ফোনযোগে মুখ্যমন্ত্ৰীৰ পৰা পুনৰ বান পৰিস্থিতিৰ বুজ ল’লে গৃহমন্ত্রী অমিত শ্বাহে
ৰঙিলী বাৰ্ত্তাসেৱা- ফোনযোগে পুনৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ সাম্প্রতি বান পৰিস্থিতি তথা সাহায্য-উদ্ধাৰ অভিযানৰ বিষয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বুজ লয় । বাৰ্তালাপৰ সময়ছোৱাত কেন্দ্রীয় গৃহমন্ত্রী শাহে সাহায্য, পুনৰদ্ধাৰ আৰু পুনঃনির্মাণৰ ক্ষেত্রত প্রয়োজন অনুসৰি কেন্দ্ৰৰ পৰা সকলোধৰণৰ সহযোগিতা অব্যাহত ৰখাৰ প্রতিশ্রুতি দিয়ে। এই বিষয়ে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই সদৰী কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ইয়াৰ পূৰ্বে ২৩ জুলাইত টেলিফোনযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লৈছিল । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পুনৰ অসমৰ বান পৰিস্থিতি আৰু চলিত সাহায্য-উদ্ধাৰ অভিযানৰ ফোনযোগে বুজ লয়। তেওঁ সকলো পর্যায়ৰ পৰিস্থিতিৰ বিষয়ে খবৰ লোৱাৰ লগতে সাহায্য, পুনঃউদ্ধাৰ আৰু পুনঃনির্মাণৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা সকলোধৰণৰ সহযোগিতা অব্যাহত ৰখাৰ আশ্বস্ত কবে। এই কঠিন সময়ত অসমৰ জনসাধাৰণৰ স্বাৰ্থত ইতিমধ্যে আন্তঃমন্ত্রালয়ৰ দল প্রেৰণ কৰাৰ উপৰি কেন্দ্রীয় চৰকাৰৰ সংশ্লিষ্ট সংস্থাসমূহে পূর্ণ সহযোগিতা আগবঢ়াই যাব বুলিও তেওঁ পুনৰ দৃঢ়তাৰে উল্লেখ করে। এই দুর্যোগৰ সময়ত অসমৰ জনসাধাৰণৰ প্রতি দেখুওৱা আন্তবিক সহানুভূতি, অব্যাহত বখা সহযোগিতা আৰু দৃঢ় প্রতিশ্রুতিৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
