আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা
ৰঙিলী বাৰ্ত্তাসেৱা- পূর্বনির্ধাৰিত সূচী অনুসৰিয়েই ৰাজ্যত আজিৰ পৰা আৰম্ভ হ’ব লোকপিয়ল-২০২৭ৰ স্ব-
গণনা। ১৬ আগষ্টলৈ চলিবলগীয়া ১৫দিনীয়া এই স্ব-গণনাৰ অন্তত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰ পৰ্যন্ত লোকপিয়লক প্রথম পৰ্যায়ৰ কাম চলিব। এই প্রথম পর্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব গৃহ তালিকাভুক্তকৰণ আৰু হাউছিং চেঞ্চাছৰ তথ্য। এই বিষয়ে শনিবাৰে দিছপুৰস্থিত জনতা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত বিশদভাৱে সদৰী কৰে অসমৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক বিশ্বজিৎ পেগুৱে। স্ব-গণনা সন্দৰ্ভত তেওঁ কয় যে জনসাধাৰণে se.census.gov.in প’ৰ্টেলৰ জৰিয়তে নিজৰ আৰু ব্যক্তিগত তথ্য অনলাইনযোগে দাখিল কৰিব পাৰিব। এই প’র্টেলটো ২ আগষ্টত মুকলি কৰি দিয়া হ’ব। প’র্টেলত স্ব-গণনা কৰাসকলৰ বিপৰীতে একোটাকৈ আইডি জেনেৰেট কৰি পঠোৱা হ’ব ৰেজিষ্টাৰ্ড ম’বাইল ফোন নম্বৰলৈ। গণনাৰ সময়ত সেই আইডিটো সংশ্লিষ্ট ব্যক্তিজনে গণনাকাৰীক দিব লাগিব। স্ব-গণনাই লোকপিয়লক অধিক অংশগ্রহণমূলক তথা নাগৰিককেন্দ্ৰিক কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণত সহায় কৰিব। গৃহ তালিকাভুক্তকৰণ অভিযান আৰু গৃহ লোকপিয়ল আৰম্ভ হোৱাৰ পূর্বে নাগৰিকে নিজৰ ঘৰুৱা তথ্য সুবিধাজনকভাৱে প্ৰদান কৰিবলৈ এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বুলি তেওঁ কয়। তেওঁ লগতে সদৰী কৰামতে অহা ১৬ আগষ্টত স্ব-গণনাৰ সময়সীমা সমাপ্ত হোৱাৰ পিচত অহা ১৭ আগষ্টৰ পৰা পৰা ১৫ ছেপ্টেম্বৰলৈ গৃহ তালিকা অভিযান আৰু গৃহ লোকপিয়ল আৰম্ভহ’ব। এই সময়ছোৱাত প্রশিক্ষিত গণনাকাৰীয়ে ঘৰে ঘৰে গৈ প্রয়োজনীয় তথা সবিশেষ তথ্য সংগ্ৰহ কৰাৰ লগতে সেয়া নিশ্চিত কৰিব। সঞ্চালক পেগুৱে নাগৰিকে প্রদান কৰা তথ্যৰ গোপনীয়তা ৰক্ষাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাসমূহৰ বিষয়তো আলোকপাত কৰি কয় যে লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা তথ্যসমূহ লোকপিয়ল আইন, ১৯৪৮ৰ বিধানৰ অধীনত সুৰক্ষিত হৈ থাকিব আৰু ব্যক্তিগত তথ্যৰ সুৰক্ষা বিধিগতভাৱে নিশ্চিত কৰা হ’ব। আনহাতে সাম্প্রতিক বান পৰিস্থিতিৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়লৰ সৈতে জড়িত প্রশিক্ষণ কার্যসূচী তথা অন্যান্য প্রস্তুতিমূলক কার্যকলাপ পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে পিচুৱাই দিয়া হৈছে বুলি সঞ্চালকগৰাকীয়ে জনায়। সংবাদমেলত অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ বিষয়াসকলে অনলাইন পঞ্জীয়ন, ঘৰুৱা তথ্য দাখিল, গুৰুত্বপূৰ্ণ সময়সীমা আৰু প’ৰ্টেলৰ অন্যান্য বৈশিষ্ট্যসমূহকে ধৰি স্ব-গণনা প্ৰক্ৰিয়াৰ বিষয়ে বিশদভাবে ব্যাখ্যা কৰে। প্ৰথম পৰ্যায়ত গৃহ পিয়লৰ জৰিয়তে সংগ্ৰহ কৰিবলগীয়া তথ্যৰ আভাস দি সঞ্চালক পেগুৱে সংবাদমেলত কয়- ‘গৃহৰ অৱস্থা বা গৃহত কি কি আছে সেই তথ্য ফেজ-১৩ গৃহ পিয়লৰ জৰিয়তে সংগ্ৰহ কৰিম। মুঠ ৩৩ টা প্রশ্ন থাকিব। ঘৰৰ লাইন নম্বৰ, বিল্ডিং নম্বৰ, চেনছাছ হাউছ নম্বৰ, ব্যক্তিৰ ঘৰৰ মজিয়াত কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আদি তথ্য সংগ্ৰহ কৰা হ’ব।’ ইয়াৰ পিচতে আৰম্ভ হ’ব জনগণনাৰ – কাম। ইয়াৰ সম্পূৰ্ণ প্রক্রিয়া ব্যাখ্যা কৰি সঞ্চালক পেগুৱে কয়- ‘জনগাঁথনি বা সামাজিক-সাংস্কৃতিক, অর্থনৈতিক পৰিমাপ; ‘মাইগ্ৰেচন ফার্টিলিটি কেৰেক্টারিষ্টিক অব্ ইণ্ডিভিজুবেল’ আদি সন্দর্ভত প্রত্যেকটো ঘৰৰ পৰা আমি কি তথ্য-সংগ্ৰহ কৰিম তাৰ আচল যিটো পিয়ল, যাক আমি জনগণনা বুলি কওঁ সেয়া আমি দ্বিতীয় পৰ্যায়ত কৰিম। ঘৰৰ মুঠ সদস্য সংখ্যা, ঘৰৰ মুৰব্বীৰ নাম, লিংগ, ঘৰখনত বিবাহিত দম্পতীৰ সংখ্যা কিমান তেনে প্রশ্ন গৃহ তালিকাত সোধা হ’ব।’ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত যদি কোনোবাই স্ব-গণনা নকৰেও, তথাপি লোকপিয়ল অভিযান সঞ্চালকালয়ৰ গণনাকাৰীয়ে প্ৰত্যেকৰে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব বুলি জানিবলৈ দি তেওঁ স্পষ্ট কৰি দিয়ে যে কোনোবাই যদি ভাবে, স্ব-গণনা নকৰিলে লোকপিয়ল নহ’ব নেকি? সেইটো নহয়। এয়া বিকল্পহে। সঞ্চালক পেগুbs জানিবলৈ দিয়া মতে, ২০১১ চনত লোকপিয়লে ২৭খন জিলা সামৰি লৈছিল। কিন্তু এইবাৰৰ লোকপিয়লৰ আওতাত থাকিব ৩৫খন জিলা। সেইদৰে পূৰ্বে উপ-জিলা ১৮৪খন, বিধিবদ্ধ চহৰ ৮৮খন, লোকপিয়ল চহৰ ১২৬খন আৰু গাঁও ২৬,৩৯৫খন আছিল। কিন্তু লোকপিয়ল-২০২৭ত উপ-জিলাৰ সংখ্যা ১৬৬খন, বিধিবদ্ধ চহৰ ১২২খন, লোকপিয়ল চহৰ ১৮৩খন আৰু লোকপিয়ল চহৰসহ গাঁৱৰ সংখ্যা হৈছে ২৬,২৩৬খন। তদুপৰি সমগ্ৰ ৰাজ্যখনক ৬৬,৮৭৮টা ব্লকত বিভক্ত কৰা হৈছে। তেওঁ লোকপিয়লত নিয়োজিত হ’বলগীয়া কৰ্মচাৰীসকলৰ পৰিসংখ্যাও দাঙি ধৰে। সেই অনুসৰি এইবাৰৰ লোকপিয়লত ৰিজার্ভ কর্মীসহ মুঠ গণনাকাৰী আৰু ছুপাৰভাইজৰ থাকিব ৮৫,২৭২জন। ইয়াৰে প্ৰায় ৭৩ হাজাৰ গণনাকাৰী আৰু ১২,২৭০জন ছুপাৰভাইজৰ। ২০১১ চনত গণনাকাৰী ৬৬,৭৭৬জন থকাৰ বিপৰীতে ছুপাৰভাইজৰ আছিল ১০,৭০১জন। ইতিমধ্যে দুজন ৰাষ্ট্ৰীয় প্রশিক্ষক, ৫৯ মাষ্টাৰ ট্রেইনাৰ, ১,১০৯ ফিল্ড ট্ৰেইনাৰৰ লগতে প্রিন্সিপাল চেঞ্চাছ অফিচাৰ আৰু অতিৰিক্ত প্রিন্সিপাল চেঞ্চাছ অফিচাৰসকলৰ প্রশিক্ষণ সম্পন্ন হৈছে। উল্লেখ্য যে স্বাধীনতাৰ পিচত এয়া আঠসংখ্যক লোকপিয়লৰ প্রস্তুতি। ২০১১ চনতেই শেষবাৰৰ বাবে হৈছিল লোকপিয়ল। সংবাদমেলত অসম চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগৰ সচিব যতীন বৰা, পার্থ পেণ্ড, অতিৰিক্ত সচিব তথা নডেল বিষয়া (লোকপিয়ল), সাধাৰণ প্রশাসন বিভাগ আৰু ৰাজ্য চৰকাৰ তথা লোকপিয়ল পৰিচালনা সঞ্চালকালয়, অসমৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
