অৰুণাচল প্ৰদেশৰ ২৭ স্থানৰ নামকৰণ ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচলত চীনৰ ৰঙাচকুৰ প্ৰত্যুত্তৰ দিলে ভাৰতে। অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম একপক্ষীয়ভাৱে সলনি কৰি অহা চীনৰ পদক্ষেপৰ মাজতে ভাৰত চৰকাৰে ৰাজ্যখনৰ ২৭টা স্থান আৰু ভৌগোলিক বৈশিষ্ট্যক চৰকাৰী ভাৰতীয় মানচিত্ৰত আনুষ্ঠানিকভাৱে চিহ্নিত কৰিছে। চীনৰ পথকে অনুসৰণ কৰি নামকৰণ-ৰণকৌশলৰ প্ৰত্যুত্তৰ দিলে ভাৰতে। চীন অধিকৃত তিব্বত আৰু অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমান্তৰাল ২৭খন ঠাইৰ ‘নাম সলনি’ৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰিলে ভাৰতে। ছার্ভে অব ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰকাশ কৰা অৰুণাচল প্ৰদেশৰ নতুন মানচিত্রত এই নামসমূহ অন্তর্ভুক্ত কৰা হৈছে। মেকমোহন লাইনত ইপাৰৰ এখনৰ পিছত এখন ঠাইৰ নাম যিদৰে চীনে সলনি কৰিছে, তাৰেই ওলোটা পদক্ষেপ লৈছে ভাৰতে। শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই বিষয়ে বিবৃতি জাৰি কৰা হৈছে।বিবৃতিত উল্লেখ কৰা অনুসৰি, ভাৰতীয় জৰীপ বিভাগ (Survey of India)-ৰ মানচিত্ৰত এই স্থানসমূহৰ অন্তৰ্ভুক্তিৰ জৰিয়তে সঠিক পৰিচয় নিশ্চিত কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। ভাৰতৰ চৰকাৰী মানচিত্ৰত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা ২৭টা স্থানৰ ভিতৰত আছে নিয়ন্ত্ৰণ ৰেখা (LAC) সংলগ্ন লংজু, য’ত ১৯৫৯ চনত ভাৰত-চীন সংঘাতৰ অন্যতম প্ৰাৰম্ভিক ঘটনা সংঘটিত হৈছিল। আপাৰ সোৱণশিৰি জিলাৰ লংজুৰ ওচৰৰ মাজা গাঁওও এই তালিকাত স্থান পাইছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি গিৰিপথ বিছা, ডজ’ লা, ৰিজা লা, পুকুৰ লা আৰু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ আৰম্ভণিৰ অন্যতম সংঘৰ্ষস্থলী থাগ লাকো চৰকাৰীভাৱে চিহ্নিত কৰা হৈছে। চাংলাং জিলাৰ জয়ৰামপুৰ, পূব অৰুণাচলৰ সম্ভো সৰোবৰ, বৰা কুণ্ডুন, ছোটা কুণ্ডুন, ধানবাৰী, প্ৰীতনগৰ, তেৰিটনগৰ, ৰামনগৰ, সাগৰ, পদ্মা, জ্যোতিনগৰ আৰু বৈশাখী গাঁওসমূহো তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। একেদৰে, তাৱাং পথত অৱস্থিত ১৯৬২ চনৰ বীৰ সেনা জস্বন্ত সিং ৰাৱতৰ স্মৃতিসৌধ জস্বন্ত গড়, যুদ্ধবীৰ ত্ৰিলোক সিং থাপাৰ স্মৃতিত নিৰ্মিত শেৰ-ই-থাপা স্মাৰক, ছোটা ৰোপুক, বৰা ৰোপুক, শিৱাজী নগৰ, সূৰ্যপুৰা, কামলাং নগৰ আৰু বুদ্ধ মন্দিৰকো চৰকাৰী মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে ২০১৭ চনত অৰুণাচলক জাংনান নাম দি ৬ টা স্থানৰ মানক নামৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল । ২০২১ চনত ১৫ টা স্থানৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছিল । তাৰ পিছতে ২০২৩ চনত ১১ টা স্থানৰ নামেৰে আন এখন তালিকা প্ৰকাশ কৰিছিল ।
