নিজৰ টকাৰে বান সাহায্য দিয়কঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- উজনিৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে সাহায্যৰ নামত বিভিন্ন সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে বাটে-পথে পুঁজি সংগ্ৰহ কৰাৰ বিষয়টোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বাটে-ঘাটে বান সাহায্য সংগ্ৰহৰ বিষয়টোত আৰক্ষীক নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে । বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা- য’তে-ত’তে বাকচ লৈ ৰাজপথত ধন উঠাব নোৱাৰিব কোনেও। একাংশ অখ্যাত সংগঠনৰ কাৰ্যকলাপক লৈ ক্ষুব্ধ হৈ পৰা মুখ্যমন্ত্ৰীয়ে কয়- বানৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে ৰাস্তাই-ঘাটে বাকচ লৈ পইচা তোলা হৈছে। বেলেগৰ পৰা পইচা লৈ আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে যদি সামর্থ্য, তেন্তে সাহায্য দিব লাগে। আপুনি যদি মোৰ টকা লৈ আপোনাৰ বেনাৰৰ নামত সাহায্য দিয়ে, তেন্তে সেই সাহায্য প্রদান মোৰ নহ’ব। মই দেখিছোঁ যে বহুতে বাকচ লৈ, স্কেনাৰ লৈ ধন তুলি আছে। তাৰ মানে সেয়া নিজৰ পইচাৰে বান সাহায্য দিয়া হোৱা নাই। আনৰ পইচাৰে বান সাহায্য দিছে। সেয়া মোৰ বোধেৰে বান সাহায্য নহয়। আমি আৰক্ষীকো নির্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান-পোহাৰ, সাধাৰণ নাগৰিকৰ পৰা বলপূর্বকভাৱে ক’তো বান সাহায্য তোলা নহয়। কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। বানাক্রান্ত সকলো ঠাইত চৰকাৰে এতিয়া যাবলৈ সক্ষম হৈছে। প্রথম ৭ দিনত পৰিৱেশটো অলপ বেলেগ আছিল, চৰকাৰ সকলো স্থানলৈ যাব পৰা নাছিল। এতিয়া চৰকাৰ প্ৰতিটো স্থানলৈ যাব পাৰিছে আৰু ৰাইজেও প্রত্যক্ষভাৱে চৰকাৰৰ ওচৰত আহিব পাৰিছে। চৰকাৰৰ ফালৰ পৰা এতিয়া বানত আক্রান্ত অঞ্চলৰ জৰীপ চলাই চূড়ান্ত ক্ষয়-ক্ষতিৰ হিচাপ কৰা হ’ব। গতিকে যিয়ে নিজৰ ধনেৰে সাহায্য দিব খোজে, তেওঁক আমি আদৰণি জনাম। কিন্তু ১০জন লগ হৈ দোকানে দোকানে গৈ বান সাহায্য দিয়াৰ কোনো মিনিং নাই। এই কার্যই অসমৰ বদনাম আনিব। মই এটাই অনুৰোধ কৰিম ৰাইজক যে বান সাহায্য দিয়ক, কিন্তু নিজৰ ধনৰ পৰা দিয়ক। কিন্তু বেলেগৰ পৰা ধন তুলি সাহায্য দিলে মই নাভাবোঁ যে সেয়া বান সাহায্য হৈছে। চৰাইদেউ, শিৱসাগৰৰ ৰাইজেও এই কাৰ্যক ভাল নাপাব। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে লণ্ডন-আমেৰিকাত গৈ হাত পতাৰো প্ৰয়োজন নাই। কোনোবাই যদি অসমৰ বান দেখি দান কৰে, তেন্তে তাত আমাৰ আপত্তি নাই। কিন্তু খুজিব নালাগে। বাটে-পথে ধন তোলা কাৰ্য বন্ধ কৰাৰ বাবে আহ্বান জনোৱা হৈছে। গতিকে ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে। ৰাইজে সমর্থন কৰা মুখ্যমন্ত্রী এজনে আহ্বান জনাইছে। গতিকে ই আপোনা-আপুনি বন্ধ হৈ যাব। ইফালে শিৱসাগৰ, চৰাইদেউ জিলাত ৰাজ্য চৰকাৰে বানপীড়িতলৈ আগবঢ়োৱা ১৫ হাজাৰ টকা প্রকৃত বানপীড়িতই লাভ নকৰাৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- বানপীড়িতৰ বাবে ১৫ হাজাৰ টকাৰ যি সাহায্য আগবঢ়োৱা হৈছিল, ৰাইজে অভিযোগ কৰিছে যে বানে আক্রান্ত নকৰা ব্যক্তিয়েও এই ধন লাভ কৰিছে আৰু বানে আক্রান্ত কৰা ব্যক্তিয়েও এই ধন লাভ কৰা নাই। মই ৰাইজক এটাই অনুৰোধ কৰিম যে চৰকাৰৰ পুঁজি যাতে বন্যার্ত ৰাইজৰ মাজলৈহে যায়, সেইবাবে বানে আক্রান্ত নকৰা পৰিয়ালসমূহেও আমাক সহায় কৰিব লাগে। ভুলতো যদি বানে আক্রান্ত নকৰা পৰিয়ালে সাহায্যৰ ধন লাভ কৰিছে, তেওঁলোকে ক’ব লাগে যে মই বানত আক্রান্ত নহয়, এই পুঁজি মোৰ প্ৰতিৱেশীজনক দিয়ক। তেওঁৰ ক্ষতি বেছি হৈছে। অভিযোগ বিভিন্ন দিশৰ পৰা আহিছে। যিহেতু আমি আধাৰ নম্বৰ, ৰেচন কার্ড লোৱা নাই, গতিকে এই খেলিমেলিসমূহ কিছু থাকিবই। কিন্তু চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজে নিজে যদি আমাক সহায় কৰে, তেন্তে খেলিমেলিবোৰ নাথাকিব।
