কমনৱেলথ গেমছত ৰূপৰ পদক লাভ গুলবীৰ সিঙৰ

Pc Mid-Day

কমনৱেলথ গেমছত ৰূপৰ পদক লাভ গুলবীৰ সিঙৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গ্লাছগ’ কমনৱেলথ গেমছত পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত চমকপ্রদ প্রদর্শন দাঙি ধৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাৰতীয় এথলীট গুলবীৰ সিঙে। মাত্র ২৭ মিনিট ৪৯.৭৮ ছেকেণ্ড লৈ দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক লাভ কৰাটো নিশ্চিত কৰে গুলবীৰে। এই সফলতাই কমনৱেলথ গেমছৰ এথলেটিকছত ভাৰতৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰিলে। উল্লেখ্য যে কমনৱেলথ গেমছৰ ইতিহাসত পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত পদক অর্জন কৰা গুলবীৰ সিঙেই হ’ল ভাৰতৰ প্ৰথমজন এথলীট। ইয়াৰ পূৰ্বে এই ইভেন্টত কোনো ভাৰতীয় এথলীটে পদক জয় কৰিবলৈ সক্ষম হোৱা নাছিল। গ্লাছগ’ত এথলীট হিচাপে গুলবীৰে কঠিন পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিল। স্কট টাউন ষ্টেডিয়ামত বৰষুণৰ ট্ৰেকত দৌৰাটো যথেষ্ট কঠিন আছিল। অৱশ্যে ২৭ বছৰীয়া ভাৰতীয় সেনাৰ গুলবীৰে চমকপ্রদ প্রদর্শন দাঙি ধৰি দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনে। ইপিনে, কমনৱেলথ গেমছৰ ভাৰোত্তোলনত পদক জয়ৰ ধাৰা অব্যাহত আছে ভাৰতৰ। মঙলবাৰৰ নিশাও ইভেন্টটোত ৰূপৰ পদক জয় কৰে ভাৰতে। মহিলাৰ ৬৯ কেজি শাখাত ৰূপৰ পদক জয় কৰে হৰজিন্দৰ কৌৰে। সর্বমুঠ ২২৭ কেজি উত্তোলন কৰি হৰজিন্দৰে ৰূপৰ পদক লাভ কৰে। স্লেটছত ১০১ কেজি আৰু ক্লিন এণ্ড জার্কত ১২৬ কেজি উত্তোলন কৰিছিল হৰজিন্দৰে। ২০২২ চনৰ কমনৱেলথ গেমছৰ ৭১ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভকৰিছিল ভাৰতীয় ভাৰোত্তোলকগৰাকীয়ে।