বাল্যবিবাহৰ গ্ৰাসত পৰি কোনো কন্যা সন্তানৰ ভৱিষ্যৎ নষ্ট হ’বলৈ নিদিওঁঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত শনিবাৰে দৰং জিলাৰ বানপীড়িতৰ কাষত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। দৰঙৰ ঔতলাত বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ যোৱা মুখ্যমন্ত্রী ড° শৰ্মাই এগৰাকী মহিলাৰ লগত হোৱা অনিয়মৰ ক্ষেত্ৰত কঠোৰ স্থিতি লোৱা পৰিলক্ষিত হ’ল।উল্লেখ্য যে গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে মঙলদৈৰ কছাৰী ময়দানত অৱতৰণ কৰাৰ পিছত মুখ্যমন্ত্রী ড° শর্মাই গাড়ীৰে উপস্থিত হয় ঔতলাত। পথেৰে যোৱা এই সময়ছোৱাত কেইবাঠাইতো গাড়ী ৰখাই স্থানীয় ৰাইজৰ সৈতে বার্তালাপত মিলিত হ’ল মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীক ওচৰতে পাই এগৰাকী মহিলাই স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি স্বামীগৃহ ত্যাগ কৰিবলৈ বাধ্য হোৱাৰ দুখ-দুর্দশাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰীক। মহিলাগৰাকীৰ অভিযোগ- স্বামীয়ে কম বয়সতে বিয়া পাতি নিয়াৰ পিছত তেওঁক এতিয়া এৰি দিছে আৰু আন এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা মুখ্যমন্ত্ৰীয়ে মহিলাগৰাকীৰ কাহিনী শুনি কঠোৰ স্থিতি গ্ৰহণৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে মহিলাগৰাকীক উদ্দেশ্যি কয়- আজিয়েই তোৰ হাজবেণ্ডক ধৰি আনিম, তই দৰ্খাস্ত ৰেডী ৰাখ। মই এই বাটেৰে ঘূৰি আহিম, তই মোক দর্খাস্ত দিবি। ধৰি আনি তাক ঠিকছে মাৰিম, তই গম পাবি। মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাগৰাকীক উদ্দেশ্যি কয়- নিজে কৰিব পৰাকৈ তই পঢ়া-শুনা আৰম্ভ কৰ। তোৰ বয়স আছে। কিবা এটা হাতৰ কাম আৰম্ভ কৰ। ইফালে বিষয়টো সন্দর্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে লিখিছে- বাল্যবিবাহৰ ক্ষেত্ৰত আমি সদায় কঠোৰ। আমাৰ কোনো কন্যা সন্তানক ইয়াৰ গ্ৰাসত পৰি ভৱিষ্যৎ নষ্ট কৰিবলৈ আমি দিব নোৱাৰোঁ। আমি আগতেও উচিত পদক্ষেপ গ্রহণ কৰি আছিলোঁ আৰু এতিয়াও গ্ৰহণ কৰিম। আমাৰ কন্যাসকলে ভাগি নপৰি সপোন পূৰণৰ বাটত শক্তিশালীভাৱে আগবাঢ়ি যাওক।
