২৫০ বছৰ পুৰণি ধর্মীয় অনুষ্ঠানৰ ৫ কিঃমিঃলৈ নতুনকৈ কোনেও কিনিব নোৱাৰিব ভূমি

২৫০ বছৰ পুৰণি ধর্মীয় অনুষ্ঠানৰ ৫ কিঃমিঃলৈ নতুনকৈ কোনেও কিনিব নোৱাৰিব ভূমি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ আঢ়ৈশ বছৰ পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ পাঁচ কিলোমিটাৰৰ ভিতৰত বাহিৰৰ কোনো লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব । আনহাতে এই পৰিসীমাত অকর্তৃত্বশীলভাৱে বসবাস কৰাসকলক কৰা হ’ব উচ্ছেদ। বিধানসভাত বুধবাৰে অসম ভূমিক্ষেত্ৰৰ পৰিসীমা নির্ধাৰণ (সংশোধনী) বিধেয়ক পাৰিত কৰা হয় । উল্লেখযোগ্য যে বিধানসভাত বুধবাৰে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ (সংশোধনী) বিধেয়ক, ২০২৬ গৃহীত হয়। মন্ত্ৰী কেশৱ মহন্তৰ হৈ সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰে। সদনত বিধেয়কখনৰ সন্দৰ্ভত নিজৰ বক্তব্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, ‘এই আইনখন নতুন নহয়।  এই আইনখন সদনত ইতিমধ্যে বহুতখিনি চৰ্চা হৈছিল আৰু সদনে অনুমোদন জনাইছিল । কিন্তু বিতৰ্কৰ সময়ত সেই সময়ৰ সদস্য ভৰত নৰহে এটা উল্লেখযোগ্য পইণ্ট আনিছিল । সেই আইনখনত এটা লাইন আছিল। তেতিয়া ভৰত নৰহে এটা প্ৰশ্ন আনিছিল যে মাজুলীত এছ টি লোকসকলে বাস কৰি থকা মাটিৰ পট্টা হোৱা নাছিল । তেওঁ পুনৰ কয়,গতিকে ডিচিক ক্ষমতা দিলে এছ টি সকলো উচ্ছেদ হোৱাৰ সম্ভাৱনা আছে । তেতিয়া মই সদনত তৎকালীনভাৱে প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি এছ টি আৰু এছ চিৰ অসুবিধা হ’বলৈ নিদিও । প্ৰয়োজন হ’লে সদনত আইনখন নতুনকৈ আনিম । গতিকে ইয়াত যিখিনি বিতৰ্ক উত্থাপন কৰা হৈছে পূৰ্বতে ইয়াৰ ওপৰত তিনি ঘণ্টাৰ বিশদ বিতৰ্ক হৈ গৈছে । মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়,সেই সময়ত কংগ্ৰেছ দলক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আইনখনত নতুনকৈ খচৰা কৰি লিখা হৈছে । এছ টি, এছ চি, আহোম, মৰাণ, মটকক সুৰক্ষা দিছোঁ । কিন্তু আমি সুৰক্ষা লোৱা নাই । অসমৰ অ’ৰিজিন মানুহখিনিক আমি প্ৰটেকচন দিছো । বামুণ, কলিতা বা মুছলিম মানুহৰ নামটো আমি ৰখা নাই । খিলঞ্জীয়াৰ সুৰক্ষা দিয়া হৈছে । ক্ষমতাৰ অপপ্ৰয়োগ কৰিব পাৰে বাবেই আইনখনত নিৰ্দিষ্ট দফা অনা হৈছে । আইনখন সাধাৰণ । মুখ্যমন্ত্রীয়ে কয়,আঢ়ৈশ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ পাঁচ কিলোমিটাৰৰ ভিতৰত খিলঞ্জীয়া মানুহখিনি থাকিব । তাৰ মানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত । বৰপেটাত আমাৰ বৰপেটীয়া মানুহ থাকিব, বটদ্ৰৱাত বটদ্ৰৱাৰ মানুহ থাকিব । মই গৈয়ো তাত থাকিব নোৱাৰোঁ । ইয়াৰ দ্বাৰা কেৱল ধৰ্মীয় সংখ্যালঘুক উপেক্ষিত কৰা হোৱা নাই ।