আহোম ৰাজ্যৰ ঐতিহ্য আৰু সংস্কৃতিলৈ মুছলমানৰ অৱদান
মহম্মদ তালহা আমিন বৰুৱা
আহোম ঐতিহ্য আৰু সংস্কৃতি যথেষ্ট অনন্য আৰু অতি মনোহৰ। আহোম ৰজাৰ দিনত পৰাই এই সংস্কৃতিৰ অস্তিত্ব আছিল। আৰু মুছলমানসকলে এই সংস্কৃতিত যথেষ্ট অৰিহণা যোগাইছে। বঙাইগাঁও টাইমছত প্ৰকাশিত মোৰ আগৰ লেখাটোত ওজাপালি আৰু সূত্ৰধাৰীৰ দৰে আহোম সাংস্কৃতিক নৃত্যত কেনেকৈ চুফীবাদৰ উপাদান আছে সেই বিষয়ে আলোচনা কৰা হৈছে। ঘনশ্যামুদ্দিন খনিকৰ নামৰ এজন মুছলমান স্থপতিবিদে কেনেকৈ তলাতল ঘৰ নিৰ্মাণ কৰিছিল সেই বিষয়েও আলোচনা কৰিছোঁ সাপ্তাহিক মুজাহিদ ১৪–২০ মাৰ্চ ২০২৫ কাকতত মোৰ প্ৰবন্ধ “আহোম, মুছলমান আৰু স্থাপত্য নির্মাণ“ত। আহোমৰ ঐতিহ্য আৰু সংস্কৃতিলৈ অৰিহণা যোগোৱাৰ ক্ষেত্ৰত মুছলমানসকলৰ অন্যান্য জড়িততাৰ বিষয়ে আজি এই প্ৰবন্ধত আলোচনা কৰা হ‘ব। অসমীয়া সংস্কৃতিত মুছলমানৰ প্ৰভাৱ জানিবলৈ ডক্টৰ মোহিনীকুমাৰ শইকীয়াৰ অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত কিতাপ “অসমীয়া সংস্কৃতিত ইছলামীয় প্ৰভাৱ” (১৯৯৮) আপুনি পঢ়িব পাৰে। এই প্ৰবন্ধত কেৱল আহোমৰ ঐতিহ্য আৰু সংস্কৃতিৰ ওপৰত প্ৰভাৱৰ বিষয়ে আলোচনা কৰিম।
আহোম স্থাপত্যৰ পৰা আৰম্ভ কৰোঁ আহক। তুংখুংগিয়া বুৰাঞ্জীত ইয়াৰ উল্লেখ আছে (পৃষ্ঠা ৩২, ইংৰাজী ১৯৬৮) যে আহোম ৰজা ৰুদ্ৰ সিংহই ৰংপুৰত তেওঁৰ ৰাজ গৃহ নিৰ্মাণৰ বাবে ভাৰতীয় স্থপতি নিয়োগ কৰিছিল। ৰুদ্ৰ সিংহ ৰজাৰ সময়ত ৰঙানাথ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰ নিৰ্মাণৰ কামতো বংগল শিপিনীসকলে কাম কৰিছিল। কটন বিশ্ববিদ্যালয়ৰ ইছলামিক অধ্যয়নৰ প্ৰাক্তন অধ্যাপক ড° দিলৱাৰ হুছেইন বৰলাস্কৰে তেওঁৰ “ইনফ্লুৱেঞ্চ অৱ পাৰ্চিয়ান অন আছামিজ” নামৰ গ্ৰন্থখনত লিখিছে যে এই বংগল/ভাৰতীয় কর্মীসকল মুছলমান আছিল। ইতিহাসবিদ আৰ. এম. নাথে এই কথা নিশ্চিত কৰিছে, কাৰণ তেওঁ উল্লেখ কৰিছে যে ঘনশ্যামুদ্দিন খনিকৰে তলাতল ঘৰৰ লগতে ইয়াক