১১ দিনৰ অন্তত উদ্ধাৰ মাতৃ টুটুমণি দুৱৰাৰ মৃতদেহ

১১ দিনৰ অন্তত উদ্ধাৰ মাতৃ টুটুমণি দুৱৰাৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- ১১ দিনৰ অন্তত উদ্ধাৰ মাতৃ টুটুমণি দুৱৰাৰ মৃতদেহ। প্ৰলয়ংকাৰী বানত ইজনে আনজনক বচাবলৈ গৈ কোবাল সোঁতত উটি গৈছিল শিৱসাগৰৰ চৰাইদেউৰ টুটুমণি দুৱৰাৰ লগতে তেওঁৰ কন্যা আৰু দুই পুত্ৰ। উল্লেখ্য যে চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱৰ ৰোহিণী দুৱৰাৰ পৰিয়ালটোৰ চাৰিগৰাকী ১৯ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল। সেইদিনা হঠাতে বাঢ়ি অহা বাঢ়নী পানীয়ে অভয়পুৰীয়া গাঁওখনো নিমিষতে বুৰাই পেলোৱাত গাঁওখনৰ আন পৰিয়ালসমূহৰ লগতে ৰোহিণী দুৱৰাৰ পৰিয়ালটোৱেও আশ্ৰয়ৰ বাবে ওখ ঠাই বিচাৰি পথৰ ওপৰলৈ আহিবলৈ লয়। পথৰ ওপৰত উঠিবলৈ লওঁতেই বৈ থকা পানীৰ কোবাল সোঁতত ৰোহিণী দুৱৰাৰ হাতৰ পৰা পত্নী টুটুমণি দুৱৰা আৰু কন্যা বিদিশা দুৱৰা এৰি গৈ পানীৰ কোবাল সোঁতত উটি যায়। ১৯ জুলাইৰ নিশা সাতমান বজাত সংঘটিত এই ঘটনাত ৰোহিণী দুৱৰাৰ দুই পুত্ৰ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাই মাতৃ-ভগ্নীক উদ্ধাৰৰ বাবে পানীত নামি বিচাৰিবলৈ যাঁওতেই দুই ভাতৃকো কোবাল সোঁতে উটুৱাই নিয়ে। সেইদিন ধৰি চাৰিজনীয়া পৰিয়ালটোৰ এজনৰো সন্ধান ওলোৱা নাছিল যদিও ২২ জুলাইত তিনিজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে ৰোহিণীৰ পত্নী টুটুমণি দুৱৰাৰ সন্ধান ওলোৱা নাছিল। বুধবাৰে এঘাৰ দিনৰ মূৰত অভয়পুৰীয়া অঞ্চলতেই টুটুমণি দুৱৰাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়। উল্লেখ্য যে বানত পৰিয়ালটোৰ ৰোহিণী দুৱৰা আৰু ডাঙৰ বোৱাৰীৰ লগতে এটি কণমানি কথমপি ৰক্ষা পৰে। ইফালে ৰোহিণী দুৱৰাৰ পৰিয়ালটোৰ তিনিজনৰ মৃতদেহ গাঁওখনৰ ক্ষুদ্র চাহ বাগিচাৰ চাহ গছত লাগি থকা অৱস্থাত উদ্ধাৰ হৈছিল। বুধবাৰেও উক্ত স্থানৰ কাষতে টুটুমণি দুৱৰাৰ মৃতদেহ উদ্ধাৰ হয়।