তেওঁ কয়,মাজুলীত হিমন্ত বিশ্ব শৰ্মায়ো মাটি কিনিব নোৱাৰিব, বৰপেটাত কিনিব বিচাৰিলেও নোৱাৰিব । এইটো মুছলমানৰ বিৰুদ্ধে বৈষম্যমূলক নহয় । সকলোৰে বাবে । আমি এইটো কৰিব বিচাৰিছোঁ যে কামাখ্যা মন্দিৰৰ আশে পাশে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়াল থাকে । ইয়াত কোনো বৈষম্যৰ কথা নাই । স্থানীয় মানুহ হিন্দু বা মুছলমানেই হওক থাকিব পাৰিব । বাহিৰৰ পৰা কোনো যাব নোৱাৰে । এইটো সম্পূৰ্ণ নিৰপেক্ষ আদৰ্শ । ৰাজ্যৰ আইকনিক অনুষ্ঠানৰ মাত্র পাঁচ কিলোমিটাৰ ঠাই লোৱা হৈছে । তাত আইনগত ভাৱে থকাসকলৰ কোনো ক্ষতি নহয় । এতিয়াৰে পৰা তাত কোনেও নতুনকৈ মাটি কিনিব নোৱাৰিব । আইনত কোনো নিৰ্দিষ্ট ধৰ্মীয় অনুষ্ঠানৰ কথা কোৱা নাই । আমাৰ বিধায়কসকলে আপত্তি কৰা নাই । কিন্তু কংগ্ৰেছৰ বিধায়ক সকলে কিয় আপত্তি কৰিছে সেয়াহে প্ৰশ্নৰ বিষয়। ইফালে, শ্বেৰমান আলীয়ে হস্তক্ষেপ কৰাত তেওঁ কয়, ‘আপুনি কিয় ইমান অধৈর্য হৈছে। মুখ্যমন্ত্ৰী এজনৰ যদি ইমান ধৈর্য আছে, আপোনাৰ কিয় নাই? আপুনি কৈ থাকোঁতে মই মনে মনে আছিলোঁ। এতিয়া আমাৰ বয়স ৬০ হ’বৰ হ’ল, আমি মেছিয়ৰ হৈ গ’লোঁ, গতিকে এইবোৰ কৰি নাথাকিব। এজনে টেবুলত উঠি নৃত্য কৰি থৈ গ’ল। এইখন গণতন্ত্ৰৰ পৱিত্ৰ মন্দিৰ। ইয়াত আমি কিয় কাৰো কথা শুনিব নোখোজোঁ।’ তেওঁ কয়,কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেচনটো নাই বাবে আমি ভাল পাইছোঁ যে স্থানীয় মানুহখিনি থাকিলেহে সত্রখন জীয়াই থাকিব । কামাখ্যা মন্দিৰ জীয়াই থাকিব । পুৰণি অসমীয়া হ’লেই নহ’ব সেই স্থানৰ ৭৫ বছৰ পুৰণি নহ’লে মাটি কিনিব নোৱাৰিব । গতিকে এই বিলখন কাৰো বিৰুদ্ধে নহয় । মুখ্যমন্ত্রীয়ে বিধেয়কখনৰ বিৰোধিতা কৰা সকলক উদ্দেশ্যি কয়,এই বিলখনে সকলোকে বাৰণ কৰিছে সেই পাঁচ কিলোমিটাৰৰ ভিতৰত নাযাব । ইয়াত আপত্তি কৰিলে মই ভাবিম যে আপোনালোকৰ সেই পাঁচ কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে । বৰপেটা সত্রৰ পাঁচ কিলোমিটাৰৰ ভিতৰতলৈ আপোনালোক ২০-২৫ জন গ’লে নামাজৰ বাবে মছজিদ এটা কৰিব লাগিব । যদি ইচ্ছা নাই তেন্তে সদনৰ পৰা এটা ভাল বাৰ্তা দিব লাগে । নিজৰ স্থিতিত অটল থাকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়,” দম দি হিমন্ত বিশ্ব শৰ্মাক নোৱাৰে । নিৰ্বাচনত নোৱাৰিলে । ইয়াত আপত্তি কৰিব লগা কি আছে । স্থানীয় মানুহ থাকিব পাৰিব । ২০০৬ চনটো মনমোহন সিঙে দি থৈ যোৱা । বন অধিকাৰ সুৰক্ষা আইনত প্ৰথমবাৰৰ বাবে ক’লে যে বনত ২০০৬ আগত অহা ট্ৰাইবেল