মধুপুৰ সত্ৰত গুৰু দুজনাৰ সংৰক্ষিত দৰ্শনীয় বস্তুঃ এটি আলোকপাত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰায় ৯৭ বছৰ বয়সত মহাপুৰুষ মাধৱদেৱ, নাৰায়ণ ঠাকুৰ,ৰামৰামগুৰু ,ৰামৰায় সহ শতাধিক শিষ্যক লৈ দ্বিতীয় বাৰৰ বাবে আনুমানিক ১৫৫০ খৃষ্টাব্দত পুৰীতীৰ্থৰ জগন্নাথ ক্ষেত্ৰৰ পৰা উভতি অহাৰ পথত বৰ্তমান কোচবিহাৰ চহৰৰ পশ্চিম দিশত প্ৰায় ৭ কিলোমিটাৰ নিলগত এটি বৃহৎ বৃক্ষৰ তলত বহি তেওঁ ভক্তসকলক ভাগৱত পুৰাণত বৰ্ণিত বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ লীলাৰ কথা ব্যাখ্যা কৰি আছিল। সেই সময়ত এগৰাকী শিষ্যৱে গছটিত ওলমি থকা মৌচাকৰ পৰা মৌ আহৰণ কৰি সকলোকে খুৱাই তৃপ্তি প্ৰদান কৰিছিল। এই ঘটনাক স্মৰণীয় কৰি ৰাখিবলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে এই ঠাইখনৰ নাম মধুপুৰ থান ৰাখে। পুৰ্বতে এই ঠাইখনৰ নাম আছিল চন্দনচৌৰা। গুৰু শঙ্কৰদেৱে ১৪৯০ শকৰ ( ১৫৬৮ খৃষ্টাব্দত) ভাদ্ৰ মাহৰ ২১ তাৰিখে শুক্লা দ্বিতীয়া তিথি, বৃহস্পতিবাৰে দিনৰ ডেৰ বজাত মধুপুৰ থানত নশ্বৰদেহ ত্যাগ কৰি বৈকুণ্ঠগামী হয়। তেওঁৰ পৰম ভক্ত কোচবিহাৰৰ মহাৰাজ নৰনাৰায়ণে শঙ্কৰদেৱক ঈশ্বৰ জ্ঞান কৰি মধুপুৰ থানৰ নামত দুশ বিঘা মাটি ব্ৰহ্মোত্তৰ হিচাপে প্ৰদান কৰে। তেতিয়াৰ পৰাই এই মধুপুৰ থানটি মধুপুৰ সত্ৰ হিচাপে পৰিগণিত হয়।
মধুপুৰ সত্ৰৰ আন এটি নাম ‘ দহমুকুট ‘ যিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দহজন প্ৰধান শিষ্যৰ (ভক্তসকলৰ) বাসস্থান বা ভেটি হিচাপে নিৰ্দেশ কৰে।
বিশেষকৈ, অসমীয়া নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য তথা নামঘোষাৰ ৰচক মহাপুৰুষ মাধৱদেৱে মধুপুৰ সত্ৰত বাস কৰি গুৰুজনাৰ তিৰোভাৱৰ পিছত একশৰণ নামধৰ্মৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ১৫৯৬ চনত এই মধুপুৰ সত্ৰতে ইহলীলা সম্বৰণ কৰে।
বৰ্তমানো এই মধুপুৰ সত্ৰ একশৰণ নামধৰ্মৰ ঐতিহ্য আৰু অসমীয়া সংস্কৃতিৰ এক ঐতিহাসিক মিলনভূমি হিচাপে বিশেষ ভাৱে পৰিচিতি লাভ কৰিছে।
আৰু ইয়াত গুৰু দুজনাৰ কেইবাবিধো দৰ্শনীয় বস্তু-সামগ্ৰী অতি সযতনেৰে সংৰক্ষিত কৰি ৰখা হৈছে।
