আদৰ্শহীন সমাজৰ নগ্ন স্বৰূপ – প্ৰেম বৈষ্ণৱ

Pc Vecteezy

আদৰ্শহীন সমাজৰ নগ্ন স্বৰূপ

প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

মানৱ সভ্যতাৰ সুদীৰ্ঘ ইতিহাসত আমাৰ সমাজখন হৈছে এক পৰস্পৰ নিৰ্ভৰশীল পৰিৱেশ। জ্ঞান, বিজ্ঞান আৰু প্ৰযুক্তিৰ অভাৱনীয় উত্তৰণৰ মাজেৰে মানুহে আজি সমগ্ৰ বিশ্বক নিজৰ মুঠিত আনিবলৈ সক্ষম হৈছে। এনে উন্নতিৰ বিপৰীতে মানৱীয় মূল্যবোধৰ ক্ষেত্ৰত সমাজখন আজি এক গভীৰ সংকটৰ মুখামুখী হৈছে। বৰ্তমানৰ সমাজখন যেন হঠাতে দুভাগত বিভক্ত হৈ পৰিছে। এই বিভাজন কোনো ভৌগোলিক বা অৰ্থনৈতিক সীমানাৰেখাৰ দ্বাৰা নিৰ্ধাৰিত নহয়। এইয়া হৈছে মানুহৰ চিন্তা, চেতনা, আচৰণ আৰু বিবেকৰ মাজৰ এক বিশাল দূৰত্ব। এটা সময় আছিল, যেতিয়া সমাজৰ প্ৰতিজন ব্যক্তিৰ মাজত এক পাৰস্পৰিক বিশ্বাস আৰু মৰ্যাদাৰ বান্ধোন আছিল। আজিৰ সমাজত মানুহৰ পৰিচয় হৈ পৰিছে তেওঁৰ স্বাৰ্থকেন্দ্ৰিক লক্ষ্যৰ দ্বাৰা। হঠাতে যেন মানুহ এচাম সহজলভ্য সুখৰ নিচাত মতলীয়া হৈ পৰিছে। এই সুখ সাময়িক আৰু ক্ষন্তেকীয়া।

সমাজৰ এই অস্থিৰতাৰ মূল কাৰণ হ’ল চিন্তা, আচৰণ আৰু মত প্ৰকাশৰ মাজত থকা আকাশ-পাতাল পাৰ্থক্য। আজিৰ সময়ত এচাম মানুহ নিজৰ সুবিধাৰ বাবেহে জীয়াই আছে। এই স্বাৰ্থপৰ গোষ্ঠীটোৱে সমাজৰ সমস্যাসমূহক নিজৰ মুনাফা আদায়ৰ সহজ উপায় হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকৰ বাবে অশালীনতা, হিংসা, ঘৃণা আৰু বৰ্বৰতা প্ৰধান অস্ত্ৰ হৈ পৰিছে। যেতিয়াই কোনো সচেতন ব্যক্তিয়ে সমাজৰ কোনো সমস্যা আঙুলিয়াই দিয়ে, তেতিয়াই এই সুযোগসন্ধানী লোকসকল ভয়ংকৰভাৱে আক্ৰমণাত্মক হৈ পৰে। নিজৰ স্বাৰ্থ আৰু সুখৰ বাট সুগম কৰি তুলিবলৈ তেওঁলোকে নীতি-নৈতিকতাৰ সকলো বান্ধোন ভাঙি পেলাইছে। শুদ্ধ-অশুদ্ধ বা ন্যায়-অন্যায়ৰ সংজ্ঞা তেওঁলোকৰ বাবে যেন সলনি হৈছে। পৰিয়ালৰ ভেটিটো আজিৰ সময়ত খহি পৰাৰ উপক্ৰম ঘটিছে। সমাজৰ প্ৰাথমিক শিক্ষালয় হিচাপে পৰিয়ালে যি নৈতিক শিক্ষা প্ৰদান কৰিব লাগিছিল, তাৰ অভাৱ আজি স্পষ্ট। সন্তানক উচ্চ শিক্ষা বা বিত্তীয় অৱস্থাৰ উন্নতিৰ বাবে দিহা-পৰামৰ্শ দিয়াটো স্বাভাৱিক, কিন্তু মানৱীয় গুণৰ চৰ্চা কৰিবলৈ আমি পাহৰি গৈছোঁ। স্বাৰ্থপৰতাৰ বিষবাষ্পই ঘৰৰ চাৰিবেৰৰ মাজতো প্ৰৱেশ কৰিছে। ভাই-ভনীৰ সম্পৰ্ক বা মাক-দেউতাকৰ প্ৰতি থকা দায়িত্ববোধ আজি গৌণ হৈ পৰিছে। পুৰণি কালৰ সেই উমৈহতীয়া ভাৱনা, য’ত এঘৰৰ দুখ আনঘৰৰ দুখ হিচাপে বিবেচিত হৈছিল, সেয়া আজি যেন এক পুৰণি কাহিনী হৈ পৰিছে। মানুহে আজি নিজৰ সৰু জগতখনৰ বাহিৰে আন একোকে দেখা নাপায়।

