প্রতিবাদথলীৰ পৰা গালি পৰা ছাত্ৰ-ছাত্ৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

প্রতিবাদথলীৰ পৰা গালি পৰা ছাত্ৰ-ছাত্ৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ যন্তৰ মন্তৰত হোৱা শেহতীয়া প্রতিবাদী কাৰ্যসূচীৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ‘গালি পৰা’ ছাত্ৰ-ছাত্ৰীক তেওঁ ক্ষমা কৰি দিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিশা ইনষ্টাগ্রামত এটা ভিডিঅ’ প্রকাশ কৰে। উক্ত বার্তাটোতে প্রধানমন্ত্রী মোদীয়ে তেনে ছাত্র-ছাত্রীক শাস্তি দিয়াৰ সলনি বাট দেখুৱাবলৈ আহ্বান জনায়। ভিডিঅ’ বার্তাটোত প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে ব্যৱহাৰ কৰা কটু বাক্যবোৰ অত্যন্ত অস্বস্তিকৰ। কিন্তু তেওঁ যুৱক-যুৱতীক তেওঁলোকৰ ভুলৰ পৰা শিকনি লোৱাৰ এটা সুযোগ দিয়াত গুৰুত্ব দিয়ে। তেওঁ কয়, ‘যন্তৰ মন্তৰত কি ঘটিছিল… দেশৰ বিভিন্ন ঠাইৰ পৰা অহা ল’ৰা-ছোৱালীহঁতে অত্যন্ত কটু ভাষা ব্যৱহাৰ কৰিছিল। তেওঁলোকে মোক গালি পাৰিছিল, আনকি তেওঁলোকে মোৰ প্ৰয়াত মাতৃকো গালি পাৰিছিল। ই অত্যন্ত অস্বস্তিকৰ আছিল।’ প্রধানমন্ত্রী মোদীয়ে অৱশ্যে কয় যে শাস্তি বা দীঘলীয়া আইনী কাৰ্যব্যৱস্থাই সহায় নকৰিব। তেওঁ কয়, ‘ল’ৰা-ছোৱালীহঁতে ভুল কৰে আৰু ল’ৰালি হৈছে সেই কাল, যেতিয়া তেওঁলোকক তেওঁলোকৰ ভুল শুধৰাবলৈ সময় দিব লাগে।’ প্রধানমন্ত্রীয়ে আৰু কয়, ‘যিসকলে মোক গালি পাৰিছিল, মই তেওঁলোকক ক্ষমা কৰি দিবলৈ বিচাৰোঁ। মই সমাজক মোৰ সিদ্ধান্ত গ্রহণ কৰিবলৈ অনুৰোধ জনালোঁ।’ এটা ৰূপক (মেটাফৰ) ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘কেতিয়াবা আমি অনিচ্ছাকৃতভাৱে জিভাত কামোৰ খাওঁ আৰু তেজ ওলায়। কিন্তু আমি আমাৰ দাঁত ভাঙি নেপেলাওঁ, কাৰণ দাঁত আৰু জিভা দুয়োটাই আমাৰ নিজৰ।’ মোদীয়ে আৰু কয়, ‘তেওঁলোেক বিপথে পৰিচালিত, আৰু তেওঁলোকক বাট দেখুওৱাটো আমাৰ দায়িত্ব। তেওঁলোকক শাস্তি দিয়া, তেওঁলোকক আদালতলৈ নিয়া বা তেওঁলোকক সামাজিক হাৰাশাস্তি কৰাই একো সলনি নকৰে।’ ছাত্ৰ-ছাত্ৰীসকলক পোনপটীয়াকৈ সম্বোধন কৰি মোদীয়ে  তেওঁলোকক দেশৰ সৈতে আগ বাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ কয়, ‘আহাঁ আমি একেলগে দেশৰ বাবে আগ বাঢ়ি যাওঁ। আহাঁ আমি আমাৰ ভুলৰ পৰা শিকনি লওঁ আৰু আমাৰ সপোন বাস্তৱ কৰিবলৈ চেষ্টা কৰোঁ। ভাৰত দ্রুতগতিত অগ্রগতি লাভ কৰিছে আৰু মই তোমালোক প্ৰতিজনৰো প্ৰগতি কামনা কৰোঁ।’ প্ৰধানমন্ত্ৰীৰ মোদীৰ এই ভিডিঅ’টোৰ শেষত দেখা যায় এটা বার্তা-‘কটু বাক্যই কেতিয়াও কোনো সমস্যাৰ সমাধান নকৰে। বিপথে পৰিচালিত হোৱাসকলক বাট দেখুৱাওঁ আহক। আহক একেলগে কাম কৰোঁ। আহক ভাৰতৰ বাবে কাম কৰোঁ।’ উল্লেখযোগ্য যে দিল্লীৰ যন্তৰ মন্তৰত নীটৰ  প্রশ্নকাকত ফাদিলৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে কটু বাক্য প্রয়োগ কৰা নয়ডাৰ এগৰাকী ছোৱালীৰ বিৰুদ্ধে জিৰ’ এফ আই আৰ পঞ্জীয়ন কৰাৰ সময়তে মোদীয়ে নিশা এইবাৰ্তা প্ৰেৰণ কৰে। উল্লেখযোগ্য যে জিৰ’ এফ আই আৰ হৈছে- যি স্থানত অপৰাধ সংঘটিত হৈছিল, সেই ঠাইৰ থানাৰ বাহিৰে আন যিকোনো ঠাইতে এফ আই আৰ পঞ্জীয়ন কৰিব পৰা ব্যৱস্থা।