বাট অথবা পথ
দুলাল বৰা ,বিশ্বনাথ চাৰিআলি
এটা পাৰেই জন্ম আকৌ একে পাৰেই মৃত্যু
মাজত জীয়াই থকাৰ লেথেৰি নিছিঙা কিছু
খলা-বমা আঘাতৰ চিন
ধূলিৰে পৰিপূৰ্ণ এক অন্তহীন যাত্ৰা
মাজতে আকৌ এচমকা বৈদ্যুতিক সংকেত ।
সোঁ-বাওঁ দুইকাষেই সৰু সৰু গড়
তাৰেই দোমোজাত কেতিয়াবা ৰৈ যায়
সংগ্ৰামৰ বহুতো ইতিহাস
কৰ্মোদ্যমী তথা এলোহুৱা সকলোৱেই
তাকেই সাৰথি কৰি আগবাঢ়ে,
বিচাৰি যেন আলোক-সঞ্চাৰ ।
কেতিয়াবা সিহঁতে বিদ্ৰূপৰ হাঁহি মাৰে
তেতিয়া জনতাই অলক্ষিতে চকুলো টোকে,
ক’ত গৈ শেষ হ’ব ইহঁতৰ বুকু কোনেও নাজানে
নিশ্চিহ্ন হোৱাৰ এক অবিৰত অভিযান ।
ক্ষণতে ৰুষ্ট, ক্ষণতে আকৌ সন্তোষ্ট
ইহঁতৰ অবুজ স্পন্দন
জীৱন আৰু মৃত্যুৰ মাজৰ এখন আভৰণ
তথাপি সিহঁতৰ গতিশীল।
সূৰ্য্য উদয়ৰ লগত জিলিকি উঠে
আকৌ সন্ধিয়া অস্পষ্ট হয়
ক্লান্তি , আশাহত শব্দৰ সিহঁতৰ বুকুতেই যায় জাহ ।
জীৱন মৃত্যুৰ মাজৰ অস্তিত্ব সিহঁত
সংগ্ৰামী ইতিহাসৰো সাক্ষী সিহঁত
নতুনত্বৰে উদ্ভাসিত এক অপৰিহাৰ্য্য অনল
সেয়েহে হয়তো ইহঁতৰ নাম বাট অথবা পথ।