এই সমাজত অৱসৰৰ পাছৰ জীৱনটোও আজি এক প্ৰত্যাহ্বান। পূৰ্বতে মানুহে অৱসৰৰ পাছত সমাজৰ কামত নিজকে নিয়োজিত কৰিছিল, কিন্তু আজি একাংশ লোকে অৱসৰৰ সময়খিনিও নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে ব্যৱহাৰ কৰিব বিচাৰে। সমাজৰ প্ৰতি কৰণীয় কামবোৰ আজি এক প্ৰকাৰৰ বাণিজ্যলৈ পৰিণত হৈছে। যিমানখিনি লাভ বা প্ৰতিষ্ঠা পোৱা যায়, সিমানখিনি কাম কৰাৰ এক মানসিকতাই সমাজৰ ভেটিটো দুৰ্বল কৰিছে। সত্যক চাবলৈ আৰু মানিবলৈ অনিচ্ছুক এক সমাজ কেতিয়াও প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। ক্ষুদ্ৰ স্বাৰ্থৰ বাবে অন্যায়ৰ সমৰ্থন কৰাটো আজিৰ সময়ৰ আটাইতকৈ ভয়াৱহ ধিক্কাৰ।

মানুহে আজি নিজৰ অস্তিত্ব ৰক্ষাৰ নামত অমানৱীয় হৈ পৰিছে। যিখন সমাজত একসময়ত সততাৰ জয়গান গোৱা হৈছিল, সেই সমাজতে আজি অসততা এক পৰিচয় হৈ পৰিছে। ক্ষমতা আৰু অৰ্থৰ মোহ এনেদৰে বৃদ্ধি পাইছে যে মানুহে আপোনজনক চিনিব নোৱাৰা হৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি নিজৰ ভিতৰলৈ চাব লাগিব। আমাৰ বিবেকক পুনৰ জাগ্ৰত কৰা, অন্যায়ৰ বিৰুদ্ধে মাত মতা আৰু সত্যক সাহসেৰে গ্ৰহণ কৰাটোৱেই হ’ব সমাজৰ বাবে আমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান। ধ্বংসৰ দিশে গতি কৰা এই সমাজখনক উদ্ধাৰ কৰিবলৈ আমি সকলোৱে একলগ হ’ব লাগিব।

এই অৱক্ষয়ৰ অন্যতম কাৰণ হ’ল মানুহৰ ধৈৰ্যহীনতা। আজিৰ প্ৰজন্মৰ মাজত যি তাৎক্ষণিক ফল লাভ কৰাৰ প্ৰৱণতা দেখা গৈছে, সেয়া সামাজিক স্থিৰতাৰ বাবে ক্ষতিকাৰক। যিকোনো কামতে চুটি পথ অৱলম্বন কৰিব বিচৰা মানসিকতাই কেৱল সাময়িক সাফল্য আনিব পাৰে, কিন্তু দীর্ঘম্যাদী ফলাফলৰ ক্ষেত্ৰত ই এক ডাঙৰ বাধা। পুৰণি প্ৰজন্মৰ সেই সহনশীলতা আৰু মূল্যবোধৰ শিক্ষা আজিৰ শিক্ষা ব্যৱস্থাত ক’তো যেন নাই। আমি অৰ্থনৈতিকভাৱে চহকী হ’লোঁ ঠিকেই, কিন্তু মানৱীয় গুণৰ পথাৰখন যেন চিৰদিনৰ বাবে শুকাই গ’ল। কোনোবাই ভুল কৰিলে তাক আঙুলিয়াই দিবলৈ ভয় কৰা বা অৱজ্ঞা কৰা পৰিৱেশ এটা গঢ় লৈ উঠিছে। এই ভয়ৰ সংস্কৃতিয়েই সমাজখনক আন্ধাৰৰ ফালে ঠেলি দিছে। আমাৰ চৰিত্ৰৰ দৃঢ়তা ক্ৰমান্বয়ে ম্লান পৰিছে। আমি পাহৰি গ’লোঁ যে চৰিত্ৰৰ বিনিময়ত অৰ্জন কৰা সম্পদ কেতিয়াও স্থায়ী নহয়। সমাজৰ এই ভয়াৱহ স্খলনৰ প্ৰতিচ্ছবিখন পুনৰ অৱলোকন কৰিবলৈ আমি আজিৰ এই আলোচনা আগবঢ়াইছোঁ। সত্যৰ মুখা পিন্ধি চলা এই কৃত্ৰিম সমাজখনৰ অন্তৰালৰ যি নগ্ন স্বৰূপ, সেয়া উদঘাটন কৰাটোৱেই এতিয়া সময়ৰ প্ৰয়োজন হৈ পৰিছে।

আমাৰ অৱক্ষয়ৰ এই যাত্ৰা আৰম্ভ হৈছে  নিজৰ ঘৰখনৰ পৰা। সন্তানক শিকোৱা হৈছে কেনেকৈ আনক পৰাস্ত কৰি আগবাঢ়িব পাৰি। আনক সহায় কৰাতকৈ নিজৰ উন্নতি কেনেকৈ নিশ্চিত কৰিব পাৰি, সেই কথাটোক গুৰুত্ব দিয়া হৈছে। প্ৰতিযোগিতাৰ নামত আমি যিমানবোৰ সংঘাত সৃষ্টি কৰিছোঁ, তাৰ ফলত সামাজিক মিলাপ্ৰীতিৰ ভেটিটো কঁপি উঠিছে। আমি চুবুৰীয়াৰ প্ৰতি থকা দায়িত্ব পাহৰিলোঁ। আমি প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতা হেৰুৱালোঁ। যিখন পৃথিৱীত মানুহৰ বাবে মৰম আৰু প্ৰেমৰ স্থান থাকিব লাগিছিল, সেই ঠাইত আজি ঘৃণা আৰু সন্দেহৰ বীজ অংকুৰিত হৈছে। আমাৰ এই মানসিকতাই সমাজখনক এটা অচল অৱস্থালৈ লৈ গৈছে। সমাজৰ প্ৰতিজন ব্যক্তিৰ এই দায়বদ্ধতা নোহোৱা হৈছে। সকলোৱে কেৱল অধিকাৰ বিচাৰে, কিন্তু কৰ্তব্য পালন কৰিবলৈ অনিচ্ছুক। এই মানসিকতাই এখন সমাজক কেতিয়াও উন্নত কৰিব নোৱাৰে। আমি প্ৰতিটো খোজত নিজকে সুধিব লাগিব – আমি সঁচাকৈয়ে মানুহ হিচাপে জীয়াই আছোঁ নে কেৱল যান্ত্ৰিক জীৱন এটা অতিবাহিত কৰিছোঁ? এইয়া আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন ।

