ভাৰতৰ ওপৰত ১০০ শতাংশ শুল্ক আমেৰিকাৰ

Pc NDTV

ভাৰতৰ ওপৰত ১০০ শতাংশ শুল্ক আমেৰিকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল আৰু গেছ ক্ৰয় কৰা দেশসমূহক শাস্তি প্ৰদান কৰা বিধেয়কখন আমেৰিকাৰ ছিনেটে অনুমোদন জনাইছে ৷ এই বিধেয়কখনৰ নাম সলনি কৰি ‘লিণ্ডচে অ’ গ্ৰেহাম চেনচনিং ৰাছিয়া এণ্ড ইৰাণ এক্ট অৱ ২০২৬’ ৰখা হৈছে আৰু ছিনেটে ৮৬-১১ ভোটত অনুমোদন জনাইছে৷ এই বিধেয়কখনৰ জৰিয়তে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ তেল আৰু গেছৰ শীৰ্ষ পাঁচখন আমদানিকাৰক দেশৰ সামগ্ৰীৰ ওপৰত ১০০% শুল্ক আৰোপ কৰিব পাৰে ৷ বৰ্তমান চীন, ভাৰত, আজাৰবাইজান, হাংগেৰী আৰু শ্লোভাকিয়া ৰাছিয়াৰ পৰা তেল আৰু গেছ আমদানি কৰা শীৰ্ষ পাঁচখন দেশ হয় ৷  এইবাৰ বিলখন মার্কিন কংগ্ৰেছৰ আন এখন সদন হাউছ অৱ ৰিপ্রেজেনটেটিভত উত্থাপন কৰা হ’ব। এনে ক্ষেত্রত অহা কেইসপ্তাহমানৰ ভিতৰতে ছবিখন স্পষ্ট হ’ব। দুয়োখন সদনত বিধেয়কখন গৃহীত হ’লে বাকী থাকিব কেৱল ট্রাম্পৰ স্বাক্ষৰ। ট্রাম্পে বিধেয়কখনত স্বাক্ষৰ কৰিলেই সি আইনত পৰিণত হ’ব আৰু ৰাছিয়াৰ পৰা যিবোৰ দেশে ইন্ধন কিনে তেওঁলোকৰ বিৰুদ্ধে আইন মানি পদক্ষেপ গ্রহণ কৰিব পাৰিব ৱাশ্বিংটনে। আমেৰিকাৰ এই বিধেয়কখনত কোৱা হৈছে যে ৰাছিয়াৰ পৰা যিবোৰ দেশে তেল বা অন্যান্য ইন্ধন কিনিছে, তেওঁলোকে পৰোক্ষভাৱে ইউক্রেইনৰ বিৰুদ্ধে ৰুছ আগ্রাসনকে সমৰ্থন কৰিছে। সেয়েহে তেওঁলোকৰ ওপৰত ১০০ শতাংশপর্যন্ত শুল্ক আৰোপ কৰিব পাৰিব আমেৰিকাই। এই আইনৰ ফলত সমস্যাত পৰিব পাৰে ভাৰত, চীন আৰু জাপানৰ দৰে দেশসমূহো। ইউক্রেইনসহ কেইবাখনো দেশে এইবাৰ বিধেয়কখনক আদৰণি জনাইছে। মার্কিন ছিনেটত উত্থাপন হোৱাৰ পিছৰে পৰাই এই বিধেয়কখনক লৈ চলিছে আলোচনা। কেইসপ্তাহমান পূর্বে ভোটগ্ৰহণৰ জৰিয়তে ছিনেটত এই বিধেয়কখনৰ পদ্ধতিগত কিছু বাধা সফলভাবে অতিক্ৰম কৰে ৰিপাব্লিকানসকলে। সেই সময়ত বিধেয়কখনৰ পক্ষত ভোেট পৰিছিল ৮৬টা আৰু বিপক্ষে ১২টা। শুকুৰবাৰে চূড়ান্ত ভোটগ্রহণ অনুষ্ঠিত হয়। এইবাৰ ৮৬-১১ ভোটত বিধেয়কখন ছিনেটত গৃহীত হয়। তেল বিক্রী কৰি যি ৰাজহ আদায় কৰে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে তাত ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত তেওঁ ব্যয় কৰে বুলি আমেৰিকাৰ অভিযোগ। এই পথ ৰোধ কৰাই ট্রাম্পৰ উদ্দেশ্য।