ডিব্ৰুগড়ত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী  বিশ্বজিৎ দৈমাৰী শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন

ডিব্ৰুগড়ত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী  বিশ্বজিৎ দৈমাৰী শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ  ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ডিব্ৰুগড়ত আজি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনত অনুষ্ঠিত এখন সভাত মন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ পাঠ্যক্ৰম, অন্তঃগাঁথনি আৰু বিভিন্ন সমস্যাৰাজিৰ বিষয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ লগত আলোচনা কৰে। বিশ্ববিদ্যালয়খনে দীৰ্ঘদিনৰ পৰা আবেদন কৰি অহা বিভিন্ন সমস্যা যেনে-শিক্ষক নিযুক্তি, বিষয়া, কৰ্মচাৰী নিযুক্তি আদি সম্পৰ্কীয় কাম বিলাক অতি শীঘ্ৰে কৰিবলৈ মন্ত্ৰীগৰাকীয়ে ক্ৰীড়া বিভাগৰ বিশেষ সচিবক নিৰ্দেশনা দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হৈ অহা অন্যান্য সমস্যাৰাজিৰ বিষয়ে লগতে বিশ্ববিদ্যালয়খনৰ উন্নতিৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ লগতো আলোচনা কৰিব বুলি তেখেতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰতিশ্ৰুতি প্ৰদান কৰে। আলোচনাৰ সময়ত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য হীৰেন্দ্ৰ নাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰকে প্ৰমুখ্য কৰি বহুতো বিষয়া কৰ্মচাৰী উপস্থিত থাকে।বিশ্ববিদ্যালয়খনৰ উন্নতিৰ বাবে এইবাৰ দৃঢ়ভাবে পদক্ষেপ গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনক উন্নতিৰ দিশত আগবঢ়াই নিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰে।