দৰং জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

দৰং জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেঙাবড়া আৰু নাহৰবাৰীত উপস্থিত হৈ অঞ্চলকেইটাত সংঘটিত শেহতীয়া বান পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে মুখ্যমন্ত্ৰীয়ে নোৱা নৈৰ বাঢ়নী পানীয়ে ছিগা মথাউৰিৰ অংশ পৰিদৰ্শন কৰে । মেৰামতি কৰি থকা মথাউৰিৰ অংশৰ লগতে বানত ক্ষতিগ্ৰস্ত কেইবাটাও অঞ্চলো মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে খহনীয়া আৰু মথাউৰি ছিগাৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজক জৰুৰীকালীন সাহায্য প্ৰদানৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে কুলশী নদীয়ে ছিগা মথাউৰিও পৰিদৰ্শন কৰে । উল্লেখ্য যে শেহতীয়া বানত বৃহত্তৰ এলেকাটোৰ ৫খনতকৈ অধিক গাঁও প্লাৰিত হোৱাৰ লগতে খেতিপথাৰ, ঘৰ-দুৱাৰ, পোহনীয়া জীৱ-জন্তু, পুখুৰী আদিৰো বিস্তৰ ক্ষতি হৈছে। বানৰ বিভীষিকা নিৰীক্ষণ কৰি মুখ্যমন্ত্ৰীয়ে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰলৈ যায়। এই শিবিৰত থকা পৰিয়ালসমূহৰ সৈতে তিপালৰ ওপৰতে বহি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সৈতে বাৰ্তালাপতো মিলিত হয়। বন্যার্তক মুখ্যমন্ত্ৰীৰ আশ্বাস- আপোনালোকে কোনে চিন্তা নকৰিব। যি ক্ষতি হৈছে আমি সকলোখিনি কৰি দিম। ঘৰ মেৰামতি, গৰু গোহালি, ফিছাৰী সকলোখিনি মই কৰাই দিম।

উল্লেখ্য যে এই শিবিৰত মুঠ ১৫৬গৰাকী বন্যার্তই আশ্ৰয় লৈছে। মুখ্যমন্ত্রীয়ে বন্যার্তসকলে ভাল ধৰণে খাদ্য লাভ কৰিছে নে নাই, সেয়াও পৰীক্ষা কৰে। তদুপৰি কোনবোৰ অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে, কেনেদৰে উদ্ধাৰ অভিযান চলিছে আদি দিশো পৰীক্ষা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কপিলী সত্ৰৰ ভগ্নাংশও আজি নিৰীক্ষণ কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে বেঙাবড়া গাঁৱৰ নিৰ্মীয়মাণ অংগনৱাড়ী কেন্দ্ৰত স্থাপন কৰা আশ্রয় শিবিৰত বন্যার্ত ৰাইজক সাক্ষাৎ কৰি তেওঁলোকৰ খা-খবৰ লয় আৰু সকলো প্ৰকাৰৰ সাহায্যৰ আশ্বাস দিয়ে। ইয়াৰ পিছত তেওঁ নাহৰবাৰীত কুলশী নৈৰ ভগা মথাউৰিও পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী ড° শর্মাই কয়-শেহতীয়া বানে এই অঞ্চলত মথাউৰি ভাগি নিয়াৰ ফলত ৰাইজ যথেষ্ট দুর্যোগ আৰু কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে। আজি ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগে হাতত লোৱা মেৰামতিৰ কাম-কাজৰো খতিয়ান ল’লোঁ। ভবিষ্যতে এই ভগ্ন মথাউৰিসমূহ অতি শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিব। তদুপৰি, বানত ক্ষতিগ্রস্ত প্ৰতিটো পৰিয়ালক চৰকাৰী নিয়ম অনুসৰি শীঘ্ৰেই প্রয়োজনীয় সকলোধৰণৰ সাহায্য প্ৰদান কৰা হ’ব।

উল্লেখ্য যে নোৱা নৈৰ মথাউৰিৰ বিচ্ছিন্ন অংশ পৰিদৰ্শন কৰি ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিবিৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে বন্যার্ত মহিলাসকলে কিদৰে আছে তাৰ খবৰ লোৱাৰ লগতে স্থানীয় বিধায়িকা তথা মন্ত্রী নীলিমা দেৱীয়ে তেওঁলোকৰ খবৰ-বাৰ্তা লৈছে নে নাই, তাকো সোধে। দীঘলীয়া সময় বন্যাৰ্তৰ লগত কটোৱা মুখ্যমন্ত্ৰীগৰাকীক ওচৰতে পাই বিভিন্নজনে তেওঁলোকৰ দুখ-দুর্দশাৰ কথা অৱগত কৰে।  এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী তথা দৰং জিলাৰ অভিভাৱক মন্ত্রী অশোক সিংহল, নীলিমা দেৱী, বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু জিলা আয়ুক্তকে ধৰি জিলা প্ৰশাসন তথা দায়িত্ববাহী বিভাগসমূহৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।