নিৰ্মাণ কৰিছিল। বৰলাস্কৰে সাতসাৰী অসম বুৰঞ্জীত লিখা এটা বাক্যৰ কথাও উল্লেখ কৰিছে য‘ত কোৱা হৈছে যে গদাধৰ সিংহই ৰাজ গৃহৰ দুৱাৰত শিল আৰু মৰ্টাৰৰ দ্বাৰা স্তম্ভ নিৰ্মাণত বংগল নিযুক্তি দিছিল। বৰলাস্কৰে লিখিছে যে এই বংগলসকলো মুছলমান আছিল। বৰলাস্কৰে আৰু লিখিছে যে আহোম যুগৰ ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ অট্টালিকাসমূহ বংগৰ মুছলমান শৈলীৰ দ্বাৰা প্ৰভাৱিত হৈছিল। শিৱসাগৰ জিলাৰ ৰংঘৰ, কাৰেংঘৰ আৰু তলাতালঘৰৰ মৰ্ট–মেছনৰী, খালী ভিতৰৰ ঠাই, দুৱাৰ, বে, পেচেজ আদি আহোম স্থপতিবিদসকলৰ মাষ্টাৰ পিচ। কাৰেংঘৰৰ আশে–পাশে থকা সকলো মিনাৰ মোগল শাসনৰ সময়ত নিৰ্মিত মছজিদৰ শৈলীৰ লগত বহুত মিল আছে। আৰ. এম. নাথে তেওঁৰ ইংৰাজী কিতাপ “দ্য বেকগ্ৰাউণ্ড অৱ আছামিজ কালচাৰ” (১৯৪৮)ত বর্ণনা কৰে: “মহম্মদিসকলে কম–বেছি পৰিমাণে স্থায়ীভাৱে নিম্ন অসমত বসতি স্থাপন কৰিছিল আৰু পশ্চিমৰ পৰা সাংস্কৃতিক বতাহ দেশজুৰি বিয়পিবলৈ ধৰিলে। বংগৰ পৰা অহা স্থপতিবিদ, চিত্ৰশিল্পী, সংগীতজ্ঞ, নৃত্যশিল্পী আৰু শিপিনীসকলে সাংস্কৃতিক প্ৰভাৱ পেলাবলৈ ধৰিলে।“
ইছলামিক সংস্কৃতিৰ প্ৰভাৱ আহোম ৰজাৰ সাজ–পোছাকতো দেখা যায়। অসম ৰাজ্যিক সংগ্ৰহালয়লৈ যাওঁতে লক্ষ্য কৰিলোঁ সংগ্ৰহালয়ত ৰখা আহোম ৰজাই পিন্ধা কাপোৰবোৰ মোগলৰ কাপোৰৰ সৈতে মিল আছে। কিছুমান বুৰঞ্জী পঢ়াৰ পিছত তথ্য অলপ পালোঁ। আহোম ৰজা প্ৰতাপ সিংহৰ দিনৰে পৰা আহোমসকলে মোগলৰ লগত কাপোৰৰ সামগ্ৰীৰ ব্যৱসায় কৰিছিল। সেই সময়ছোৱাত আহোম–মোগল সংঘাত নতুনকৈ আৰম্ভ হৈছিল, যদিও পিছলৈ এক বৃহৎ সাংস্কৃতিক আদান–প্ৰদান ঘটিল। তুংখুংগিয়া বুৰঞ্জীত উল্লেখ আছে যে ১৭০৫ চনৰ আশে–পাশে কিছু উদযাপনৰ সময়ত আহোম ৰজা ৰুদ্ৰ সিংহই ওপৰ চাদৰ, পাগুৰি আৰু জোতা পিন্ধিছিল। এই অংশটোৰ পৰা আমি বুজিব পাৰো যে তেওঁ মোগল ৰজাৰ দৰে সাজ–পোছাক পিন্ধিবলৈ ধৰিছিল। কেৱল ৰুদ্ৰ সিংহই এনেদৰে সাজ–পোছাক পৰিধান কৰাই নহয়, তেওঁ আহোম