শিৱসাগৰ, যোৰহাট, নাজিৰা
প্ৰভাত বণিয়া
মই যাও শিৱসাগৰ যোৰহাট, চৰাইদেউ নাজিৰা
বানে ধৰিছে ঘেৰি খাও খাও সংহাৰ মূৰ্তি
এফালৰ পৰা উটুৱাই নিলে দাদা, মা,বা, ভাই-ভনী,খুড়া-খুড়ী,
পেহা-পেহী
ঘৰ দুৱাৰ বাৰী-বস্তী ,খেতি পথাৰ, ঘটি লোটা বাটি
থাকিবলৈ অকণ ঠাই নাই,নাই ভাত কাপোৰ লঘোনীয়া দেহা
শুবলৈ বিছনা নাই,মহৰ কামোৰ আঠুৱা নাই কিনো অভাগা কপাল
শিৱসাগৰ যোৰহাট নাজিৰা আজি বানত উটি ভাঁহি যায়
তচনচ আশা আকাংক্ষা জীৱনৰ সপোন হেঙুলীয়া
দুখত হিয়া ভাগি যায়
মন ভাগি যায়
কি কৰো উপায়
কথা পতা হ’ল, আলোচনা কৰা হ’ল বহুবাৰ
অসম মূলুকৰ বান বিভিষীকাৰ কথা
“অসমৰ বানপানী, সমস্যা আৰু সমাধান” শীৰ্ষক ৰচনা লিখি
পৰীক্ষাত উত্তীৰ্ণহে হ’ল আজিলৈ বহু ছাত্ৰ-ছাত্ৰী
বান বিভিষীকাৰ হ’লে অদ্যপি নহ’ল অন্ত
প্ৰাৰ্থনা ! ভয়াবহ বান হক শেষ
‘অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা’বুলি অচিৰেই স্বীকৃত হওঁক
অসম ভূমি হওঁক চিৰদিন
বানমুক্ত।