এই দৰ্শনীয় বস্তু-সামগ্ৰী হ’ল–
গুৰুজনাৰ সমাধি মন্দিৰ, কীৰ্তনঘৰ আৰু মণিকূট। মূল সমাধি মন্দিৰত গুৰুজনাৰ দিনৰে কিছুমান সেৱাৰ বস্তু সংৰক্ষিত হৈ আছে। সেইবোৰ হ’ল- গুৰুজনাৰ বহাৰ কঠ বা পীৰা তেওঁৰ খৰম , ৰজাই দিয়া লাখুটি,
গুৰুজনাৰ হাতৰ জপমালা, গুৰুজনাই নিজ হাতে লিখা সাঁচিপাতৰ গুণমালা পুথি , তেওঁৰ বৃন্দাবনী বস্ত্ৰৰ অংশবিশেষ, গুৰুজনাই গুৱা-পান গ্ৰহণ কৰা টেমী-কটাৰী সহ সঁফুৰা, গুণমালা পুথিখন লিখা কাপ-মৈলাম ইত্যাদি। ইয়াৰ উপৰিও মাধৱদেৱে স্বহস্তে লিখা ঘোষাৰ পুথিখন, তেওঁ জলপান কৰা লোটা আৰু দুজনা গুৰুৰ শৰীৰৰ অংশ অস্থি ধৰ্মীয় পৰম্পৰাগতভাৱে পবিত্ৰ ভাৱে সংৰক্ষিত কৰা হৈছে।
গুৰুজনাক ৰজাই দিয়া লাখুটিডাল আৰু বহাৰ কঠ বা পীৰাত পৰম্পৰাগত ভাৱে কাঠৰ আচবাব-পত্ৰ আদিত নানা আ-অলঙ্কাৰেৰে হস্তশিল্পৰ দ্বাৰা নিৰ্মিত দক্ষ কাঠ খোদাই কৰা ; যাক খনিকৰ শিল্পী বুলি অভিহিত কৰা হয়, তেওঁলোকৰ দ্বাৰা অতি মনোৰম ভাৱে সাজ- সজ্জাৰে সজ্জিত কৰা হৈছে।
নিপুণ কাৰুশিল্পীয়ে স্থানীয় মজবুত কাঠেৰে বা বাঁহ-বেতেৰে এই লাখুটিডাল বা কঠ বা পীৰা নিৰ্মাণ কৰোঁতে প্ৰাচীন কালৰে পৰা চলি অহা পদ্ধতি প্ৰয়োগ কৰি এইবোৰক মসৃণ কৰি তুলিছিল।
মধুপুৰ সত্ৰত সংৰক্ষিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু মহাপুৰুষ মাধৱদেৱৰ ব্যৱহৃত জপমালাবোৰ তুলসী কাঠৰ বুলি জনমানসত আৰু সত্ৰীয়া পৰম্পৰাত বিশ্বাস কৰা হয়। এই জপমালাত সৰ্বমুঠ ১০৮ টি দানা বা গুটি আছে।
সাঁচিপাতৰ পুথি হ’ল, প্ৰাচীন অসমীয়াৰ লিখিত ঐতিহ্যৰ এক অমূল্য সম্পদ।
সাঁচি গছৰ বাকলি কাটি আনি ৰ’দত শুকুৱাই,তেল লগাই আৰু শিলত ঘঁহি লিখাৰ উপযোগী কোমল পাতল পৃষ্ঠালৈ ৰূপান্তৰ কৰা হৈছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সময়ত সত্ৰসমূহত এনে পুথি লিখাৰ ব্যাপক প্ৰচলন দেখা যায়। ‘ চিত্ৰ ভাগৱত ‘, শ্ৰী হস্ত মুক্তাৱলী ‘ আৰু ‘ হস্তি বিদ্যাৰ্ণৱ ‘ ৰ উপৰিও মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে জীৱনৰ শেষ বয়সত লিখা ‘ গুণমালা ‘ বিশ্ববিখ্যাত সচিত্ৰ সাঁচিপতীয়া পুথিৰ উৎকৃষ্ট নিদৰ্শন।