ৰাজ্যৰ তিনিজন মহান গোহাঁই — বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইক মোগলৰ কাপোৰ উপহাৰ দিছিল। কিন্তু তিনিওজন গোহাঁই এই উপহাৰত খং হ’ল। তেওঁলোকে উপহাৰবোৰ ঘূৰাই দিলে আৰু ক’লে যে তেওঁলোকে পৰম্পৰাগত কাপোৰ পিন্ধাৰ পৰিৱৰ্তে মোগলৰ দৰে সাজ–পোছাক পিন্ধিব নোৱাৰিব। যি কি নহওক, বুঢ়াগোহাঁইয়ে উপহাৰটো গ্ৰহণ কৰিলেই। আৰু সেই সময়ৰ পৰাই ৰাজ্যত মোগল কাপোৰ উপহাৰ দিয়া আৰম্ভ হয়। তুংখুংগিয়া বুৰঞ্জীয়ে আৰু উল্লেখ কৰিছে যে আহোম ৰজা কমলেশ্বৰ সিংহইও একে ধৰণে সাজ–পোছাক পৰিধান কৰিছিল। যেতিয়া মুনকাঙৰ ৰাষ্ট্ৰদূতসকল ৰংঘৰলৈ আহিছিল, যাতে তেওঁলোকে ৰজা কমলেশ্বৰ সিংহক লগ পাব পাৰে। সেই সময়ত কমলেশ্বৰ সিংহই ৰংঘৰত ওপৰ চাদৰ আৰু পাগুৰি পিন্ধি বহিছিল। হস্তীবিদ্যাৰ্ণৱৰ চিত্ৰসমূহত আহোম দৰবাৰত মোগল কাপোৰৰ ব্যৱহাৰৰ চিত্ৰ অংকন কৰা হৈছে। ৰজা, সম্ভ্ৰান্ত, সৈনিক, সকলোৱে মোগলৰ দৰেই সাজ–পোছাক পিন্ধিছিল এই প্ৰমাণ পাণ্ডুলিপিখনৰ চিত্ৰসমূহত পোৱা যায়। দিলবৰ আৰু দোছাই (মোগল ভাৰতৰ দুজন মুছলমান চিত্ৰশিল্পী)ও আহোম ৰজাৰ কাৰণে চিত্ৰ অংকন কৰিছিল। তেওঁলোকৰ চিত্রকৰনে আৰু অধিক স্পষ্ট কৰি দিয়ে যে আহোম ৰাজ্যৰ হিন্দু আৰু মুছলমান বিষয়াসকলে মোগলৰ দৰে সাজ–পোছাক পিন্ধিছিল।
এতিয়া সংগীতৰ বিষয়ে আলোচনা কৰোঁ আহক। গীত বুলিলে মই কীৰ্ত্তন (বৈষ্ণৱ ভক্তি) আৰু জিকিৰ (চুফী ভক্তি) বুজাইছোঁ। যিহেতু মই সংস্কৃতিতকৈ বেছি ইতিহাসৰ বিষয়ে আলোচনা কৰি ভাল পাওঁ, সেইবাবেই মই আহোম প্ৰশাসনৰ দুজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিম যিদুজন সংগীতৰ সৈতে জড়িত। প্ৰথমে, ১৮ শতিকাত জন্মগ্ৰহণ কৰা জিকিৰ আলী হাজৰিকাৰ বিষয়ে। জিকিৰ আলী আছিল মৌলৱী গৌহৰ আলী খানৰ পুত্ৰ। গৌহাৰে ১৭ শতিকাৰ শেষৰ ফালে অসমত বসতি স্থাপন কৰিছে। জিকিৰ আলীয়ে দেউতাকৰ পৰা ভাষা, সাহিত্য আৰু ধৰ্মৰ শিক্ষা লৈ আজান ফকীৰৰ মাদ্ৰাছাত থাকিবলৈ ধৰিলে। তাত তেওঁ জিকিৰ–জাৰী গাইছিল। এই জিকিৰবোৰ গোৱাত তেওঁ অতি ভাল আছিল, আৰু অতি জনপ্ৰিয় হৈ পৰিছিল। জিকিৰ আলীৰ গীত শুনি প্ৰসন্ন হৈ আহোম ৰজাই জিকিৰক মাটি উপহাৰ দি আহোম প্ৰশাসনত হাজৰিকা হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পিছত তেওঁ ‘বৰ মোল্লা‘ নামেৰে পৰিচিত হ‘ল (আব্দুৰ ৰহমানৰ ‘অসমৰ মুছলমানসকল‘, পৃষ্ঠা ১৭৭)। সংগীতৰ বাবেই গুৰুত্ব লাভ কৰা আন এজন ব্যক্তি আছিল কেৰকন গৰীয়া। শিৱসাগৰৰ শিৱ মন্দিৰৰ বৰ পূজাত তেওঁ ঢোল বজাইছিল (ডক্টৰ মোহিনীকুমাৰ শইকীয়াৰ ‘অসমীয়া সংস্কৃতিত ইছলামীয় প্ৰভাৱ‘, পৃষ্ঠা ৩৩)। যদিও মোহিনীকুমাৰ শইকিয়াই কেৱল এই এটা বাক্য উল্লেখ কৰিছে, শিৱসাগৰত বাস কৰা কেৰকনৰ বংশধৰসকলৰ পৰা অধিক তথ্য পোৱা যায়, যিসকলক ডৌলা পৰিয়াল বুলি কোৱা যায়। ডৌলা পৰিয়ালৰ দুজন সদস্যই News18ক জনাইছে যে কেৰকনে শিৱ মন্দিৰত নহয়, শ্ৰী দেৱী দৌলত ঢোল বজাইছিল। ১৭৩৪ চনত ৰাণী অম্বিকা দেৱী আৰু ৰজা শিৱ সিংহই হিন্দু ধৰ্মৰ এগৰাকী দেৱী — দুৰ্গাৰ প্ৰতি শ্ৰদ্ধা জনাই এই দৌল নিৰ্মাণ কৰিছিল। দেৱী দৌলত প্ৰথম দুৰ্গা পূজা উদযাপনৰ অংশ আছিল ডৌলা পৰিয়াল। প্ৰতি বছৰে পৰিয়ালটোৱে ঐতিহাসিক পৰম্পৰাৰ অংশ হিচাপে মন্দিৰৰ পৰা প্ৰসাদ লাভ কৰে। ডৌলা পৰিয়ালৰ আন এজন সদস্যৰ ইণ্টাৰভিউত শুনিলোঁ যে কেৰকন গৰীয়াই বিশেষভাৱে নাগাৰা বজাইছিল। আহোম ৰজাই কেৰকনৰ ওপৰত ইমানেই প্ৰসন্ন হৈছিল যে তেওঁক মন্দিৰৰ ৰক্ষক হিচাপে নিযুক্তি দি দিছিল। এইদৰে কেৰকন আহোম প্ৰশাসনৰ আৰু দেৱী দৌলৰ সংস্কৃতিৰ অংশ হৈ পৰে।
আহোম আৰু অসমীয়া সংস্কৃতি বৰ সুন্দৰ। ইয়াক আৰু সুন্দৰ কৰি তোলা কথাটো হ’ল বৈষম্য নকৰাকৈ আনৰ সংস্কৃতিৰ মিশ্ৰণ। অসমীয়া সংস্কৃতিৰ সৈতে ইছলামিক সংস্কৃতিৰ মিশ্ৰণে অসমৰ খিলঞ্জীয়াসকলৰ ঐক্যক আৰু অধিক শক্তিশালী কৰি তুলে। আজিৰ বাবে বিদাই ল‘লু, আকৌ লগ পাম আন এটা প্ৰবন্ধত য‘ত আমি আহোম ৰাজ্যৰ মুছলমানৰ ইতিহাস আৰু অৱদান অধিক আলোচনা কৰিম।
