গুৱাহাটী-তেজপুৰ চাৰিলেনযুক্ত পথলৈ ৮,৯৭০ কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ

Pc India Today

গুৱাহাটী-তেজপুৰ চাৰিলেনযুক্ত পথলৈ ৮,৯৭০ কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি উন্নয়নত ঐতিহাসিক পদক্ষেপ গ্রহণ কৰি বৃহস্পতিবাৰে  কেন্দ্রীয় কেবিনেটে অসমৰ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বৃহৎ পুঁজিৰ আবণ্টন দিয়ে।। প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা সম্পর্কীয় কেবিনেট কমিটীয়ে ৰাজ্যৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩৫.৮৭১ (মঙলদৈ বাইপাছৰ ১৫.১১ কিঃ মিঃ বাদ দি কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত, প্ৰৱেশ নিয়ন্ত্ৰিত কৰিড’ৰটো নিৰ্মাণৰ প্ৰস্তাৱত আনুষ্ঠানিকভাবে অনুমোদন জনায়। ৰাষ্ট্ৰীয় ঘাইপথ আঁচনিৰ অধীনত ‘বিল্ট-অপাৰেট-ট্রান্সফাৰ’ টোল ব্যৱস্থাৰ অধীনত ৮,৯৭০.২০ কোটি টকাৰ মুঠ মূলধনী ব্যয়েৰে এই মেগা প্রকল্প ৰূপায়ণ কৰা হ’ব বুলি চৰকাৰী বিবৃতিত প্রকাশ কৰা হৈছে। প্রকল্পটোৱে ব্রহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বিদ্যমান ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যান-জটৰ সমস্যা হ্রাস কৰিব বুলি আশা ব্যক্ত কৰা হৈছে। লক্ষণীয়ভাবে প্ৰস্তাৱিত প্রকল্পটোত ভাৰতীয় বায়ুসেনাৰ সৈতে আলোচনামর্মে তেজপুৰ বাইপাছত ৪.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণ সুবিধা (ইএলএফ) নির্মাণৰো পৰিকল্পনা কৰা হৈছে। এই কৰিড’ৰটোৰ অধীনত মুঠ ৫৮.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫টা মুখ্য বাইপাছ নিৰ্মাণ কৰা হ’ব, যিয়ে বাইহাটা চাৰিআলি, ছিপাঝাৰ, খাৰুপেটীয়া, ঢেকীয়াজুলি আৰু তেজপুৰৰ দৰে জনবহুল অঞ্চলসমূহত যান-জটৰ সমস্যা হ্রাস কৰিব। প্রৱেশ নিয়ন্ত্রিত ঘাইপথ হোৱাৰ বাবে যান-বাহনৰ সুবিধাজনক যাতায়াত সুনিশ্চত কৰিবলৈ ইয়াত ১৫খন বৃহৎ দলং, ৩০খন সৰু দলং, ১৯খন উৰণ সেতু, ৪৬টা আণ্ডাৰপাছ আৰু ২১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছাৰ্ভিচ ৰোড নিৰ্মাণ কৰাৰ উপৰি তেজপুৰ বাইপাছত এটা হাতী অহা-যোৱা কৰিব পৰা আণ্ডাৰপাছ থাকিব। কোৱা হৈছে যে এই কৰিড’ৰ নিৰ্মাণৰ ফলত বাহনৰ গড় গতি প্রায় ১০০ শতাংশ বৃদ্ধিপাব আৰু ভ্ৰমণৰ সময় আধা হ’ব। লগতে ই পথ সুৰক্ষা উন্নত কৰিব, ইন্ধনৰ অপচয় ৰোধ কৰিব আৰু বাহন চলোৱাৰ ব্যয় হ্রাস কৰি অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত বিশেষ বৰঙণি যোগাব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। প্রকল্পটোৱে অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ অর্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্রসমূহক সংযোগ কৰিব। এই উন্নত কৰিড’ৰে পিএম গতিশক্তিৰ ৮টা ঔদ্যোগিক পার্ক, দৰং আৰু ওদালগুৰি জিলাৰ সামাজিক কেন্দ্র, কামাখ্যা মন্দিৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ৩টা পর্যটন কেন্দ্র, ৩টা প্রধান ৰে’ল ষ্টেচন, ২টা বিমানবন্দৰ আৰু ২টা জলপথ টার্মিনেলসহ ৭টা লজিষ্টিক পইণ্টৰ যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিব বুলিও আশা ব্যক্ত কৰা হৈছে। ইপিনে কেন্দ্রীয় কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে অসমবাসীৰ হৈ প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় কেবিনেটক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই সিদ্ধান্তক অসমৰ আন্তঃগাঁথনি বিকাশৰ এক ৰূপান্তৰকাৰী মাইলৰ খুঁটি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিড’ৰে ভ্ৰমণৰ সময় আধা কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যোগাযোগ ব্যৱস্থা আৰু অর্থনৈতিক কার্যকলাপত ব্যাপক গতি প্রদান কৰিব। ইয়াক এক বৃহৎ দৃশ্যপটৰ অংশ হিচাপে চোৱাটো প্রয়োজন। প্রধানমন্ত্রী মোদীয়ে ধাৰাবাহিকভাবে কাজিৰঙা এলেভেটেড কৰিড’ৰ, গুৱাহাটী ৰিং ৰোড, শিলচৰ এক্সপ্ৰেছরে’ আৰু গহপুৰ-নুমলীগড় সংযোগী ব্রহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া সুৰংগ আদিকে ধৰি কেইবাটাও কৌশলগত আন্তঃগাঁথনিমূলক প্ৰকল্পৰ মাধ্যমেৰে অসমৰ বিকাশ যাত্ৰাক নেতৃত্ব প্রদান কৰি আহিছে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, এইবোৰ বিচ্ছিন্ন বিনিয়োগ নহয়, বৰঞ্চ অসমজুৰি বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ এক স্পষ্ট ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ অংশ মাত্র। এই সিদ্ধান্তই পুনৰ প্ৰমাণ কৰিলে যে অসমৰ আন্তঃগাঁথনিৰ ৰূপান্তৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবাঢ়িছে আৰু ইয়াৰ শ্ৰেষ্ঠ পর্যায় এতিয়াও চাবলগীয়া আছে। কেন্দ্ৰীয় কেবিনেটৰ উক্ত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম ‘এক্স’ত এক বার্তাযোগে কয় যে এই প্রকল্পই অসমৰ যোগাযোগ ব্যৱস্থা আৰু সামগ্রিক বিকাশত এক বৃহৎ উদ্দীপনা যোগাব। এই প্রকল্পটোৱে ভ্ৰমণৰ সময় হ্রাস কৰাৰ লগতে পথ সুৰক্ষা উন্নত কৰিব আৰু বিভিন্ন স্থানত মুখ্য বাইপাছসমূহৰ জৰিয়তে যান-জটৰ সমস্যা লাঘৱ কৰিব। ইয়াত তেজপুৰত জৰুৰীকালীন অৱতৰণ সুবিধাৰ লগতে দলং, উৰণ সেতু, আণ্ডাৰপাছ আৰু ছাৰ্ভিচ ৰোডো অন্তর্ভুক্ত থাকিব। এই কৰিড’ৰে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সযোগে আশা ব্যক্ত কৰে।