মানৱীয় প্ৰমূল্যৰ অৱক্ষয়ে কেৱল ব্যক্তি বিশেষৰ চিন্তাধাৰা সলনি কৰাই নহয়, এই অৱক্ষয়ে প্ৰতিষ্ঠানসমূহৰ মূল ভেটিটোও কঁপাই তুলিছে। শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহলৈকে আজি স্বাৰ্থপৰতাৰ বিষবাষ্প বিয়পি পৰিছে। যিবোৰ অনুষ্ঠানক সমাজ গঢ়াৰ কাৰখানা বুলি গণ্য কৰা হয়, সেইবোৰ আজি একাংশ উচ্চাকাংক্ষী আৰু অদূৰদৰ্শী লোকৰ কৰায়ত্তত। ক্ষমতাৰ বাবে অৰিয়াঅৰি কৰা এই লোকসকলে প্ৰতিষ্ঠানৰ স্বাৰ্থতকৈ নিজৰ স্থান সুৰক্ষিত কৰাটোক অধিক গুৰুত্ব প্ৰদান কৰে। নীতি-নিয়মৰ দোহাই দি কেৱল নিজৰ পদমৰ্যাদা বঢ়াই থোৱাৰ প্ৰৱণতাই অনুষ্ঠানবোৰৰ কৰ্মসংস্কৃতি নষ্ট কৰি পেলাইছে। সচেতন ব্যক্তি বা সৎ বিষয়াৰ বাবে এনে প্ৰতিষ্ঠানত কাম কৰাটো আজি এক প্ৰত্যাহ্বান হৈ পৰিছে।

যিকোনো সমাজৰ মেৰুদণ্ড হৈছে তাৰ বুদ্ধিজীৱী সমাজ আৰু সচেতন নাগৰিক সমাজ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি এই শ্ৰেণীটোৰ মাজতো স্বাৰ্থৰ ৰাজনীতি চলিবলৈ আৰম্ভ কৰিছে। সমাজক সঠিক পথ দেখুৱাব পৰা লোকসকলে মৌনতা অৱলম্বন কৰি অথবা নিজৰ স্বাৰ্থত কোনো এক পক্ষ লৈ সমাজক বিভক্ত কৰাত অৰিহণা যোগাইছে। সত্য কথা ক’বলৈ ভয় কৰা বা নিজৰ সুবিধা অনুসৰি সত্যক সলনি কৰা লোকসকলৰ বাবে সমাজত আদৰ্শৰ সংকট সৃষ্টি হৈছে। ইয়াৰ ফলত প্ৰকৃত প্ৰতিভাৱান লোকসকল অৱহেলিত হৈছে আৰু অযোগ্য তথা সুযোগসন্ধানী লোকসকলে সমাজৰ আগশাৰীত স্থান পাইছে। এনে অৱস্থাই এখন সমাজক ধীৰে ধীৰে ধ্বংসৰ দিশলৈ লৈ যায়।

প্ৰযুক্তিৰ দ্ৰুত বিস্তাৰে মানুহৰ মাজত থকা সামাজিক দূৰত্ব বৃদ্ধি কৰিছে। ডিজিটেল মাধ্যমৰ জৰিয়তে আমি পৃথিৱীৰ আন প্ৰান্তৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ, অথচ কাষৰ মানুহজনৰ সৈতে আমি কোনো কথা পাতিবলৈ আহৰি নাপাওঁ। সামাজিক মাধ্যমৰ ব্যৱহাৰ আজি প্ৰদৰ্শনৰ এক আহিলা হৈ পৰিছে। নিজৰ ছবি বা জীৱনশৈলীৰ প্ৰদৰ্শনেই আজি মানুহৰ বাবে একমাত্ৰ কাম হৈ পৰিছে। আনৰ প্ৰতি সমবেদনা প্ৰকাশ কৰাৰ পৰিৱৰ্তে আজিৰ মানুহে আনৰ দুখৰ সমলবোৰকো সামাজিক মাধ্যমত লাইক বা কমেন্ট পোৱাৰ মাধ্যম হিচাপে লৈছে। এই যান্ত্ৰিকতাই মানুহৰ মনৰ পৰা দয়া আৰু মৰমৰ আৱেগবোৰ আঁতৰাই পেলাইছে। সমাজৰ প্ৰতি থকা দায়বদ্ধতা আজি কেৱল কিছুমান ডিজিটেল পোষ্টৰ মাজতে সীমিত হৈ ৰৈছে।

