ম’বাইল আসক্তি আৰু চাইবাৰ অপৰাধ: বিপন্ন মানৱতা আৰু ভৱিষ্যত সমাজ
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী, কামৰূপ
প্ৰস্তাৱনা:
যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰ কৰা আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে নিৰ্মিত ম’বাইল ফোন বৰ্তমান মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ নিচালৈ ৰূপান্তৰিত হৈছে। সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী তথা প্ৰাপ্তবয়স্ক সকলোৰে মাজত ম’বাইল ফোন ব্যৱহাৰ কৰাৰ যি এক তীব্ৰ মানসিকতা গঢ়ি উঠিছে, ই ভৱিষ্যত সমাজৰ বাবে এক ডাঙৰ ধুমুহাৰ সংকেত। বিজ্ঞানৰ এই অপূৰ্ব উপহাৰবিধ বৰ্তমান সময়ত মানুহৰ মানসিক দাসত্বৰ কাৰণ হৈ পৰিছে।
কৰ্মবিমুখতা আৰু স্বাস্থ্যৰ অৱনতি:
ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, ইউটিউব আদিৰ দৰে সামাজিক মাধ্যম আৰু বিভিন্ন ধৰণৰ অনলাইন গেমে নতুন প্ৰজন্মক সম্পূৰ্ণ গ্ৰাস কৰি পেলাইছে। ইয়াৰ ফলত সমাজত কৰ্মৰ প্ৰতি এক তীব্ৰ অনিহা আৰু উদাসীনতাৰ সৃষ্টি হৈছে। মানুহে ঘণ্টাৰ পিছত ঘণ্টা একেৰাহে ম’বাইল স্ক্ৰীণলৈ চাই থকাৰ ফলত শাৰীৰিক আৰু মানসিক এলেহুৱাভাৱ বাঢ়ি গৈছে। ইয়াৰ সমান্তৰালভাৱে তীব্ৰ মূৰৰ বিষ, স্মৃতিশক্তি হানি, একাগ্ৰতাৰ অভাৱ আৰু দৃষ্টি শক্তি কমি যোৱাৰ দৰে ভয়াৱহ স্বাস্থ্যজনিত সমস্যাই দেখা দিছে।
চাইবাৰ অপৰাধৰ ভয়াৱহতা:
ম’বাইল আৰু ইণ্টাৰনেটৰ অপব্যৱহাৰে সমাজত এক নতুন ধৰণৰ ক’লা অধ্যায়ৰ সূচনা কৰিছে, যাক ‘চাইবাৰ অপৰাধ’ বুলি কোৱা হয়। বৰ্তমান সময়ত ফেক একাউণ্ট খুলি
ব্লেকমেইলিং কৰা, কাৰোবাৰ ব্যক্তিগত ফটো বা ভিডিঅ’ ভাইৰেল কৰি মানসিক নিৰ্যাতন চলোৱা আৰু হ্যাকিং আদি ঘটনা দৈনিক বৃদ্ধি পাব ধৰিছে। ইয়াৰ উপৰি অনলাইন লিংক বা ফোন কলৰ জৰিয়তে সহজ-সৰল মানুহৰ বেংকৰ পৰা ধন লুট কৰা বিত্তীয় প্ৰতাৰণা এক ডাঙৰ সামাজিক ব্যাধি হৈ পৰিছে। কোনো সত্যতা নোহোৱাকৈ ম’বাইলৰ জৰিয়তে ভুৱা বাতৰি বিয়পাই সমাজত হিংসা আৰু অশান্তি সৃষ্টি কৰাটো অতি সহজ হৈ পৰিছে।
ভাল-বেয়াৰ বিচাৰবোধৰ অভাৱ:
ম’বাইল ফোন বা ইণ্টাৰনেট নিজে বেয়া বস্তু নহয়, ই হ’ল এখন দুমুখীয়া তৰোৱাল। ইয়াৰ সহায়ত ঘৰত বহিয়ে পৃথিৱীৰ সকলো জ্ঞান অৰ্জন কৰিব পাৰি যদিও বৰ্তমান প্ৰজন্মৰ মাজত কোনটো ভাল আৰু কোনটো বেয়া, তাৰ বিচাৰবোধ হেৰাই যোৱা দেখা গৈছে। শিশু আৰু কিশোৰসকলে ম’বাইলত শিক্ষা সংক্ৰান্তীয় কথা শিকাৰ পৰিৱৰ্তে তেওঁলোকৰ বয়সৰ অনুপযুক্ত হিংসাত্মক গেম বা সমাজ ধ্বংসকাৰী সমলসমূহ বেছিকৈ গ্ৰহণ কৰিবলৈ লৈছে। ইণ্টাৰনেট ব্যৱহাৰৰ মৌলিক জ্ঞান বা ডিজিটেল নৈতিকতা নথকাৰ বাবে সমাজত ক্ৰমান্বয়ে ক্ৰূৰতা আৰু মানসিক বিকৃতি বৃদ্ধি পাইছে।
সম্পৰ্কৰ ভাঙোন আৰু সামৰণি:
ম’বাইল ফোনে মানুহক দূৰৈৰ মানুহৰ ওচৰ চপাই আনিছে সঁচা, কিন্তু ওচৰত থকা আপোন মানুহবোৰক বহুত দূৰলৈ ঠেলি দিছে। একেখন ঘৰতে থাকিও পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ নিজৰ ম’বাইল স্ক্ৰীণত ব্যস্ত থাকে, যাৰ ফলত পাৰিবাৰিক মৰম-চেনেহ আৰু আন্তৰিকতা নাইকিয়া হৈছে। সামাজিক মাধ্যমৰ অতিৰিক্ত মোহে বৈবাহিক আৰু পাৰিবাৰিক জীৱনত সন্দেহ, অবিশ্বাস আৰু অৱশেষত সম্পৰ্কৰ ভাঙোন মাতি আনিছে। যদিহে এই ম’বাইল আসক্তি এইদৰেই চলি থাকে, তেন্তে ভৱিষ্যতৰ সমাজখন সম্পূৰ্ণ যান্ত্ৰিক, আবেগহীন আৰু পংগু হৈ পৰাটো নিশ্চিত।
