মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ ১৭ গৰাকী ঠিকাদৰৰ মুঠ ৮,৫১,০০০ টকাৰ চেক প্ৰদান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ হাতত অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ বিধায়ক গৰাকীৰ জৰিয়তে খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাই প্ৰতি গৰাকীয়ে ৫০ হাজাৰ টকাকৈ মুঠ ১৭গৰাকী ঠিকাদাৰে চেক প্ৰদান কৰে।উল্লেখযোগ্য যে সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বৰবৰুৱাৰ কোটোহাটিস্থ বাসভৱনত অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাই চেক প্ৰদান কৰে। বিধায়ক চক্ৰধৰ গগৈয়ে উজনি অসমৰ তিনিখন জিলাৰ বানবিধ্বস্ত অঞ্চলৰ জনসাধাৰণৰ জীৱন সুৰক্ষা আৰু আন্ত:গাথনিৰ উন্নয়নৰ হকে খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ অৰ্থসাহাৰ্য্য চেক প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰে আৰু বানপীড়িত গ্ৰাম্যাঞ্চলৰ দুৰ্দশাগ্ৰস্ত বিপন্ন সময়ত খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাই লোৱা পদক্ষেপক মানৱ সেৱাৰ উৎকৃষ্ট মহানুভৱতা বুলি প্ৰকাশ কৰে।খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাৰ ১৭গৰাকী ঠিকাদাৰে পঞ্চাশ হাজাৰকৈ মুঠ ৮,৫১,০০০ টকাৰ চেক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ বিধায়ক চক্ৰধৰ গগৈৰ হাতত প্ৰদান কৰে।
