১০ আগষ্টৰ পৰা খুলিব বানবিধ্বস্ত স্কুল

১০ আগষ্টৰ পৰা খুলিব বানবিধ্বস্ত স্কুল

ৰঙিলী বাৰ্ত্তাসেৱা- বানে ধোৱা বিদ্যালয়ত ১০ আগষ্টৰ পৰা হ’ব পাঠদান। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- যিসমূহ বিদ্যালয় একেবাৰেই খুলিব পৰা অৱস্থাত নাই, তেনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কাষৰ বিদ্যালয়লৈ গৈ শিক্ষা গ্রহণ কৰিব। ইতিমধ্যে এই সন্দর্ভত বিদ্যালয় পৰিদৰ্শকক যাৱতীয় নির্দেশনা দিয়া হৈছে। সেইমর্মে ১০ আগষ্টৰ পৰা শিক্ষা গ্রহণ আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। যদি এখন বিদ্যালয়ত কোনোপধ্যেই যাব পৰা অৱস্থাত নাই, তেন্তে তাৰ কাষৰ বিদ্যালয়খনত খুলিব নোৱাৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল একলগ কৰি পাঠদান আৰম্ভ কৰা হ’ব। ইতিমধ্যে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিনামূলীয়া ইউনিফৰ্মৰ বাবে পুঁজি মোকলাই দিয়া হৈছে। বিদ্যালয়সমূহৰ হাতত দুযোৰ ইউনিফৰ্মৰ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মোকলাই দিয়া হৈছে। উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ক্ৰমে ১০০০, ২৫০০ ৫০০০ টকা তেওঁলোকৰ বেংক একাউণ্টত সুমোৱাই দিয়া হৈছে। এই ধনৰাশিও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা কৰা হৈছে। এই চাৰিওখন জিলাৰ ৭৯৩খন বিদ্যালয়ত ২ লাখ টকাকৈ মেৰামতিৰ বাবে ইতিমধ্যে কালি প্রদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ লগতে আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও বানপীড়িত অঞ্চলৰ বিদ্যালয় ১০ আগষ্টত মুকলি হ’ব বুলি আজি উল্লেখ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- শিৱসাগৰ জিলাত ৫৪৫খন বিদ্যালয় বানত আক্রান্ত হৈছে। জিলাখনত ১২৫০খন বিদ্যালয় আছে। বানত আক্রান্ত বিদ্যালয়সমূহক বাদ দি বাকী বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ প্ৰয়োজন নাই। এই ৫৪৫খন বিদ্যালয়ৰ মাজৰ পৰাও যিসমূহ বিদ্যালয়ত এতিয়া পাঠদানৰ পৰৱেশ গঢ়ি উঠিছে, সেই বিদ্যালয়সমূহত ১০ আগষ্টৰ পৰা পাঠদান আৰম্ভ কৰা হ’ব। বাকী বিদ্যালয়সমূহৰ ক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্রহণ কৰা হ’ব।