প্ৰলয়ংকাৰী বানৰ মাজতে দয় কাও ৰং একাডেমীৰ ১৩ শিশু- সাহিত্যিকৰ দায়বদ্ধতা

প্ৰলয়ংকাৰী বানৰ মাজতে দয় কাও ৰং একাডেমীৰ ১৩ শিশু- সাহিত্যিকৰ দায়বদ্ধতা:: ১৪খন শিশু-উপন্যাসৰ প্ৰতীকী উন্মোচন- বানপীড়িতলৈ ১০ হাজাৰ অনুদান

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে দয়-কাও-ৰং একাডেমীয়ে সাহিত্য আৰু সমাজসেৱাৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰে। একাডেমীয়ে পূৰ্বনিৰ্ধাৰিত আড়ম্বৰপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠান বাতিল কৰি ডিব্ৰুগড়ৰ নগাখেলিয়াস্থিত ‘দয়-কাও-ৰং পথ-পুথিভঁৰাল’ৰ সমীপত এক অনাড়ম্বৰ পৰিৱেশত ১৩ গৰাকী শিশু-সাহিত্যিকৰ ১৪খন শিশু-উপন্যাসৰ প্ৰতীকী উন্মোচন সম্পন্ন কৰে। উন্মোচিত উপন্যাসসমূহ হ’ল — ইমন বেজবৰুৱাৰ ‘সাঁচিপতীয়া পুথিৰ ৰহস্যৰ পম খেদি’, কলচুম বিবিৰ ‘ৰৈ ৰৈ উৰিবি অ’ চিত পখিলী’, কাকলি নেওগৰ ‘নতুন দিনৰ জলমল পৃথিৱী’, কুইলিন কাকতিৰ ‘অমনৰ অসম ভ্ৰমণ’, গায়ত্ৰী গগৈৰ ‘সপোন দেখোঁ আহাঁ’, মন্দিৰা চুতীয়াৰ ‘এন্ধাৰ আঁতৰি যায়’ আৰু ‘ঋষিৰ ডিবৰু ভ্ৰমণ’, মীনাক্ষী বৰাৰ ‘মনোমোহা গহপুৰ ৰূপে-গুণে ভৰপূৰ’, মৌচুমী নেওগৰ ‘প্ৰতীতি’, মৌচুমী বৰঠাকুৰৰ ‘জোন আৰু জিলমিলৰ তেজপুৰ দৰ্শন’, ৰাজুৰাণী শইকীয়াৰ ‘পোহৰৰে চাকিগছি আমি জ্বলামেই এদিন জ্বলাম’, ৰীতা কোঁৱৰৰ ‘জুম্বা’, সংগীতা পাৱে মৰাঙৰ ‘বঢ়াৰ পো’ৰ দেশত জিকমিকৰ এদিন’ আৰু শান্তনা চেলেঙৰ ‘ৰূপালী দেশৰ সোণালী কথা’। উক্ত উপন্যাস কেইখন নীৰজ, ঋত আৱাহন, ভাস্কৰ, ডিম্পল, নয়ণমণি, ময়ূখ আদি স্থানীয় শিশু-কিশোৰসকলে প্ৰতীকীভাৱে উন্মোচন কৰে। উল্লেখ্য যে, ২৫ জুলাইত ডিব্ৰুগড়ত এই গ্ৰন্থসমূহৰ উন্মোচনী সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ভয়াবহ বান পৰিস্থিতিৰ বাবে অনুষ্ঠানটো বাতিল কৰা হয়। ইয়াৰ পৰিৱৰ্তে আয়োজক সকলে অনাড়ম্বৰ আৰু প্ৰতীকী উন্মোচনৰ সিদ্ধান্ত গ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও অসমৰ বিভিন্ন প্ৰান্তৰ শিশু সাহিত্যিক সকলে ৰাজ্যখনৰ একাংশ লেখকৰ দ্বাৰা গঠিত “যাত্ৰা” হোৱাটছএপ গোটৰ জৰিয়তে বানপীড়িতসকলৰ বাবে ১০ হাজাৰ টকাৰ অনুদান আগবঢ়ায়। সাহিত্যচৰ্চাৰ সমান্তৰালভাৱে সামাজিক দায়বদ্ধতাৰ এই নিৰ্দশনে বহুতৰে দৃষ্টি আকৰ্ষণ কৰে। দয়-কাও-ৰং একাডেমীৰ সঞ্চালক টুনুজ্যোতি গগৈয়ে কয় যে প্ৰাকৃতিক বা সামাজিক সংকটৰ সময়ত সাহিত্যিক সকলৰ ভূমিকা কেৱল সৃষ্টিশীলতাৰ মাজতে আবদ্ধ হৈ নাথাকে; আৰ্তজনৰ কাষত থিয় হোৱাটোও তেওঁলোকৰ এক নৈতিক দায়িত্ব । তেওঁ লগতে কয় যে এই ১৪খন শিশু-উপন্যাস একাডেমিৰ উদ্যোগত আয়োজিত শিশু-সাহিত্য কৰ্মশালাৰ ফচল৷ অনুষ্ঠানত দয়-কাও-ৰং পথ-পুথিভঁৰালৰ নিয়মীয়া পাঠক-পাঠিকাৰ লগতে মোহনাঘাট অঞ্চলৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।