ৰাজনীতি আৰু সমাজ ব্যৱস্থাতো একেই বিপৰ্যয় দেখা গৈছে। সেৱাৰ নামত আৰম্ভ হোৱা ৰাজনীতি আজি বিত্তীয় মুনাফা অৰ্জনৰ সহজ উপায় হৈ পৰিছে। নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সামাজিক পদবীলৈকে সকলোতে এতিয়া ধনৰ খেল। যিজন ব্যক্তিৰ হাতত সমাজৰ দায়িত্ব থাকিব লাগিছিল, তেওঁ আজি নিজৰ সম্পত্তি বৃদ্ধি কৰাত ব্যস্ত। এনে এক পৰিৱেশত সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। কোনো গুৰুত্বপূৰ্ণ সামাজিক সমস্যাৰ সমাধানৰ বাবে একত্ৰিত হোৱাতকৈ মানুহে আজি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে দলীয় বা গোষ্ঠীগত পক্ষ লৈ বিবাদত লিপ্ত হয়। এই বিবাদে সমাজৰ শান্তি আৰু সংহতিৰ ভেটি কঁপাই তুলিছে।

বৰ্তমানৰ অৰ্থনৈতিক ব্যৱস্থাতো মানুহৰ স্বাৰ্থপৰতা স্পষ্ট। ভোগবাদী সংস্কৃতিয়ে মানুহক এনেদৰে বন্দী কৰিছে যে তেওঁলোকে কি লাগেতকৈ কিমান বেছি জমা কৰিব পাৰে, তাৰ প্ৰতিহে অধিক আগ্ৰহী। প্ৰাকৃতিক সম্পদৰ অবাধ লুণ্ঠন আৰু পৰিৱেশৰ প্ৰতি থকা অৱহেলাৰ মূলতে হৈছে মানুহৰ এই অদম্য লোভ। অনাগত প্ৰজন্মৰ বাবে আমি কি পৃথিৱী এৰি থৈ যাম, সেই চিন্তা আজি কাৰোৰে নাই। যিখন পৃথিৱীয়ে আমাক জীৱন দিছে, সেই পৃথিৱীৰ প্ৰতি আমি প্ৰদৰ্শন কৰা এই নিৰ্লজ্জ অৱহেলাই আমাৰ সামাজিক পতনৰ আন এক দিশ উন্মোচন কৰিছে।

আমি আমাৰ দায়িত্ববোৰ পাহৰি পেলাইছোঁ। এখন সুস্থ সমাজ গঢ়িবলৈ হ’লে প্ৰতিজন ব্যক্তিৰ নিজৰ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি সচেতন হোৱা অতি প্ৰয়োজনীয়। আমাৰ চিন্তা-চেতনাৰ পৰিৱৰ্তন নহ’লে কেৱল নিয়ম বা আইন প্ৰণয়ন কৰি সমাজক সুস্থ কৰিব নোৱাৰি। আন্তৰিকতাৰ অভাৱত আজি প্ৰতিটো সামাজিক প্ৰয়াস বিফল হৈছে। আমি যিটো সংকটৰ মাজেৰে গতি কৰিছোঁ, তাৰ পৰা ওলাই আহিবলৈ হ’লে প্ৰত্যেককে নিজৰ বিবেকৰ কাষত জবাবদিহি হ’ব লাগিব। সমাজৰ এই বিসংগতি দূৰ কৰাটো আজি এক সাংঘাতিক প্ৰত্যাহ্বান, ইয়াৰ বাবে যি সাহসিকতাৰ প্ৰয়োজন, সেই সাহস আজি হেৰুৱাই পেলাইছোঁ।

