নিৰ্মাণ উদ্যোগত দক্ষতা, প্ৰযুক্তি আৰু কেৰিয়াৰৰ পথ – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Indeed

নিৰ্মাণ উদ্যোগত দক্ষতা, প্ৰযুক্তি আৰু কেৰিয়াৰৰ পথ

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

আজিৰ বিশ্বত এখন দেশৰ উন্নয়নৰ মানদণ্ড কেৱল ইয়াৰ অৰ্থনীতি বা প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল নহয়; বৰঞ্চ শক্তিশালী আন্তঃগাঁথনি, উন্নত পৰিবহণ ব্যৱস্থা, আধুনিক চহৰ, মানসম্পন্ন গৃহ, উদ্যোগ আৰু জনসেৱাৰ সুবিধাৰ ওপৰত সমানে নিৰ্ভৰশীল। এই সকলোবোৰৰ আঁৰৰ মূল চালিকা শক্তি হৈছে নিৰ্মাণ উদ্যোগ। সেয়েহে এই উদ্যোগক এখন দেশৰ উন্নয়নৰ মেৰুদণ্ড বুলি কোৱা হয়। ই কেৱল ঘৰ, পথ, দলং বা অট্টালিকা নিৰ্মাণতে সীমাবদ্ধ নহয়; বৰঞ্চ অৰ্থনৈতিক বিকাশ, কৰ্মসংস্থান সৃষ্টি, উদ্যোগীকৰণ, নগৰায়ন আৰু সামাজিক অগ্ৰগতিৰ এক গুৰুত্বপূৰ্ণ ভিত্তি।

মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই মানুহে আশ্ৰয়, সুৰক্ষা আৰু জীৱন-জীৱিকাৰ প্ৰয়োজনত বিভিন্ন ধৰণৰ গৃহ আৰু গাঁথনি নিৰ্মাণ কৰি আহিছে। বিজ্ঞান, অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে এই ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদান কৰিছে। আজিৰ যুগত বহুমহলীয়া অট্টালিকা, এক্সপ্ৰেছৱে, মেট্ৰ’ ৰে’ল, বিমানবন্দৰ, জলবিদ্যুৎ প্ৰকল্প, আই টি পাৰ্ক, চিকিৎসালয়, শিক্ষানুষ্ঠান, স্মাৰ্ট চিটি আদি বৃহৎ প্ৰকল্পসমূহ আধুনিক নিৰ্মাণ প্ৰযুক্তিৰ উৎকৃষ্ট নিদৰ্শন। এই সকলো প্ৰকল্পৰ সফল ৰূপায়ণৰ আঁৰত আছে হাজাৰ হাজাৰ প্ৰশিক্ষিত পেছাদাৰী আৰু কাৰিকৰী কৰ্মী।

ভাৰতত দ্ৰুত নগৰায়ন, জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, গৃহ নিৰ্মাণ, পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণ আৰু চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ফলত নিৰ্মাণ উদ্যোগত অভূতপূৰ্ব কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। স্মাৰ্ট চিটি, সুলভ গৃহ নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ, মেট্ৰ’ ৰে’ল, ঔদ্যোগিক কৰিড’ৰ, নবীকৰণযোগ্য শক্তি প্ৰকল্প, নতুন শিক্ষানুষ্ঠান আৰু চিকিৎসালয়ৰ দৰে বৃহৎ প্ৰকল্পসমূহে প্ৰশিক্ষিত কৰ্মীৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি কৰিছে। ফলস্বৰূপে ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ, গধুৰ যন্ত্ৰপাতি অপাৰেটৰ, জৰীপকাৰী, পেইণ্টাৰ, টাইল ইনষ্টলাৰ , ইণ্টেৰিয়ৰ ফিনিচিং টেকনিচিয়ান আদি বহু বৃত্তিত নতুন সুযোগৰ সৃষ্টি হৈছে।

