ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত স্মাৰক পত্ৰ সদৌ অসম ছাত্ৰ সন্থা গোটৰ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়া ভয়ংকৰ বানপানীৰ ফলত অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত সৃষ্টি হোৱা দুৰ্যোগে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন-জীৱিকাৰ লগতে বহু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন গভীৰ সংকটৰ মুখলৈ ঠেলি দিছে । বহু শিক্ষাৰ্থীয়ে ঘৰ-দুৱাৰ, খেতি-পথাৰ, জীৱিকাৰ উৎস আৰু প্ৰয়োজনীয় শিক্ষাগত নথি-পত্ৰ হেৰুৱাই অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। এনে পৰিস্থিতিত বানপীড়িত শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় “আছু”গোটে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জিতেন হাজৰিকাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।স্মাৰক পত্ৰত বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰবাস/ছাত্ৰীনিবাসত বিশেষ ভিত্তিত আসন প্ৰদান কৰাৰ ব্যৱস্থা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ বিভিন্ন অধ্যয়ন কেন্দ্ৰত নামভৰ্তিৰ মাচুল কমেও দুটা কিস্তিত পৰিশোধ কৰাৰ বিশেষ সুবিধা, বানপানীত ক্ষতিগ্ৰস্ত হোৱা বৰ্তমান আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ শিক্ষাগত নথি-পত্ৰ সম্পূৰ্ণ বিনামূল্যে পুনৰ প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা বা প’ৰ্টেল মুকলি কৰাৰ দাবী জনোৱা হয়। ইয়াৰোপৰি ৬ আগষ্ট, ২০২৬ তাৰিখৰ পৰা নিয়মীয়া পাঠ্যক্ৰম আৰু ১০ আগষ্ট, ২০২৬ তাৰিখৰ পৰা নতুন পাঠ্যক্ৰম আৰম্ভ হ’ব যদিও বহু বানপীড়িত শিক্ষাৰ্থীৰ ঘৰ-দুৱাৰ এতিয়াও পানীত আবদ্ধ হৈ থকাৰ লগতে বহু পৰিয়ালে আশ্ৰয় শিবিৰত বাস কৰিবলৈ বাধ্য হৈছে। সেয়েহে দুৰ্যোগজনিত কাৰণত যদি কোনো শিক্ষাৰ্থীয়ে নিৰ্ধাৰিত সময়ত বিশ্ববিদ্যালয়ত উপস্থিত হ’ব নোৱাৰে, তেন্তে তেওঁলোকৰ উপস্থিতি, নামভৰ্তি, শ্ৰেণীকোঠাৰ পাঠদান আৰু অন্যান্য শৈক্ষিক কাৰ্যসূচীৰ ক্ষেত্ৰত বিশেষ শিথিলতা প্ৰদান কৰিবলৈও বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনোৱা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে কয় যে, প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক জটিল পৰিস্থিতিৰ বাবে কোনো শিক্ষাৰ্থীৰ শিক্ষাজীৱন ব্যাহত হ’ব নালাগে। এনে সংকটৰ সময়ত শিক্ষানুষ্ঠানসমূহে মানৱীয় আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। সেয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানপীড়িত শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰি শীঘ্ৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি “আছু গোটে” আশা প্ৰকাশ কৰিছে ।
