ৰিদীপৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী

ৰিদীপৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- প্রলয়ংকৰী বানপানীত নিজৰ পোহনীয়া কুকুৰক বছাবলৈ গৈ মৃত্যু হোৱা ৰিদিপ পানিকা নামৰ কিশোৰটিৰ বাসগৃহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পৰিয়ালটোক সাক্ষাৎ কৰে। উল্লেখ্য যে ১৯ জুলাইত আকস্মিকভাৱে অহা চুনামি সদৃশ বানপানীত নাজিৰাৰ বামুন পুখুৰী গাঁৱৰ নিবাসী দিপক পানিকা আৰু ভাৰতী পানিকাৰৰ একমাত্র পুত্র তথা সপ্তম শ্ৰেণীৰ ১৩ বছৰীয়া ৰিদিপ পানিকাৰে নিজৰ মৰমৰ পোহনীয়া কুকুৰ বৰুণক বচাবলৈ গৈ চিৰদিনলৈ বিদায় লৈছিল। একমাত্র পুত্ৰক হেৰুৱাই এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা দীপক পানিকা আৰু পাৰ্বতী পানিকাৰ। মুখ্যমন্ত্রীক সন্মুখতে পাই তেওঁৰ বুকুত মূৰ গুঁজি হুকহুকাই কান্দি উঠিল ৰিদীপৰ মাতৃয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুর্ভগীয়া শোকাকুল পৰিয়ালটোৰ ঘৰলৈ গৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে কিছু সময় কটাই একপ্ৰকাৰ আৱেগিক হৈ পৰা দেখা গ’ল।

মুখ্যমন্ত্ৰীয়েও বৰুণক কোলাত তুলি আলফুলে যাচিলে মৰম। সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে লিখিলে- নাজিৰাৰ শিশুটিৰ মৰমৰ কুকুৰটোক কোলাত তুলি লোৱা মুহূৰ্তটোত মনটো সঁচাকৈ ভাৰাক্ৰান্ত হৈ পৰিল। বানৰ সোঁতত নিজৰ বিপদক আওকাণ কৰি প্ৰাণৰ তাড়নাত কক্‌কাই থকা মৰমৰ পোহনীয়া কুকুৰটোৰ জীৱন ৰক্ষা কৰি প্ৰাণ হেৰুৱালে বামুণপুখুৰীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰিদীপ পানিকাই। আজি এই ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ হৃদয় ভাগি পৰিল। এটি কণমানিৰ জীৱৰ প্ৰতি ৰিদীপৰ সেই অকৃত্ৰিম মৰম আৰু ত্যাগে আমাক গভীৰভাৱে স্পৰ্শ কৰি আছে। আজি শোকসন্তপ্ত পিতৃ-মাতৃৰ সৈতে কিছু সময় অতিবাহিত কৰি তেওঁলোকৰ হাতত ৫ লাখ টকাৰ আর্থিক সাহায্য আগবঢ়ালোঁ। ৰিদীপৰ দৰে এটি নিষ্পাক শিশুৰ জীৱন হেৰাই যোৱাৰ দুখ কোনো সহায়ে পূৰণ কৰিব নোৱাৰে। তথাপি এই কঠিন সময়ত পৰিয়ালৰ কাষত অসম চৰকাৰ সদায় থাকিব। ৰিদীপৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে।