বৈভৱ
পাপৰি শইকীয়া বৰা,গোলাঘাট
এদিন তোমাৰ পদূলিত গছ হৈ গজিম
সুগন্ধিৰে উপচাই দিম হিয়া – –
তোমাৰ উশাহত মিহলি হৈ এদিন এটা সুগন্ধি সুৰ হ’ম
তুমি মোক গুণগুণাবা – – !
এদিন তোমাৰ পদূলিত গছ হৈ গজিম
তুমিতো জানাই -গছ মানেই বিনিময়হীন ভালপোৱা !
গছ মানেই ঋতুৰ ৰঙত বৰ্ণময় হোৱাৰ নিৰৱ প্ৰতিশ্ৰুতি
ধুমুহা /বৰষুণ অথবা শিলাবৃষ্টি – –
একোতেই গছে বিচ্ছিন্ন নকৰে অস্তিত্বৰ শিপা !
সঁচাকৈ কৈছো ; এদিন তোমাৰ পদূলিত গছ হৈ গজিম
চৰ্ত এটাই থাকিব
যদি মই গছ হওঁ — তুমি এখন গছ ভালপোৱা অৰণ্য হব লাগিব
অৰণ্য হব লাগিব – – – ।
