। উল্লেখ্য যে এই ছুপাৰ কম্পিউটাৰটো বর্তমান আইআইটি দিল্লীৰ সোণপট কেম্পাছত আছে। বৈজ্ঞানিক আৰু অভিযান্ত্রিক স্তৰৰ নানা জটিল সমস্যা সমাধানত ‘পৰমপ্ৰজ্ঞা’ই সহায় কৰিব গৱেষক, ফেকাল্টী মেম্বাৰ আৰু ছাত্র-ছাত্রীসকলক। দিল্লী আইআইটিৰ সমাৱৰ্তন অনুষ্ঠানত প্রধানমন্ত্রী আছিল মুখ্য অতিথি। তেওঁ সহস্রাধিক স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী, প্রায় ৫৮৭জন পিএইচডি স্ক’লাৰে প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে। ‘প্ৰেছিডেন্টছ গ’ল্ড মেডেল’, ‘ডিৰেক্টৰ্ছ গ’ল্ড মেডেল’, ‘শংকৰ দয়াল শৰ্মা গ’ল্ড মেডেল’ আৰু ‘পাৰফেক্ট-১০ গ’ল্ড মেডেল’ৰ দৰে ঐতিহ্যমণ্ডিত আৰু আইআইটি দিল্লীৰ ফালৰ পৰা তেওঁলোকৰ ‘সর্বোচ্চ সন্মান’ হিচাপে পৰিগণিত পুৰস্কাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ হাতত তুলি দিয়ে মোদীয়ে।