নাগালেণ্ডত হোৱা খনন বন্ধ কৰিব নোৱাৰে অসম চৰকাৰেঃমুখ্যমন্ত্ৰী

নাগালেণ্ডত হোৱা খনন বন্ধ কৰিব নোৱাৰে অসম চৰকাৰেঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত কোনোধৰণৰ অবৈধ কয়লা খনন নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰৰ পাণবেচা অঞ্চলত বান পৰিস্থিতিৰ বুজ লৈ থকা সময়তে সংবাদ মাধ্যমে অবৈধ কয়লা খননৰ বিষয়টো উত্থাপন কৰা সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- নাগালেণ্ডৰ সীমান্তত যিমানবোৰ কয়লা খনি আছে বা শিলৰ কোৱেৰী আছে, এইবোৰত বহু স্থানীয় লোক জড়িত হৈ আছে। অসমৰ ভিতৰত কোনো অবৈধ খনন হোৱা নাই। এয়া আমাৰ শিল নহয়, নাগালেণ্ডৰ শিল খনন আমি বন্ধ কৰিব নোৱাৰোঁ। চৰকাৰে বিহুবৰত থকা ক্ৰেছাৰকেইটা বন্ধ কৰি দিব পাৰে, কিন্তু বিহুবৰত খনন কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আছে ৰাইজে। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে- মই ৰাইজক কৈছোঁ, আপোনালোকে এটা সিদ্ধান্ত দিয়ক। এগৰাকী যুৱতীয়ে খনন বন্ধ কৰিবলৈ কৈছে, আনসকল মহিলাই কৈছে, আমি কি খাম? কয়লা খনন বা শিল খনন এক বেলেগ দিশ। কিন্তু আমাৰ কাষত পাহাৰীয়া ৰাজ্য আছে গতিকে তাৰ পৰা পানী আহিলে বান হ’বই। উল্লেখ্য যে শেহতীয়াকৈ চৰাইদেউ আৰু শিৱসাগৰত হোৱা প্রলয়ংকৰী বান নাগালেণ্ডত হৈ থকা অবৈধ খননৰ বাবে হোৱা বুলি যথেষ্ট চর্চা চলিছে। বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে অসমত অবৈধ কয়লা কেতিয়াও খনন হোৱা নাই। নাগালেণ্ডত যদি খনন চলি আছে, সেয়া অসমে বন্ধ কৰিব নোৱাৰে। নাগালেণ্ডত এখন চৰকাৰ আছে, তেওঁলোকে কি নীতি ল’ব, কি নল’ব সেয়া কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে আমি নাগালেণ্ডৰ সৈতে কথা পাতিব লাগিব। মই অসমৰহে মুখ্যমন্ত্রী, নাগালেণ্ডত মোৰ মতে নচলে। কিন্তু এটা কথা স্পষ্ট যে অসমত কোনোধৰণৰ অবৈধ খনন নহয়। অৱশ্যে বানৰ পৰিৱেশ কিছু শাম কাটিলে প্রয়োজনত মই নিজে গৈয়ো নাগালেণ্ড চৰকাৰৰ সৈতে বিষয়টো সন্দৰ্ভত কথা পাতিব পাৰিম। মুখ্যমন্ত্ৰীয়ে কয়- প্রতিবছৰে বৰষুণ হৈ আছে। কিন্তু আগতে বান হোৱা নাই, এইবাৰ হৈছে, এই বিষয়ে ছেটেলাইট ডাটা আদি লৈ গোটেই বিষয়টো আইআইটি গুৱাহাটীৰ জৰিয়তে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। ৰাজনীতি কৰাসকলে ঘপককৈ ইয়াৰ উত্তৰ দিব নোৱাৰে। গতিকে বান পৰিস্থিতি শাম কটাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতি নাগালেণ্ডৰ লগত আলোচনা কৰিব লাগিব। নাগালেণ্ডতো বান হৈছে, গতিকে তেওঁলোকেও বিষয়টো অধ্যয়ন কৰা প্ৰয়োজন।