ডিজিটেল যুগত ৰেডিঅ’ৰ প্ৰাসংগিকতা আৰু ভৱিষ্যৎ
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ৰেডিঅ’ৰ প্ৰভাৱ অতি বিশাল। প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ এই যুগতো ৰেডিঅ’ই নিজৰ গুৰুত্ব হেৰুৱাই পেলোৱা নাই। বৰং সময়ৰ সৈতে নিজকে পৰিৱৰ্তন আৰু খাপ খুৱাই লৈ ৰেডিঅ’ আজি এক নতুন ৰূপত আমাৰ মাজত উপস্থিত হৈছে।
ৰেডিঅ’ আমাৰ বাবে কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়; ই তথ্য আৰু জ্ঞান আহৰণৰ এক গুৰুত্বপূৰ্ণ উৎস। সৰুৰে পৰা ৰেডিঅ’ৰ বিভিন্ন অনুষ্ঠান শুনি বহুতো নতুন কথা জানিবলৈ সক্ষম হৈছোঁ। বাতৰি, কৃষি, শিক্ষা, স্বাস্থ্য, বিজ্ঞান, সংস্কৃতি, ক্ৰীড়া আৰু কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন অনুষ্ঠানৰ জৰিয়তে ৰেডিঅ’ই জনসাধাৰণক জ্ঞান আৰু তথ্য প্ৰদান কৰি আহিছে।
বিশেষকৈ অসমৰ দৰে ৰাজ্যত, য’ত বহুতো অঞ্চল এতিয়াও ইণ্টাৰনেট আৰু অন্যান্য আধুনিক যোগাযোগ ব্যৱস্থাৰ সৈতে সম্পূৰ্ণৰূপে সংযুক্ত হোৱা নাই, তাত ৰেডিঅ’ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰাকৃতিক দুৰ্যোগ, বানপানী বা অন্যান্য জৰুৰী পৰিস্থিতিৰ সময়ত ৰেডিঅ’ই জনসাধাৰণক অতি প্ৰয়োজনীয় তথ্য আৰু সতৰ্কবাণী প্ৰদান কৰি আহিছে। কৃষকসকলক বতৰ, আধুনিক কৃষি পদ্ধতি, বজাৰ মূল্য আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাতো ৰেডিঅ’ৰ ভূমিকা উল্লেখযোগ্য।
ৰেডিঅ’ই কেৱল তথ্য প্ৰদান কৰাই নহয়, ই সমাজক সংযোগ কৰাৰ কামো কৰে। সংস্কৃতি, সাহিত্য, ভাষা আৰু পৰম্পৰাক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত ৰেডিঅ’ৰ অৱদান অনস্বীকাৰ্য। আমাৰ নিজৰ ভাষা আৰু সংস্কৃতিক জীয়াই ৰখা আৰু নতুন প্ৰজন্মৰ মাজত পৰিচিত কৰি তোলাতো ৰেডিঅ’ এক শক্তিশালী মাধ্যম।
আজি আমি ডিজিটেল যুগত বাস কৰিছোঁ। স্মাৰ্টফোন, ছ’চিয়েল মিডিয়া আদিৰ জনপ্ৰিয়তাৰ মাজতো ৰেডিঅ’ৰ প্ৰাসংগিকতা শেষ হোৱা নাই। কাৰণ ৰেডিঅ’ সহজলভ্য, তুলনামূলকভাৱে কম খৰচী আৰু বহু ক্ষেত্ৰত ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল নহয়। সেয়েহে ডিজিটেল বিভাজন থকা ক্ষেত্ৰসমূহতো ৰেডিঅ’ই তথ্য আৰু জ্ঞানৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে নিজৰ স্থান অব্যাহত ৰাখিছে।
আমি বিশ্বাস কৰোঁ, ভৱিষ্যতে কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ সৈতে ৰেডিঅ’ৰ এক নতুন যুগৰ আৰম্ভণি হ’ব পাৰে। এআই ব্যৱহাৰ কৰি শ্ৰোতাৰ আগ্ৰহ আৰু প্ৰয়োজন অনুসৰি অনুষ্ঠান প্ৰস্তুত কৰিব পৰা যাব। বিভিন্ন ভাষাত তথ্য অনুবাদ আৰু উপস্থাপন কৰা সহজ হ’ব। লগতে, অধিক ব্যক্তিকেন্দ্ৰিকভাৱে তথ্য প্ৰদান কৰাৰ সুযোগ সৃষ্টি হ’ব। এআইৰ সহায়ত দৃষ্টিহীন আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবেও ৰেডিঅ’ সেৱা অধিক সহজ, সুবিধাজনক আৰু অন্তৰ্ভুক্তিমূলক কৰি তুলিব পৰা যাব। কিন্তু এআইৰ যুগতো মানুহৰ সৃষ্টিশীলতা, অনুভূতি, মূল্যবোধ আৰু বিশ্বাসযোগ্য সাংবাদিকতাৰ গুৰুত্ব সদায় থাকিব। সেয়েহে ভৱিষ্যতৰ ৰেডিঅ’ হ’ব লাগিব প্ৰযুক্তি আৰু মানৱীয়তাৰ এক সুন্দৰ সমন্বয়। এআইৰ সহায়ত ৰেডিঅ’ক অধিক শক্তিশালী, অধিক জনমুখী আৰু অধিক ফলপ্ৰসূ কৰি তুলিব পাৰি। কিন্তু এআইয়ে কেতিয়াও মানুহৰ বিশ্বাস, অনুভূতি আৰু মানৱীয় সংযোগৰ সম্পূৰ্ণ বিকল্প হ’ব নোৱাৰে।
শেষত ক’ব বিচাৰোঁ যে ৰেডিঅ’ কেৱল এটা যন্ত্ৰ নহয়; ই জ্ঞানৰ বাহক, তথ্যৰ সেতু আৰু সমাজৰ এক বিশ্বাসযোগ্য সংগী। সময় সলনি হৈছে, প্ৰযুক্তি সলনি হৈছে, কিন্তু মানুহৰ জ্ঞান আৰু তথ্যৰ প্ৰয়োজনীয়তা কেতিয়াও শেষ নহয়। সেইবাবেই ৰেডিঅ’ইও নতুন প্ৰযুক্তিক আঁকোৱালি লৈ আগন্তুক দিনত অধিক শক্তিশালী ৰূপত জনসাধাৰণৰ সেৱা আগবঢ়াব বুলি আমি আশা কৰিব পাৰোঁ।
