বলীয়া বান – বাহাৰুল ইছলাম 

Pc India Today

বলীয়া বান

বাহাৰুল ইছলাম 

শুভ্ৰ আকাশে উজাৰে ঘোৰ ক’লা মেঘ
ধাৰাষাৰ বৃষ্টিয়ে ওপচাই দিয়ে নৈৰ বুকু
ভয়ংকৰ আবেগে হেঁচা মাৰি ধৰে
খঙত নৈখনি বৈ যায় যেনি-তেনি
কত বেৰৰ জলঙাৰে সোমাই নৈ
কত মূধচ তল গ’ল
অনেকৰ মৃত্যু হ’ল
উচ্চ-নীচ সম কৰে ক্ষণিকতে।
বাৰিষাৰ ঢল, লুইতৰ বল
প্ৰচণ্ড আক্ৰমণত জলমগ্ন হৈছে চৌপাশ
লাখ লাখ জনতা,নিষ্পাপ জীৱ-জন্তুয়ে
হাঁহাকাৰ হৈ বিচাৰিছে পৰিত্ৰাণ
কোনে কৰিব, কোনে বা বুজিব
প্লাৱিতৰ কৰুণ আৰ্তনাত?
চৌপাশে সিঁচৰতি কোবাল সোঁত
এনেহেন ক্ষণতো যেতিয়া আকাশ ভাঙি বৃষ্টি পৰে
ঠিক সৰগ ভাগি মূৰত পৰাৰ দৰে
মৰ্মে মৰ্মে নিগৰে বেদনা প্লাৱিত জনৰ
বলীয়া বান ক্ষান্ত নহয়
ভয়ংকৰ ত্ৰাসৰ সৃষ্টি কৰি ভ্ৰমি ফুৰে
ইপাৰে-সিপাৰে।
ভূমিহীন কৰিছে কাৰোবাক
কৰিছে কাৰোবাক আশ্ৰয়হীন
আন কাৰোবাৰ জীৱনকলৈ খেলিলে
খেলিলে অনেকৰ আশা আৰু
আলসুৱা সপোনক লৈ
জলমগ্ন হৈ আদৰৰ শস্য বোৰ বহুবাৰ
কৰুণ মৃত্যুক আকোঁৱালি লৈছে।
তাহানিৰ সমস্যা আজিকোপতি
নহ’ল সমিধান
অসমীয়াৰ জাতীয় সমস্যা
সমস্যা হৈয়ে ৰ’ল
ৰাষ্ট্ৰীয় পৰ্যায় নাপালে গৈ
কত নেতা-নেত্ৰী আহিল আৰু গ’ল
আহিব আৰু যাব
তৎসত্ত্বেও নাহিল কিঞ্চিত পৰিৱৰ্তন।