মানুহখিনি থাকিব পাৰিব । কিন্তু সাধাৰণ লোকৰ বাবে ২০০৬ চনৰ আগৰ ৭৫ বছৰ লাগিব । এইটো আমি মনমোহন সিঙৰ পৰা ধাৰ কৰি লৈছোঁ । ২০০৬ শব্দটো কংগ্ৰেছে দিয়া । তিনি প্ৰজন্ম মানে ৭৫ বছৰ । তেওঁ পুনৰ কয়,তেতিয়া কোৱা নাছিল যেতিয়া এতিয়া আৰু ক’ব নালাগে । এতিয়া বৰ অসম বনোৱাৰ সময় । এই আইনখন সদনৰ পৰা অনুমোদন হৈ গুচি গৈছিল । কেৱল ভৰত নৰহৰ কথাটোৰ বাবে সেই দফাটোৰ সংশোধন অনা হ’ল । এই আইনখন যোৱাবাৰ কংগ্ৰেছে মানি লৈছিল । বিচৰা ধৰণে কৰা হৈছে । এই আইনৰ যোগেদি বৰপেটা, বৰদোৱা, মাজুলী আদিৰ পাঁচ কিলোমিটাৰৰ ভিতৰত তিনি প্ৰজন্ম থকা সকলেহে মাটি বেচা-কিনা কৰিব পাৰিব । বাকী কোনেও নোৱাৰে । আনহাতে কৰ্তৃত্বশীলভাৱে থকাসকল উচ্ছেদিত হ’ব । কংগ্ৰেছৰ বিধায়ক সকলক বিশেষকৈ সংখ্যালঘু বিধায়কসকলক কটাক্ষ কৰি মুখ্যমন্ত্রীয়ে কয়,আপোনালোকে টেনচন ল’ব নালাগে । মাত্র ৭৫ বছৰহে ধৰিছোঁ । সময়সীমা ১২০০ চন মান নিদিয়ালৈকে টেনচন নল’ব । আপোনালোকে মুহিম মজুমদাৰৰ কিতাখন পঢ়ি চাব । তাত লিখা আছে অসমৰ অধিবাসী মুছলমানসকল আচলতে দ্ৰাবিড় বংশৰ আৰু হাজাৰ বছৰ আগত অহা । এই প্ৰসংগতে মুখ্যমন্ত্ৰী শৰ্মাই কয়,”সম্পাদনাত কোৱা হৈছে অসমৰ অধিবাসী সংখ্যালঘুসকল দ্ৰাবিড় আৰু আৰ্যসকল অহাৰো আগতে আহিছে । গতিকে টেনচনেই নাই । ইয়াত মাত্র ৭৫ বছৰৰ কথা কোৱা হৈছে । এহেজাৰ বছৰ আগৰ কথা ক’লেহে আপোনালোকে টেনচন ল’ব । এই আইনখনত একো নাই । এই প্রসংগতে মুখ্যমন্ত্রী ড° শর্মাই বিধেয়কখনত বৰপেটা সত্ৰ, বটদ্ৰৱা সত্ৰই নহয়, পোৱামক্কাৰ কথাও কোৱা হৈছে বুলি জনাই কয়, ‘আমি আঢ়ৈশ বছৰ পুৰণি অনুষ্ঠানৰ কথা কৈছোঁ। পোৱামক্কাও আঢ়ৈশ বছৰৰ আগৰ। হাফলঙতো আঢ়ৈশ বছৰ পুৰণি গির্জা আছে। এনে অনুষ্ঠানৰ পাঁচ কিল’মিটাৰ ব্যাসার্ধত মাত্র স্থানীয় লোকসকলৰ বাদে আনে মাটি ক্রয় কৰিব নোৱাৰিব। আন লোক থাকিলে ঐতিহ্য হানি হয়, পৰম্পৰাবোৰ নষ্ট হয়। এই ক্ষেত্রত আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। সদনত খিলঞ্জীয়াৰ সংজ্ঞাৰ প্ৰসংগ উত্থাপন কৰি কেতবোৰ দিশ উল্লেখ কৰে শ্বেৰমান আলী আহমেদে । মুখ্যমন্ত্রীয়ে প্ৰতিশ্ৰুতি দি কয় যে আইকনিক অনুষ্ঠানৰ ক্ষেত্রত এইটো প্ৰযোজ্য হ’ব। বিধায়ক শ্বেৰমান আলী আহমেদকে ধৰি বিৰোধীৰ কেইবাজনো বিধায়কে হস্তক্ষেপ কৰে যদিও মুখ্যমন্ত্রীয়ে সকলোকে তাৰ উত্তৰ দি আইনখনৰ বিভিন্ন দিশ সদৰী কৰে । ইফালে মন্ত্রী পীযুষ হাজৰিকাই সদনত কয়,এখেতলোকে এনেকে কথাখিনি সজোৰে উপস্থাপন কৰিলে, মোৰ এনেকুৱা সন্দেহ হ’ল যে এওঁলোকৰ গোটেইখিনি সমৰ্থক ক’ৰ পৰা আহিছে জানিলে নে ? মোৰ সন্দেহটো যে এখেতলোক বা এখেতলোকৰ সমৰ্থক সকল অৰিজিনেল অসমৰ নহয় ।