যদিহে আমি সত্যৰ পথ ত্যাগ কৰোঁ, তেন্তে আমাৰ মানৱীয় অস্তিত্বৰ কোনো অৰ্থ নাথাকে। যিদিনা মানুহে বুজি পাব যে স্বাৰ্থসিদ্ধিয়ে মানুহক কেৱল নিঃসংগ আৰু দুখী কৰি তোলে, সেইদিনাই সমাজত পৰিৱৰ্তনৰ বাট মুকলি হ’ব পাৰে বুলি আশা কৰিব পাৰি। এই পৰিৱৰ্তন কোনো বহিঃশক্তিৰ দ্বাৰা নহয়, প্ৰতিজন ব্যক্তিৰ অন্তৰৰ পৰা অহা সদিচ্ছাৰ দ্বাৰাহে এইয়া সম্ভৱ। আমাৰ আগত থকা এই অন্ধকাৰময় ভৱিষ্যতৰ পৰা উদ্ধাৰ পাবলৈ হ’লে আমি একত্ৰিত হৈ কাম কৰিব লাগিব। সমাজৰ প্ৰতিজন ব্যক্তিৰ চিন্তা আৰু কৰ্মৰ মাজত সংগতি ৰখাটোৱেই আজিৰ সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম।

সমাজৰ নৈতিক অৱক্ষয় আৰু স্বাৰ্থপৰতাৰ ভয়াৱহ প্ৰভাৱৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোঁ। এতিয়া আমাৰ মূল লক্ষ্য হ’ল এই ধাৰাবাহিক প্ৰক্ৰিয়াক স্থবিৰ কৰি নতুন আশাৰ পোহৰ বিয়পাব পৰা এক সুপৰিকল্পিত পথ প্ৰশস্ত কৰা। অন্ধকাৰৰ মাজত হেৰাই যোৱা মানৱীয় মূল্যবোধসমূহক পুনৰ উদ্ধাৰ কৰাটো এক অসাধ্য সাধনৰ দৰে প্ৰত্যাহ্বান হ’লেও, এইয়া অপৰাজেয় নহয়। সমাজৰ এই বিসংগতি দূৰ কৰিবলৈ আমি কিছুমান মৌলিক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা উচিত। আমাৰ চিন্তাৰ পৰিসৰ ব্যক্তিগত লাভ-লোকচানৰ সৰু বৃত্তটোৰ পৰা আঁতৰাই সামূহিক স্বাৰ্থৰ বিশাল পৰিধিলৈ প্ৰসাৰিত কৰাটো আজিৰ সময়ৰ প্ৰধান দাবী।

প্ৰথম পৰিৱৰ্তনটো আহিব লাগিব শিক্ষাৰ জগতত। বৰ্তমানৰ শিক্ষা ব্যৱস্থাই জীৱিকাৰ বাবে প্ৰতিযোগী তৈয়াৰ কৰাত ইমানেই ব্যস্ত যে চৰিত্ৰ গঠনৰ প্ৰয়োজনীয়তাক আমি পাহৰি পেলাইছোঁ। আমি পাঠ্যক্ৰমৰ সৈতে নৈতিক শিক্ষা, মানৱ দৰ্শন আৰু সামাজিক দায়বদ্ধতাৰ পাঠসমূহক সাৰুৱা ৰূপত অন্তৰ্ভুক্ত কৰিব লাগিব। শিশুক সৰুৰে পৰা শিকাব লাগিব যে প্ৰকৃত সাফল্য মানে অৰ্থ অৰ্জন নহয়, সমাজৰ প্ৰতি কৰা অৱদানৰ দ্বাৰা নিজক প্ৰতিষ্ঠা কৰাহে। শিক্ষাগুৰুসকলৰ ভূমিকা ইয়াত অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকে নিজৰ আচৰণৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক চৰিত্ৰৰ মহত্ত্ব বুজাই দিব পাৰে। যেতিয়া এজন যুৱকে উপলব্ধি কৰিব যে আনৰ ক্ষতি কৰি লাভ কৰা সম্পদৰ কোনো মৰ্যাদা নাই, অথবা স্থায়ী কোনো সুখ নাই, তেতিয়াই সমাজৰ পৰা অশুভ প্ৰবৃত্তিৰ প্ৰভাৱ হ্ৰাস পাব। শিক্ষাৰ অৰ্থ কেৱল চাৰ্টিফিকেট আহৰণ নহয়, শিক্ষা হ’ব লাগে জ্ঞান আহৰণৰ মূল মাধ্যম।

