মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকা উদ্যোগপতি সজ্জন জিন্দালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিপদৰ সময়ত ৰাজ্যৰ সৰ্বস্তৰৰ লোকে হিয়া উজাৰি সহায়ৰ হাত আগবঢ়াইছে বান-বিধ্বস্ত উজনি অসমৰ লোকসকললৈ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে ৰাজ্যৰ লগতে দেশৰ ভিন্নস্তৰৰ লোকে। কিন্তু ইয়াৰ মাজত মুখ্যমন্ত্রী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে বেংকৰ হিচাপ পর্যালোচনা কৰাৰ সময়ত কিছু তথ্য দেখি আচৰিত হৈ পৰে। হিচাপ কৰাৰ সময়ত ওলাই পৰে যে এগৰাকী বিশেষ ব্যক্তিয়ে সংগোপনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছিল ৫ কোটি টকা। আর্তজনক সকাহ দিয়াৰ ক্ষেত্ৰত মহানুভৱতা প্রদর্শন কৰিলে বিশিষ্ট উদ্যোগপতি তথা জেএছডব্লিউৰ অধ্যক্ষ সজ্জন জিন্দালেও। অৱশ্যে এই বিষয়ত তেওঁ যেন আনসকলতকৈ কিছু ব্যতিক্রম। আগতীয়াকৈ কোনো কথা নজনোৱাকৈ বন্যার্তক সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ তেওঁ আগবঢ়াইছে ৫ কোটি টকা। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক হিচাপ পর্যালোচনা কৰাৰ সময়তহে স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই বিষয়ে অৱগত হয়। লক্ষণীয়ভাৱে সজ্জন জিন্দালৰ মাতৃ সাৱিত্রী জিন্দাল হৈছে জন্মসূত্ৰে অসমৰ জীয়ৰী। তেওঁ অ’পি জিন্দাল গোটৰ মূল অধ্যক্ষ। সাৱিত্ৰী জিন্দালৰ আন এক পৰিচয় হ’ল- দেশৰ আটাইতকৈ ধনী মহিলা। সজ্জন জিন্দালে আগবঢ়োৱা ৫ কোটিৰ অনুদান সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কয় যে অসমৰ সংকটময় এই সময়ত এক মানৱীয় পদক্ষেপৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল। জেএছডব্লিউৰ অধ্যক্ষ সজ্জন জিন্দালে অসমত শেহতীয়া বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ অনুদান আগবঢ়াইছে। এই মহানুভৱী পদক্ষেপৰ বিষয়ে আমি কোনো আগতীয়া তথ্য পোৱা নাছিলোঁ। আজি পুৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক হিচাপ পর্যালোচনা কৰাৰ সময়তহে এই অনুদানৰ বিষয়ে অৱগত হওঁ। আমি জানো যে সজ্জন জিন্দালৰ মাতৃ আ’পি জিন্দাল গোটৰ মূল অধ্যক্ষ সাৱিত্ৰী জিন্দাল অসমৰে জীয়ৰী। অসমক প্রয়োজনৰ সময়ত এনে সহায়ৰ বাবে অসমৰ জনসাধাৰণৰ হৈ সজ্জন জিন্দাললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুদানৰ প্ৰতিটো টকাই বানপীড়িত লোকসকলৰ পুনর্বাসন আৰু জীৱন পুনৰ গঢ়ি তোলাৰ কামত ব্যয় কৰা হ’ব।