এই গুণমালা পুথিখন লিখিবলৈ শিলকাহ, গো-মূত্ৰ,আমলখি আৰু কেঁচা খাৰ আদি মিহলাই এক বিশেষ ধৰণৰ দীৰ্ঘস্থায়ী ক’লা চিয়াঁহী ব্যৱহাৰ কৰা হৈছিল। মূল লেখাৰ উপৰিও চিত্ৰাঙ্কণ কৰোঁতে হেঙুল আৰু হাইতাল ব্যৱহাৰ কৰা হৈছিল। গুণমালা পুথিখন ৰচনা কৰোঁতে ব্যৱহৃত কাপ-মৈলামসমূহ চন্দন কাঠ আৰু অগৰু কাঠেৰে নিৰ্মিত আছিল।
মধুপুৰ সত্ৰত বৃন্দাবনী বস্ত্ৰৰ অংশবিশেষ সংৰক্ষিত কৰা আছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পাটবাউসীত থকা সময়ত কোঁচ ৰজা মল্লদেৱ বা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ শুক্লধ্বজ বা চিলাৰায়ৰ অনুৰোধক্ৰমে মহাপুৰুষ মাধৱদেৱৰ তত্বাৱধানত পাটকাপোৰত ভাগৱত বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ আখ্যান বিলাক ফুল বাছি বৃন্দাবনী বস্ত্ৰ বৈছিল। প্ৰকৃততে, ৰজা নৰনাৰায়ণে শঙ্কৰদেৱৰ মুখেৰে শ্ৰীকৃষ্ণৰ শিশুকালৰ আখ্যান শুনিবলৈ পাই অভিভূত হৈ এই আখ্যানসমূহ চিত্ৰৰ জৰিয়তে চাবলৈ ইচ্ছা প্ৰকাশ কৰাৰ বাবে শংকৰদেৱে সেয়া কাপোৰত ৰং-বিৰঙৰ সূতাৰে ফুটাই তোলা সম্ভৱ হ’ব বুলি কোৱাৰ বাবে ৰজাই ৰং-বিৰঙৰ সূতাকে আদি কৰি যাৱতীয় ব্যৱস্থা যোগান দিয়াত মাধৱদেৱৰ তত্বাৱধানত বৰপেটাৰ তাঁতীকুছি নামে ঠাইত গোপাল আতাক মুখ্য তাঁতী হিচাপে লৈ বাৰজন মৰল আৰু ছকুৰি শিপিনীসকলৰ মাধ্যমেৰে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰা হৈছিল।
এই বস্ত্ৰ ১৫৬৭ চনৰ পৰা ১৫৬৯ চনৰ ভিতৰত বৈ উলিওৱা হৈছিল। মূল বৃন্দাবনী বস্ত্ৰখন প্ৰায় ১৮০ ফুট দীঘল আছিল। কিন্তু, বৰ্তমান এই বস্ত্ৰখনৰ আৱেশ খণ্ডিত হৈ বিভিন্ন ভাগত বিভক্ত হৈ পৰে। ইয়াৰ আটাইতকৈ ডাঙৰ অংশটো বিভিন্ন কাৰণত ভুটান হৈ তিব্বত পায়গৈ। তাৰ পৰা ইউৰোপীয় ব্যৱসায়ী সকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ আহে। বৰ্তমান এই বৃন্দাবনী বস্ত্ৰ লণ্ডনৰ ভিক্ট’ৰিয়া এলবাৰ্ট সংগ্ৰাহলয় আৰু পেৰিছৰ গুইমেট সংগ্ৰহালয়ৰ তত্বাৱধানত আছে। ইয়াৰ কেৱল এটা অংশবিশেষহে মধুপুৰ সত্ৰত সংৰক্ষিত হৈ আছে।
থুলমূল ভাৱে, মধুপুৰ সত্ৰত ৰক্ষিত গুৰুজনাৰ দৰ্শনীয় বস্তু-সামগ্ৰীৰ বিষয়ে আলোকপাত কৰা হ’ল।
