সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কলৈ শিৰোমণি আকালি দলৰ সমর্থন
ৰঙিলী বাৰ্ত্তাসেৱা- শনিবাৰে চণ্ডীগড়ত অনুষ্ঠিত এক জ্যেষ্ঠ নেতাসকলৰ বৈঠকৰ অন্তত শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে কেন্দ্ৰীয় চৰকাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ (Delimitation) বিধেয়ক আৰু মহিলা সংৰক্ষণ বিধেয়কৰ প্ৰতি আনুষ্ঠানিকভাৱে সমৰ্থন আগবঢ়ায়। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা সাক্ষাতৰ এদিন পিছতে আকালি দলে সকলো ৰাজ্যতে সমান প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ লগতে আসনৰ ৫০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱক সমৰ্থন কৰে। ইয়াৰ ফলত প্রয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আৰু এখোজ আগুৱালে চৰকাৰ। লগতে পঞ্জাবত আকালি দলৰ সৈতে বিজেপিৰ মিত্ৰতাৰ পথ আৰু অধিক সুগম হৈ পৰিল। ১৯৯৬ চনৰ পৰা এনডিএৰ সহযোগী দল আছিল আকালি দল। পঞ্জাবৰ লগতে দিল্লীতো এনডিএৰ চৰকাৰ গঠনত মুখ্য ভূমিকা আছিল তেওঁলোকৰ। কিন্তু, বিজেপি আৰু আকালি দলৰ সম্পৰ্কত যতি পৰে ২০২০ চনৰ ছেপ্টেম্বৰত কৃষক আন্দোলনক কেন্দ্র কৰি। ২০২২ চনৰ বিধানসভা নির্বাচনত নিজাববীয়াকৈ নির্বাচনী যুঁজত নামি শোচনীয়ভাৱে পৰাজিত হয় দুয়োটা দল। পঞ্জাবৰ শাসনভাৰ আহে আম আদমী পাৰ্টীৰ হাতলৈ। সম্পৰ্কৰ সেই তিক্ততাৰ পিছত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠিত হয় সুখবীৰ সিং বাদলৰ সাক্ষাৎ। ইয়াৰ মাজতে শনিবাৰে সুখবীৰ সিঙে ঘোষণা কৰিলে ‘শিৰোমণি আকালি দলে মহিলা সংৰক্ষণ বিধেয়ক দ্রুততাৰে কাৰ্যকৰী কৰাৰ দাবী জনাইছে। কেন্দ্রীয় চৰকাৰে যি সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি সমগ্ৰ দেশৰ সকলো ৰাজ্যৰে আসনৰ সংখ্যা ৫০ শতাংশ হাৰত বৃদ্ধি কৰিবলৈ বিচাৰিছে, তাত কোনো আপত্তি নাই আকালি দলৰ।’ তেওঁৰ ভাষাত ‘আমি এইবোৰ শিখ গুৰুসকলৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছোঁ। যিসকলে সকলো সময়তে মহিলাৰ সন্মান, ক্ষমতা আৰু সাম্যৰ কথা কৈ গৈছে।’ কাৰ্যতঃ আকালি দলৰ এই সমর্থন ঘোষণা প্রতীকী। কাৰণ, লোকসভাত তেওঁলোকৰ মাত্র এজনেই সাংসদ আছে।
