চফটৱেৰ কেৰিয়াৰত প্ৰৱেশৰ বিভিন্ন বিকল্প
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
এজন শিক্ষাৰ্থীৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে সঠিক কেৰিয়াৰ বাছনি কৰা। কিন্তু সঠিক তথ্যৰ অভাৱত বহু শিক্ষাৰ্থী আৰু অভিভাৱক বিভ্ৰান্তিৰ সন্মুখীন হয়। এই কথা উপলব্ধি কৰি আমি ২০০৫ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন (৯৪৩৫১৮৮৬৩০) যোগে সম্পূৰ্ণ বিনামূলীয়াকৈ কেৰিয়াৰ পৰামৰ্শ আগবঢ়াই আহিছো। এই যাত্ৰাৰ সময়ছোৱাত ২০০খনতকৈ অধিক কেৰিয়াৰ কৰ্মশালা, আলোচনা সভা আৰু সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছো আৰু ১৫০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক ৱেবিনাৰত সমল ব্যক্তি হিচাপে মত বিনিময় কৰিছো। ইয়াৰ উপৰিও অসমৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান আৰু সংগঠনৰ ৰূপালী, সোণালী আৰু হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ আৰু বাৰ্ষিক আলোচনীত নিয়মীয়াকৈ কেৰিয়াৰ বিষয়ক প্ৰবন্ধ লিখি আহিছো। ইয়াৰ লগতে অসমৰ বিভিন্ন আলোচনী আৰু সংবাদপত্ৰতো আমাৰ কেৰিয়াৰ বিষয়ক লেখা প্ৰকাশ পাই আহিছে। এই দীঘলীয়া প্ৰচেষ্টাৰ একমাত্ৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলক সঠিক, নিৰ্ভৰযোগ্য আৰু সময়োপযোগী কেৰিয়াৰৰ তথ্য প্ৰদান কৰা।
পৰামৰ্শদানৰ সময়ত সঘনাই সোধা প্ৰশ্নবোৰৰ ভিতৰত এটা হ’ল—কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিঙত বি.ই. বা বি.টেক. পঢ়া-শুনা নকৰাকৈ চফটৱেৰ খণ্ডত কেৰিয়াৰ গঢ়িব পাৰিনে? ইয়াৰ উত্তৰ হৈছে – নিশ্চয় পাৰি।
বহু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিশ্বাস কৰে যে চফটৱেৰ উদ্যোগত সফল কেৰিয়াৰ গঢ়ি তোলাৰ একমাত্ৰ উপায় হ’ল কম্পিউটাৰ চাইন্স বা কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰা। এই ডিগ্ৰীসমূহে নিশ্চিতভাৱে এক শক্তিশালী শৈক্ষিক ভেটি প্ৰদান কৰে যদিও চফটৱেৰ বৃত্তিটোৰ একমাত্ৰ পথ নহয়। আজিৰ প্ৰযুক্তি চালিত পৃথিৱীখনত চফটৱেৰ উদ্যোগে কেৱল ডিগ্ৰীৰ উপাধিতকৈ জ্ঞান, ব্যৱহাৰিক দক্ষতা, সৃষ্টিশীলতা আৰু নিৰন্তৰ শিক্ষণক অধিক মূল্য দিয়ে।
বৰ্তমান বিশ্বৰ প্ৰায় প্ৰতিটো খণ্ডতে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। বেংকিং, স্বাস্থ্যসেৱা, শিক্ষা, কৃষি, উৎপাদন উদ্যোগ, পৰিবহণ, বাণিজ্য, চৰকাৰী সেৱা ,ই-কমাৰ্চ আদিৰ দৰে ক্ষেত্ৰত চফটৱেৰ ভিত্তিক সমাধান অপৰিহাৰ্য হৈ পৰিছে। ফলস্বৰূপে চফটৱেৰ ডেভেলপমেণ্ট, ৱেব ডেভেলপমেণ্ট, মোবাইল এপ ডেভেলপমেণ্ট, আৰ্টিফিচিয়েল ইনটেলিজেন্স (এআই), মেচিন লাৰ্নিং, ডাটা এনালাইটিক্স, চাইবাৰ ছিকিউৰিটি, ক্লাউড কম্পিউটিং, ডেভঅপছ , অটোমেচন আদি ক্ষেত্ৰত দক্ষ পেছাদাৰীৰ অভূতপূৰ্ব চাহিদা বৃদ্ধি পাইছে। নিয়োগকাৰী প্ৰতিষ্ঠানসমূহে এতিয়া কেৱল শৈক্ষিক অৰ্হতাকেই নহয়, প্ৰগ্ৰেমিং জ্ঞান, সমস্যা সমাধানৰ দক্ষতা, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰিক অভিজ্ঞতা আৰু নতুন প্ৰযুক্তি শিকাৰ সামৰ্থ্যকো সমান গুৰুত্ব দিয়ে।
এই পৰিৱৰ্তনে সকলো শৈক্ষিক পটভূমিৰ শিক্ষাৰ্থীৰ বাবে চফটৱেৰ উদ্যোগৰ দুৱাৰ মুকলি কৰি দিছে। বি.ই. বা বি.টেক (মেকানিকেল, চিভিল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, কেমিকেল, বায়’টেকন’লজি), বি.কম., বি.এ., বি.ডিজাইন, বি.এছ.চি., বি.বি.এ., বি.চি.এ., এম.বি.বি.এছ. , বি.ফাৰ্ম , বি.এছ.চি. নাৰ্ছিং, আয়ুৰ্বেদিক , হোমিঅ’পেথিক, পশু পালন আৰু পশু চিকিৎসাৰ , কৃষি , মীন , গাৰ্হস্থ্যবিজ্ঞান, ৰেচমবিদ্যা , উদ্যান শস্য স্নাতক, এম.চি.এ., এম.এছ.চি. , এম.বি.এ. আদি যিকোনো ডিগ্ৰী লাভ কৰি শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় কাৰিকৰী দক্ষতা আয়ত্ত কৰি চফটৱেৰ উদ্যোগত সফল কেৰিয়াৰ গঢ়িব পাৰে। উদাহৰণস্বৰূপে, এজন মেকানিকেল ইঞ্জিনিয়াৰে ইঞ্জিনিয়াৰিং চিমুলেচন চফটৱেৰত অৰিহণা যোগাব পাৰে, এজন কমাৰ্চ স্নাতকে বিত্তীয় প্ৰযুক্তি (ফিনটেক) এপ্লিকেচনত কাম কৰিব পাৰে, জীৱবিজ্ঞানৰ স্নাতক এজনে বায়’ইনফৰ্মেটিক্স চফটৱেৰ প্ৰস্তুত কৰাত সহায় কৰিব পাৰে আৰু এজন ডিজাইনাৰে ইউজাৰ ইণ্টাৰফেচ (ইউআই) আৰু ইউজাৰ এক্সপিৰিয়েন্স (ইউএক্স) ডিজাইনত বিশেষজ্ঞ হ’ব পাৰে। শিক্ষাৰ্থীসকলৰ সফলতাৰ মূল ভেটি হৈছে শিকিবলৈ আগ্ৰহ, নিয়মীয়া অনুশীলন, ব্যৱহাৰিক প্ৰকল্প, ইণ্টাৰ্নশ্বিপ আৰু আত্মউন্নয়নৰ অবিৰত প্ৰয়াস।