অসমতো যোৱা কিছু বছৰত পথ, দলং, চিকিৎসালয়, শিক্ষানুষ্ঠান, বিমানবন্দৰ, তেল আৰু গেছ উদ্যোগ, পৰ্যটনৰ আন্তঃগাঁথনি, আৱাসিক আৰু বাণিজ্যিক প্ৰকল্পকে ধৰি বিভিন্ন উন্নয়নমূলক কাম দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ ফলত ৰাজ্যত প্ৰশিক্ষিত নিৰ্মাণ কৰ্মীৰ চাহিদা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। আনহাতে বহু অসমীয়া যুৱকে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো এই উদ্যোগত সফল কেৰিয়াৰ গঢ়ি তুলিছে।

এটা সময়ত ডিগ্ৰীকেই সফলতাৰ একমাত্ৰ পথ বুলি ধৰা হৈছিল। কিন্তু বৰ্তমান নিয়োগকৰ্তাসকলে ডিগ্ৰীৰ লগতে ব্যৱহাৰিক দক্ষতা, কাৰিকৰী পাৰদৰ্শিতা, কৰ্মক্ষমতা আৰু সমস্যা সমাধানৰ ক্ষমতাক অধিক গুৰুত্ব দিয়ে। বিশেষকৈ নিৰ্মাণ উদ্যোগত এজন কৰ্মীয়ে সঠিকভাৱে জোখ-মাপ কৰিব পাৰিব লাগে, অংকন বুজিব লাগে, আধুনিক যন্ত্ৰপাতি দক্ষতাৰে ব্যৱহাৰ কৰিব পাৰিব লাগে, সুৰক্ষাৰ নিয়ম পালন কৰিব লাগে আৰু গুণগত মান বজাই ৰাখি সময়মতে কাম সম্পূৰ্ণ কৰিব লাগে। এই গুণসমূহেই সফলতাৰ মূল চাবিকাঠি।

নিৰ্মাণ উদ্যোগ হৈছে এক বহুমুখী আৰু সমন্বিত কৰ্মক্ষেত্ৰ। বহুতে ভাবে যে এই ক্ষেত্ৰত কেৱল ৰাজমিস্ত্ৰী বা কাঠমিস্ত্ৰীৰেই প্ৰয়োজন হয়। বাস্তৱত স্থপতিবিদ, অভিযন্তা, জৰীপকাৰী, বাৰ বেণ্ডাৰ, ৰাজমিস্ত্ৰী, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ, পেইণ্টাৰ, ইণ্টেৰিয়ৰ ফিনিচিং টেকনিচিয়ান, গুণগত মান পৰিদৰ্শক, ছাইট তত্ত্বাৱধায়ক, সুৰক্ষা তত্ত্বাৱধায়ক আদি বহু বিশেষজ্ঞই একেলগে কাম কৰি এটা প্ৰকল্প সফল কৰি তোলে। অৰ্থাৎ এই উদ্যোগ বহু দক্ষতা আৰু পেছাৰ সুসমন্বয়ে গঢ়ি উঠা এক বিস্তৃত কৰ্মক্ষেত্ৰ।

আধুনিক প্ৰযুক্তিৰ প্ৰসাৰে এই উদ্যোগত নতুন নতুন বৃত্তিৰো সৃষ্টি কৰিছে। অটোকেড, বিল্ডিং ইনফৰ্মেশ্যন মডেলিং (বিআইএম), ড্ৰ’ন জৰীপ, জিপিএছ মেপিং, ডিজিটেল জোখ-মাপ, ক্লাউড-ভিত্তিক চাইট ৰিপ’ৰ্ট, কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্স ,অটোমেচন আদিৰ ব্যৱহাৰে নিৰ্মাণ ব্যৱস্থাক অধিক সঠিক, দ্ৰুত আৰু কাৰ্যক্ষম কৰি তুলিছে। ইয়াৰ ফলত বিআইএম  টেকনিচিয়ান, ড্ৰ’ন চাৰ্ভে অপাৰেটৰ, গ্ৰীণ বিল্ডিং স্পেচিয়েলিষ্ট, স্মাৰ্ট কনষ্ট্ৰাকচন ইকুইপমেণ্ট অপাৰেটৰ, বিল্ডিং অটোমেচন টেকনিচিয়ান আদি নতুন বৃত্তিৰো চাহিদা বৃদ্ধি পাইছে।