দ্বিতীয় দিশটো হ’ল আমাৰ পৰম্পৰাগত সামাজিক বান্ধোনৰ পুনৰুজ্জীৱন। যি মৰম আৰু মিলাপ্ৰীতিৰ ভেটিত আমাৰ সমাজখন গঢ় লৈ উঠিছিল, তাক আমি পুনৰ উদ্ধাৰ কৰিব লাগিব। চুবুৰীয়াৰ প্ৰতি থকা দায়িত্ববোধ আৰু সমগ্ৰ সমাজৰ সৈতে থকা আধ্যাত্মিক সংযোগ শক্তিশালী কৰা আৱশ্যক। উৎসৱ-পাৰ্বনবোৰ আজি প্ৰদৰ্শনৰ আহিলা হৈ পৰিছে; আমি এই অনুষ্ঠানবোৰৰ জৰিয়তে মানুহৰ মাজৰ দূৰত্ব কমাই মৰমৰ সেঁতু গঢ়িবলৈ চেষ্টা কৰিব লাগিব। যেতিয়া মানুহে বুজি পাব যে বিপদৰ সময়ত চৰকাৰ বা প্ৰতিষ্ঠানতকৈ কাষৰ মানুহজনৰ হাতখন বেছি দৰকাৰী, তেতিয়াই স্বাৰ্থপৰতাৰ গ্ৰাসৰ পৰা আমি মুক্ত হ’ব পাৰিম। সামাজিক অনুষ্ঠানসমূহত আমি কি দৰ-দাম কৰিলোঁ বা কিমান দেখুৱাব পাৰিলোঁ, তাৰ পৰিৱৰ্তে মানুহক কেনেদৰে একত্ৰিত কৰিব পাৰিলোঁ, তাৰ ওপৰত গুৰুত্ব দিয়াটো জৰুৰী।

তৃতীয়তে, আমাৰ বিবেকক জাগ্ৰত কৰা। যি অন্যায় দেখিও আমি মৌনতা অৱলম্বন কৰোঁ, সেয়া আচলতে আমাৰ পতনৰ বাট। সত্যক পোহৰলৈ আনিবলৈ যি সাহস লাগে, তাক অন্তৰত পুহি ৰখা প্ৰতিজন ব্যক্তিয়েই সমাজৰ প্ৰকৃত নায়ক। সমাজত এতিয়া এনে কিছুমান প্ৰভাৱশালী কণ্ঠৰ প্ৰয়োজন যিয়ে ভয়ৰ উৰ্ধত গৈ অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰে। আইনৰ শাসন কিতাপৰ পাতত আৱদ্ধ নাৰাখি প্ৰতিজন নাগৰিকে নিজৰ আচৰণত প্ৰতিফলিত কৰিব লাগিব। যেতিয়া আমি ভুলৰ বিৰুদ্ধে থিয় দিম, তেতিয়াই এক সুস্থ সামাজিক পৰিৱেশ সৃষ্টি হ’ব। এই সাহসটো আমাৰ ল’ৰা-ছোৱালীক দিয়া শিক্ষাৰ মূল আধাৰ হোৱা উচিত। আমি তেওঁলোকক শিকাব লাগিব যে সত্যৰ পথত অকলশৰীয়া হ’লেও ভয় কৰিব নালাগে।

