ডিব্ৰুগড়ৰ এম জি হাইস্কুলৰ প্ৰতিষ্ঠাতা অধ্যক্ষা ইলিন আৰা বেগমৰ মৃত্যু
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ পল্টন বজাৰ নিবাসী, নালিয়াপুল এম জি হাইস্কুলৰ প্ৰতিষ্ঠাতা তথা অধ্যক্ষ ইলিন আৰা বেগমৰ (ইলি) আজি বাৰ্ধক্যজনিত কাৰণত ৮০ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়। ১৯৪৬ চনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা ইলিন আৰা বেগমে গ্ৰাহাম বজাৰ বালিকা বিদ্যালয়ৰ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত কানৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছত তেওঁ ডিব্ৰুগড়ৰ নালিয়াপুলৰ পুৰণি বিদ্যালয় এম জি হাইস্কুল প্ৰতিষ্ঠা কৰাৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ আছিল ডিব্ৰুগড়ৰ মৰহুম ডাঃ মিফতাহুল হুছেইনৰ তৃতীয় জীয়ৰী তথা মৰহুম ডাঃ আই হুছেইন (প্ৰিন্স) আৰু ৰিয়াজুল হুছেইনৰ ভগ্নী। অবিবাহিত বেগমৰ আজি নালিয়াপুল কবৰ স্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ জানজা সম্পন্ন কৰা হয়।
