বানবিধ্বস্তলৈ ১৬ কোটিৰ সাহায্য লৈ উজনিলৈ ৰাওনা বিজেপিৰ প্ৰতিনিধি দল

বানবিধ্বস্তলৈ ১৬ কোটিৰ সাহায্য লৈ উজনিলৈ ৰাওনা বিজেপিৰ প্ৰতিনিধি দল

ৰঙিলী বাৰ্ত্তাসেৱা-  উজনিৰ তিনিখন জিলাত বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে বুধবাৰৰ পৰা ব্যাপক হাৰত বান সাহায্য অভিযান আৰম্ভ কৰিছে । যোৱা ১৯ জুলাইত  উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত সৃষ্টি হোৱা মহাপ্রলয়ত বিভিন্ন অঞ্চল ক্ষতিগ্রস্ত হয় । ফলত বহুজনৰ মৃত্যুৰ লগতে লাখ লোক ক্ষতিগ্ৰস্ত হৈছে । বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই ক্ষতিৰ পৰিমাণ সর্বাধিক। এনে দুৰ্যোগৰ সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় হৈ বহু লোকে সহায়ৰ হাত আগবঢ়াইছে। এনে সহায়ৰ হাত আগবঢ়াবলৈ এইবাৰ আগুৱাই আহিছে ৰাজ্যিক বিজেপি। এই লক্ষ্যৰে বুধবাৰে বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় বাজপেয়ী ভৱনৰ পৰা চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বন্যাক্রান্ত লোকলৈ দলৰ কাৰ্যকৰ্তাসকলে সংগ্ৰহ কৰা ১৬ কোটি টকাৰ বান সাহায্য লৈ এটা প্রতিনিধি দল ৰাওনা হয়। এই দুয়োখন জিলাৰ উপৰি যোৰহাট আৰু গোলাঘাট জিলালৈও ৰাজ্যিক বিজেপিয়ে বান সাহায্য আগবঢ়াব। বাজপেয়ী ভৱনৰ পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্রী, বিধায়ক আৰু কাৰ্যকৰ্তাৰ উপস্থিতিত এই বান সাহায্য সামগ্ৰী প্ৰেৰণৰ শুভাৰম্ভণি কৰে। এই সামগ্ৰীসমূহৰ ভিতৰত আছে- ১ লাখ ৮০ হাজাৰ মেখেলা-চাদৰ, ১ লাখ ৮০ হাজাৰ শিশুৰ টি-চার্ট, ১ লাখ ৫০ হাজাৰখন আঁঠুৱা। বান সাহায্য প্ৰেৰণৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা দুর্যোগে সৰ্বসাধাৰণ ৰাইজক দুৰ্দশাৰ মুখলৈ ঠেলি দিয়াৰ লগতে বর্তমান আৰু ভৱিষ্যতক লৈ সংকটৰ সৃষ্টি হৈছে। এই সংকটৰ পৰা বন্যাক্রান্ত লোকসকলক চৰকাৰে সকলোধৰণে সহায় আগবঢ়াব। আনহাতে এই সময়ছোৱাত যিসকল বন্যাক্রান্ত লোকে পূর্বে ঋণৰ ইএমআই প্ৰদান কৰিব পৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত যাতে বেংকে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তাৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই বৃহস্পতিবাৰে বেংকসমূহৰ সৈতে এক আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিছে। বিশেষকৈ ইএমআই যাতে কিছু পৰিমাণে শিথিল কৰিব পৰা যায়, তাৰ বাবে এই বিষয়টো আলোচনা কৰা হ’ব। উল্লেখ্য যে ইতিপূৰ্বে ৰাজ্য চৰকাৰে প্রতিটো বন্যাক্রান্ত পৰিয়ালক ১৫ হাজাৰ টকাকৈ তৎকালীন সহায় আগবঢ়োৱাৰ লগতে বান প্রভাৱিত ৪ জিলাত অৰুণোদয়ৰ ধন ২,৫০০ টকালৈ বৃদ্ধিৰ কথা ঘোষণা কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে বানত মৃত্যু হোৱা লোকক ৪ লাখ টকাৰ দিয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও ৫ লাখ টকা দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। ইফালে উজনি অসমৰ বানপীড়িত ৰাইজক সহায়ৰ উদ্দেশ্যে অসম গণ পৰিষদে আগবঢ়োৱা সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ বুধবাৰে অগপৰ সভাপতি অতুল বৰাই ফ্লেগ অফ কৰে । উজনি অসমৰ বানপীড়িত ৰাইজক সহায়ৰ উদ্দেশ্যে অগপ দলে আগবঢ়োৱা সাহায্য সামগ্রী কঢ়িয়াই নিয়া বাহন আর্তজনৰ কাষলৈ ৰাওনা হৈছে। অগপ সভাপতি অতুল বৰাৰ আহ্বান অনুসৰি দলৰ সাংসদদ্বয় ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, দলৰ উপ-সভাপতি অপূর্ব কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সুনীল ডেকা, বিধায়ক পৃথ্বিৰাজ ৰাভা, দীপক দাস, ধৰ্মেশ্বৰ ৰায়, প্ৰচাৰ সম্পাদক অংশুমান দত্তৰ লগতে অগপৰ জ্যেষ্ঠ বিষয়া, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া আৰু অগপৰ কাৰ্যকৰ্তাসকলে এই সাহায্য বিতৰণ কৰিব।