‘পাগল’ নে মানসিকভাৱে বিকাৰগ্ৰস্ত?
বিপ্লৱ শইকীয়া
আমি প্ৰায়ে ৰাস্তাত কিছুমান মানুহ দেখোঁ, যিসকলক আমি সহজেই ‘পাগল’ বুলি কওঁ। তেওঁলোকক দেখি বহুতে ঘৃণা কৰে, কাৰণ তেওঁলোকক কেতিয়াবা ৰাস্তাত পৰি থকা লেতেৰা বস্তু খাই থকা বা পথৰ কাষতে শুই থকা দেখা যায়। আনকি বহুতে ভয়ো কৰে—”পাগল যে, কেতিয়া কি কৰি দিব ঠিক নাই !” কিন্তু এবাৰো ভাবিছোনে,আমি ‘পাগল’ শব্দটোৰ সলনি তেওঁলোকক ‘মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তি’ বুলি কোৱা কথাটো।
জন্মৰ সময়ত কোনো শিশু পাগল হৈ জন্ম নলয়। হয়তো তেওঁলোকো এদিন আপোনাৰ মোৰ দৰেই হাঁহিছিল, সপোন দেখিছিল, পৰিয়ালৰ মৰমত ডাঙৰ হৈছিল। কিন্তু জীৱনৰ কোনো এক কৰুণ অধ্যায়, অসহনীয় মানসিক আঘাত বা দীৰ্ঘদিনীয়া যন্ত্ৰণাই তেওঁলোকক এই অৱস্থালৈ ঠেলি আনিছে। সেয়ে প্ৰশ্ন জাগে—তেওঁলোকক ‘পাগল’ বুলি তুচ্ছ-তাচ্ছিল্য কৰাৰ অধিকাৰ সঁচাকৈয়ে আমাৰ আছেনে?
এগৰাকী নাৰী যেতিয়া ধৰ্ষণৰ বলি হয়, তেতিয়া কেৱল তাইৰ শৰীৰেই নহয়, মনটোও ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ সমাজে তাইকেই অপৱিত্ৰ দৃষ্টিৰে চায়। ন্যায় বিচাৰি যুঁজ দি যেতিয়া তাই ক্লান্ত হৈ পৰে, তেতিয়া বহুতে মানসিকভাৱে সম্পূৰ্ণ ভাঙি পৰে। কোনোৱে মৃত্যুক বাছি লয়, কোনোৱে মানসিক ভাৰসাম্য হেৰুৱায়। অথচ সমাজৰ প্ৰতিবাদ তেতিয়াহে আৰম্ভ হয়, যেতিয়া এজনী ছোৱালীৰ মৃত্যু হয়।
ইয়াৰ এক জ্বলন্ত উদাহৰণ হৈছে ২০২৫ চনত উৰিষ্যাৰ বালেশ্বৰ জিলাৰ ২০ বছৰীয়া Soumayshree-ৰ ঘটনা। তাই এগৰাকী মেধাৱী ছাত্ৰী আছিল। সপোন আছিল ভৱিষ্যতে শিক্ষয়িত্ৰী হোৱাৰ। সেই উদ্দেশ্যৰে তাই B.Ed. পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। কিন্তু কলেজৰ এজন শিক্ষকে তাইক যৌন শিক্ষা দিবলৈ আৰম্ভ কৰে। তাইৰ ইয়াৰ প্ৰতিবাদৰ কৰে কিন্তু প্ৰতিবাদৰ প্ৰতিশোধ হিচাপে উপস্থিতি কমোৱা, পৰীক্ষাত কম নম্বৰ দি বিফল কৰোৱাৰ দৰে বিভিন্ন মানসিক নিৰ্যাতন চলোৱা হয় তাইৰ ওপৰত
