ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত বেডমিণ্টন কৰ্টত নতুন মেটৰ উদ্বোধন অসম বেডমিণ্টন সন্থাৰ সচিব ওমৰ ৰছিদৰ

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত বেডমিণ্টন কৰ্টত নতুন মেটৰ উদ্বোধন অসম বেডমিণ্টন সন্থাৰ সচিব ওমৰ ৰছিদৰ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত জৱাহৰলাল নেহৰু পৰ্ট অথৰিটিৰ অৰ্থ সাহাৰ্য্যৰে পাঁচখন বেডমিণ্টন কৰ্টত অত্যাধুনিক চিন্থেটিক মেট স্থাপন কৰা হয়। এই আন্তঃ গাঁথনি উন্নয়ন আৰু চিন্থেটিক মেট স্থাপনৰ আনুষ্ঠানিক ভাৱে আজি উদ্বোধন কৰে অসম বেডমিণ্টন সন্থাৰ সচিব তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ ( বাই ) উপ সভাপতি ওমৰ ৰছিদে। উল্লেখযোগ্য যে, জৱাহৰলাল নেহৰু পৰ্ট অথৰিটিয়ে এই আন্তঃ গাঁথনি উন্নয়নৰ বাবে জিলা ক্ৰীড়া সন্থাক ১৯ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অসম বেডমিণ্টন সন্থাৰ সচিব ওমৰ ৰছিদে কয় যে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই ক্ৰীড়া প্ৰতিভাৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰি আহিছে। জিলা ক্ৰীড়া সন্থাই কেইবাগৰাকী আন্তঃ ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ উলিয়াবলৈ সক্ষম হৈছে। তাৰ বাবে ৰছিদে জিলা ক্ৰীড়া সন্থাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কণ কণ খেলুৱৈ সকলক সন্থাই প্ৰদান কৰা এই সুবিধা গ্ৰহণ কৰি নিজৰ একাগ্ৰতা পৰিশ্ৰমৰ যোগেদি উচ্চ শিখৰত উপনীত হবলৈ আহ্বান জনায়। তেখেতে ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতি ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। চলিত মাহৰ শেষৰ ফালে ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া আন্তঃ জিলা বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খেলুৱৈ সকলক নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁ আৰু কয় যে পোনপ্ৰথমবাৰৰ বাবে অসমত বেডমিণ্টনৰ পইণ্ট ১৫ লৈ হ্ৰাস কৰা হৈছে। ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া আন্তঃ জিলা বেডমিণ্টন চেম্পিয়নশ্বিপত খেল সমূহ ১৫ পইণ্টৰ হ’ব। ভাৰতবৰ্ষতো এই নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব বুলি তেওঁ কয়। নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীয়ে কয় যে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই শেহতীয়াকৈ  ক্ৰীড়া আন্তঃ গাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰশংসনীয় কাম কাজ কৰিছে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। খেলুৱৈ সকলক এই সুবিধা গ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াই নিজৰ ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াই। অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত, কোষাধ্যক্ষ প্ৰণৱ সোনোৱাল, উপ সভাপতি সঞ্জয় জৈন, আন্তঃ ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ ঈশা ৰাণী বৰুৱাৰ পিতৃ মূলেশ্বৰ বৰুৱা, জিলা ক্ৰীড়া সন্থাৰ বেডমিণ্টন বিভাগৰ সম্পাদক সুনীল গগৈ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। এই অনুষ্ঠানতে মুলেশ্বৰ বৰুৱা আৰু আন এগৰাকী আন্তঃ ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ নিংশি ব্লক হাজৰিকাৰ মাতৃ লতা বৰুৱা হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়।