চতুর্থতে, ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাত নৈতিকতাৰ প্ৰয়োগ। সমাজৰ শাসন ভাৰ যিজনৰ হাততে নাথাকক, তেওঁৰ বাবে জনসেৱাই সৰ্বোচ্চ ধৰ্ম হ’ব লাগিব। অৰ্থনৈতিক মুনাফাৰ পিছত দৌৰাৰ পৰিৱৰ্তে আমি প্ৰকৃতি আৰু মানৱতাৰ সুৰক্ষাক প্ৰাধান্য দিব লাগিব। আজিৰ প্ৰজন্মই যদি সম্পদ আহৰণৰ নামত পৰিবেশ ধ্বংস কৰাৰ নিচিনা অপৰাধত লিপ্ত হয়, তেন্তে ভৱিষ্যতে আমি একোৱেই বাকী নাৰাখিম। আমি নিজৰ বিলাসিতা ত্যাগ কৰি সামূহিক সুখৰ বাবে ত্যাগ কৰিবলৈ শিকিব লাগিব। ত্যাগেই হৈছে সমাজৰ সকলোতকৈ ডাঙৰ আভূষণ। যি সমাজত ত্যাগৰ গুৰুত্ব নাই, সেই সমাজত কেতিয়াও স্থায়ী শান্তি বিৰাজ নকৰে।

সামৰণিত ক’ব পাৰি যে, সমাজখন আমাৰ প্ৰতিচ্ছবি। আমি যেনে ধৰণৰ আচৰণ কৰিম, সমাজখন তেনেদৰেই গঢ় লৈ উঠিব। স্বাৰ্থপৰতাৰ পৰা মুক্ত হৈ এক সুস্থ আৰু সুন্দৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব আমাৰ প্ৰতিজনৰ হাতত। আমি অতীতৰ ভুলৰ পৰা শিকি ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি গঢ়িব লাগিব। আজি আমি যি সিদ্ধান্ত ল’ম, সি অনাগত দিনত আমাৰ উত্তৰসুৰীসকলৰ বাবে এক মাইলৰ খুঁটি হৈ ৰ’ব। ঘৃণাৰ পৰিৱৰ্তে প্ৰেম, সন্দেহৰ ঠাইত বিশ্বাস আৰু স্বাৰ্থৰ ঠাইত ত্যাগক সাৱটি ল’লে এই সমাজ পুনৰ জীপাল হৈ উঠিব। আহক, আমি প্ৰতিজন বিবেকৱান নাগৰিকে মিলি আমাৰ সমাজখনক পুনৰ পৰিৱৰ্তনৰ পোহৰলৈ আগবঢ়াই নিওঁ। আমাৰ এই প্ৰয়াস নিৰন্তৰ চলি থাকিলে, নিশ্চয় এদিন সমাজত শান্তি আৰু প্ৰগতিৰ নতুন বতৰা আহিব। এই যাত্ৰা নিজৰ পৰা আৰম্ভ হ’ব লাগিব, য’ত বিবেকই হ’ব আমাৰ আটাইতকৈ ডাঙৰ পথ প্ৰদৰ্শক। অনাগত দিনৰ মানুহৰ বাবে আমি এক শ্ৰেষ্ঠ উত্তৰাধিকাৰ এৰি থৈ যাম, য’ত মানুহৰ পৰিচয় তেওঁৰ অৰ্থ বা পদবীৰ দ্বাৰা নহয়, বৰঞ্চ তেওঁৰ কৰ্ম আৰু বিবেকৰ দ্বাৰা নিৰ্ধাৰিত হ’ব। সেয়াই হ’ব আমাৰ সমাজৰ প্ৰকৃত বিজয়।