এই ক্ষেত্ৰখনত প্ৰৱেশৰ পথো বহুমুখী। অষ্টম বা দশম শ্ৰেণীৰ পাছত আই টি আই, দশম শ্ৰেণীৰ পাছত পলিটেকনিক ডিপ্লমা, এপ্ৰেণ্টিছশ্বিপ, দক্ষতা বিকাশ কেন্দ্ৰ অথবা হ্ৰস্বম্যাদী কাৰিকৰী প্ৰশিক্ষণৰ জৰিয়তে নিৰ্মাণ উদ্যোগত প্ৰৱেশ কৰিব পাৰে। এই প্ৰশিক্ষণসমূহত তাত্ত্বিক শিক্ষাৰ লগতে হাতে-কলমে প্ৰশিক্ষণ দিয়া হয়, যাৰ ফলত শিক্ষাৰ্থীসকল সহজে কৰ্মক্ষেত্ৰৰ সৈতে খাপ খাব পাৰে আৰু নিয়োগৰ সম্ভাৱনাও বৃদ্ধি পায়।

কাৰিকৰী জ্ঞানৰ লগতে ব্যক্তিগত গুণো এই ক্ষেত্ৰত সমানেই গুৰুত্বপূৰ্ণ। সময়ানুবৰ্তিতা, সততা, দায়িত্ববোধ, দলীয় মনোভাৱ, যোগাযোগ দক্ষতা, নেতৃত্বৰ গুণ আৰু নতুন প্ৰযুক্তি শিকাৰ আগ্ৰহ এজন সফল পেছাদাৰী কৰ্মীৰ অন্যতম বৈশিষ্ট্য। ইয়াৰ লগতে সুৰক্ষাৰ নিয়ম কঠোৰভাৱে পালন কৰাটো বাধ্যতামূলক। ছেফটি হেলমেট, ছেফটি শ্বু, ৰিফ্লেক্টিভ জেকেট, হেণ্ড গ্লভছ, ছেফটি গগলছ আৰু ফুল বডি হাৰ্নেছ আদি সুৰক্ষা সঁজুলিৰ নিয়মীয়া ব্যৱহাৰে দুৰ্ঘটনা হ্ৰাস কৰি কৰ্মীৰ জীৱন সুৰক্ষিত ৰাখে।

দৰমহা আৰু উপাৰ্জনৰ ক্ষেত্ৰতো এই উদ্যোগৰ যথেষ্ট সম্ভাৱনা আছে। উপাৰ্জন নিৰ্ভৰ কৰে শিক্ষাগত অৰ্হতা, কাৰিকৰী দক্ষতা, অভিজ্ঞতা, কৰ্মক্ষেত্ৰ, প্ৰতিষ্ঠানৰ ধৰণ আৰু প্ৰকল্পৰ ওপৰত। আৰম্ভণিতে আয় তুলনামূলকভাৱে কম হ’লেও অভিজ্ঞতা আৰু বিশেষ পাৰদৰ্শিতা বৃদ্ধিৰ লগে লগে উপাৰ্জন যথেষ্ট বৃদ্ধি পায়। বিশেষকৈ ক্ৰেন অপাৰেটৰ, গধুৰ যন্ত্ৰপাতি অপাৰেটৰ, চাৰ্টিফাইড ৱেল্ডাৰ, এলুমিনিয়াম ফেব্ৰিকেটৰ, ইণ্টেৰিয়ৰ ফিনিচিং বিশেষজ্ঞ, গুণগত মান পৰিদৰ্শক আৰু ছাইট ছুপাৰভাইজাৰে অধিক উপাৰ্জনৰ সুযোগ লাভ কৰে।

