সাহসী প্ৰতিবাদৰ গান – ৰুমী কলিতা দত্ত

Pc Mahabahu.com

সাহসী প্ৰতিবাদৰ গান

ৰুমী কলিতা দত্ত
২ নং কেন্দুগুৰি,ডিব্ৰুগড়

তুমিয়েই নহয়জানো সাহসী প্ৰতিবাদৰ
এটি চিৰপৰিচিত চিৰন্তন গান,
যাচি দিয়া অন্যায়ৰ বিৰুদ্ধে থিয় হ’বলৈ
কোটি কোটি ডেকা-গাভৰুক প্ৰাণ।
গছৰ আঁৰে আঁৰে তুমি
নাহৰৰ পাতে পাতে তুমি,
প্ৰকৃতিৰ বুকুত বাজি উঠা
প্ৰতিটো নতুন পুৱাৰ সুৰতে তুমি।
আৰু সুৰৰ বাটে বাটে তুমি
লৈ আনা বসন্তৰ মাদকতা,
তুমি আছা মোৰ অন্তৰৰ কোঁহে কোঁহে
হৈ এক অবুজ ব্যাকুলতা।
লুইতৰ দৰে চঞ্চল তোমাৰ গতি
বুকুত ধৰিছা অসমী আইৰ আৱেগ,
দুখবোৰকো তুমি গান কৰি গালা
সলাই পেলালা এই সমাজৰ বেগ।
তুমি হৃদয়ৰ এক মুক্ত আকাশ
য’ত উৰে সপোনৰ হাজাৰ পখী,
প্ৰতিটো ক্ষণতে তোমাৰ কণ্ঠে ক’লে
অসমীয়াৰ স্বাভিমানৰ সঁচা সাক্ষী।
তুমি গান, তুমি সাহসৰ ঠিকনা
যুগে যুগে ৰ’ব তোমাৰ এই নাম;
হে যাযাবৰ, হে মহান শিল্পী
তোমাক জনালোঁ কোটি কোটি প্ৰণাম।