Soumayshree-য়ে সাহস হেৰুৱোৱা নাছিল। ৩০ জুনত কলেজ কৰ্তৃপক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল। বন্ধু-বান্ধৱীকো কথাটো কৈছিল। সামাজিক মাধ্যমতো ন্যায় বিচাৰি আবেদন কৰিছিল আৰু লিখিছিল—যদি ন্যায় নাপায়, তেন্তে মৃত্যুকেই শেষ ঠিকনা হিচাপে বাছি ল’ব। কিন্তু অভিযোগবোৰ গুৰুত্বসহকাৰে লোৱা নহ’ল।
অৱশেষত ১২ জুলাইত কলেজৰ অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত পেট্ৰ’ল ঢালি নিজৰ গাত জুই লগাই দিয়ে। শৰীৰৰ প্ৰায় ৯৫ শতাংশ দগ্ধ হয়। ভুবনেশ্বৰৰ এইমছত চিকিৎসাধীন অৱস্থাত ১৪ জুলাই নিশা তাই মৃত্যুক আঁকোৱালি লয়। তাইৰ মৃত্যুৰ পিছতহে প্ৰশাসন, চৰকাৰ, সংবাদ মাধ্যম আৰু সমাজ সজাগ হ’ল। অভিযুক্ত শিক্ষকক নিলম্বন কৰা হ’ল। কিন্তু তেতিয়ালৈ বহু দেৰি হৈ গৈছিল। এজনী মেধাৱী ছাত্ৰীৰ সপোন, জীৱন আৰু ভৱিষ্যৎ ইতিমধ্যে শেষ হৈ গৈছিল।
এনে উদাহৰণ আমাৰ সমাজত অসংখ্য। কোনোবাই সৰুতে মাক-দেউতাক হেৰুৱাই মানসিকভাৱে ভাঙি পৰে। কোনোবাই উচ্চশিক্ষা লাভ কৰাৰ পিছতো নিবনুৱা হৈ চাকৰি সনন্ধানত ঘুৰি ফুৰি থাকে আৰু চাকৰি বাবে যেতিয়া পইচা কথা আহে তেতিয়াই আৰ্থিক সংকটত জৰ্জৰিত হৈ মানসিক ভাৰসাম্য হেৰুৱায়। কোনোবাই বিশ্বাসেৰে ভালপোৱা মানুহৰ প্ৰতাৰণাত জীৱনৰ ওপৰত আস্থা হেৰুৱায়। এইবোৰৰ ফলত বহুতে মানসিক ৰোগত আক্ৰান্ত হয়।
আচলতে ৰাস্তাত দেখা প্ৰতিজন তথাকথিত ‘পাগল’ মানুহৰো একোটা জীৱন আছিল, একোটা পৰিয়াল আছিল, অসংখ্য সপোন আছিল। জীৱনৰ নিষ্ঠুৰ বাস্তৱতাই তেওঁলোকক আজিৰ অৱস্থালৈ আনিছে। সেয়ে তেওঁলোকক ঘৃণাৰ চকুৰে চোৱাৰ পৰিৱৰ্তে সহানুভূতি, মৰম আৰু সন্মানৰ দৃষ্টিৰে চোৱা উচিত।
সেয়ে ৰাস্তাত দেখা প্ৰতিজন মানসিকভাৱে অসুস্থ মানুহক “পাগল” বুলি কোৱাতকৈ তেওঁলোকক ঘৃণা নকৰি, সহানুভূতিৰ চকুৰে চাওঁ আমি আহক । কাৰণ আজিৰ তেওঁলোকৰ ঠাইত কাইলৈ হয়তো আমাৰ কোনো আপোনজন, আনকি আমিও নিজে থাকিব পাৰোঁ।
এখন সভ্য সমাজৰ পৰিচয় এইটো নহয় যে সেই সমাজে কিমান উন্নত অট্টালিকা নিৰ্মাণ কৰিছে; বৰঞ্চ এইটো যে সেই সমাজে দুৰ্বল, অসহায় আৰু মানসিকভাৱে আঘাতপ্ৰাপ্ত মানুহক কিমান মৰ্যাদা আৰু সহমৰ্মিতাৰে আঁকোৱালি লৈছে।
”পাগল” নহয় তেওঁলোকো আমাৰ দৰেই জীৱনৰ যুদ্ধত আঘাতপ্ৰাপ্ত মানুহ।