দেশীয় কৰ্মসংস্থাপনৰ লগতে বিদেশতো ভাৰতীয় নিৰ্মাণ কৰ্মীৰ যথেষ্ট সুনাম আছে। ইউ এ ই, চৌদি আৰব, কাটাৰ, ওমান, কুৱেইট, বাহৰেইন, ছিংগাপুৰ, মালয়েছিয়া, জাপান, জাৰ্মানী, অষ্ট্ৰেলিয়া আৰু কানাডা আদি দেশত দক্ষ ভাৰতীয় কৰ্মীৰ চাহিদা অব্যাহত আছে। স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ, কৰ্ম অভিজ্ঞতা, আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মানদণ্ডৰ জ্ঞান, ইংৰাজী বা সংশ্লিষ্ট দেশৰ ভাষাৰ মৌলিক জ্ঞান আৰু পেছাদাৰী অনুশাসনে বিদেশত সফল কেৰিয়াৰ গঢ়ি তোলাত সহায় কৰে।

এই উদ্যোগৰ আন এক উল্লেখযোগ্য সুবিধা হৈছে আত্মনিয়োগৰ অপৰিসীম সম্ভাৱনা। অভিজ্ঞতা লাভ কৰাৰ পিছত বহুতে ঠিকাদাৰী, প্লাম্বিং, বৈদ্যুতিক সেৱা, পেইণ্টিং, টাইল ইনষ্টলেচন, এলুমিনিয়াম আৰু গ্লাছ ফেব্ৰিকেশন, অভ্যন্তৰীণ সজ্জা, বিল্ডিং মেৰামতি আৰু ৰক্ষণাবেক্ষণ, জৰীপ পৰামৰ্শ আৰু নিৰ্মাণ সঁজুলি ভাড়া সেৱাৰ দৰে ব্যৱসায় আৰম্ভ কৰি সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। তুলনামূলকভাৱে কম মূলধনেৰে আৰম্ভ কৰা এনে ব্যৱসায়সমূহেও মানসম্পন্ন সেৱা, সময়মতে কাম সম্পূৰ্ণ কৰা আৰু গ্ৰাহকৰ বিশ্বাস অটুট ৰাখিলে বৃহৎ প্ৰতিষ্ঠানলৈ পৰিণত হ’ব পাৰে।

এই ক্ষেত্ৰত সফল হ’বলৈ শিক্ষাৰ্থীসকলে আৰম্ভণিৰে পৰাই নিজৰ আগ্ৰহ আৰু সামৰ্থ্য অনুসৰি বৃত্তি বাছনি কৰা, স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা প্ৰশিক্ষণ লাভ কৰা, এপ্ৰেণ্টিছশ্বিপৰ জৰিয়তে ব্যৱহাৰিক অভিজ্ঞতা আহৰণ কৰা, ইংৰাজী আৰু ডিজিটেল দক্ষতা বৃদ্ধি কৰা, নতুন প্ৰযুক্তিৰ সৈতে নিজকে সদায় আপডেট ৰখা আৰু পেছাদাৰী সততা বজাই ৰখাৰ ওপৰত গুৰুত্ব দিব লাগে।

সামগ্ৰিকভাৱে নিৰ্মাণ উদ্যোগ কেৱল এক কৰ্মক্ষেত্ৰ নহয়; ই এখন দেশৰ উন্নয়ন, দক্ষ জনবল গঢ়ি তোলা আৰু যুৱসমাজৰ আত্মনিৰ্ভৰশীলতা নিশ্চিত কৰাৰ অন্যতম ভিত্তি। ব্যৱহাৰিক জ্ঞান, পেছাদাৰী সততা, সুৰক্ষা-সচেতনতা আৰু নতুন প্ৰযুক্তি গ্ৰহণ কৰাৰ মানসিকতা থাকিলে এই খণ্ডত দেশ-বিদেশ উভয়তে সন্মানীয় চাকৰি, সফল উদ্যোগ আৰু উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিব পাৰি। নিৰ্মাণ উদ্যোগে কেৱল ইটা, চিমেণ্ট আৰু গাঁথনি নিৰ্মাণ নকৰে; ই এখন শক্তিশালী অৰ্থনীতি, উন্নত সমাজ আৰু সমৃদ্ধিশালী জাতিৰ ভৱিষ্যৎও গঢ়ি তোলে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।