বৰষুণজাক আহিলে মোৰ আজিও কাগজৰ নাও বনাবলৈ মন যায় – হৃষীতা মেধী

Pc StockCake

বৰষুণজাক আহিলে মোৰ আজিও কাগজৰ নাও বনাবলৈ মন যায়

হৃষীতা মেধী (মৌনতাৰ সংগী)
দ্বাদশ শ্ৰেণীৰ ছাত্ৰী 
কনচেপ্ত চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

‎আকাশখন যেতিয়া কলীয়া মেঘে আৱৰি ধৰে,
‎বুকুৰ কোণত সাৰ পাই উঠে এটি পুৰণি অভ্যাস।
‎খিৰিকীৰ কাষত থিয় হৈ মই চাওঁ,
‎ধূলিধূসৰিত পথটো কেনেকৈ বৰষুণত তিতি জুৰুলি জুপুৰি হৈ পৰিছে,
‎বৰষুণৰ স্পৰ্শত কেনেকৈ সলনি হয় চহৰৰ ৰং।
‎টেবুলৰ ড্ৰয়াৰটো টানি মই বিচাৰো এখিলা বগা কাগজ,
‎হাতত তুলি লওঁ
‎দিনলিপিৰ পুৰণি উৱলি যোৱা পৃষ্ঠা,
‎নাইবা টেবুলত পৰি থকা কোনো অলাগতিয়াল পত্ৰিকা।
‎আঙুলিবোৰে পাহৰি যোৱা নাই সেই ভাঁজবোৰ,
‎চুকবোৰ মিলাই যেতিয়া মই কাগজখন সামৰো,
‎সময় যেন স্তব্ধ হৈ পৰে ক্ষন্তেকৰ বাবে।
‎শৈশৱৰ সেই বৰষুণজাক ইমান সহজ আছিল,
‎কাগজৰ নাওখন পানীত মেলি দিয়াই আছিল একমাত্ৰ লক্ষ্য।
‎কিন্তু এতিয়া, এই পৰিপক্ক বয়সৰ বৰষুণজাকত,
‎পানীৰ সোঁতত এতিয়া মই কেৱল কাগজৰ
সেই নাও খেলৰ স্মৃতিৰ প্ৰতিচ্ছবি নেদেখো,
‎দেখো জীৱনৰ এক গভীৰ অৰ্থৰ প্ৰতিবিম্ব।
‎আজি মই বনোৱা নাওখনত কোনো নাম নাই,
‎তাত থাকে কিছুমান অনুচ্চাৰিত শব্দ,
‎ব্যৰ্থতাৰ কিছু গধুৰ পৃষ্ঠা,
‎আৰু হেৰাই যোৱা সময়ৰ অলপ হুমুনিয়াহ।
‎তথাপিও মই সোঁৱৰণিৰ পাতত হেৰাই যাব খোজা
‎সেই কাগজৰ নাওখন মেলি দিব খোজো আলিবাটৰ জমা পানীত।
‎মই জানো, এই নাওখন বেছি দূৰ নাযায়,
‎অলপ আগুৱাই গৈয়েই ই তিতি গধুৰ হ’ব,
‎পানীৰ তলত লীন হৈ যাব ইয়াৰ অস্তিত্ব।
‎ঠিক আমাৰ সপোনবোৰৰ দৰেই,
‎যিবোৰ বাস্তৱৰ সোঁতত প্ৰতিদিনে ভাঙি পৰে।
‎তথাপিও বৰষুণজাক আহিলে মোৰ মন যায়,
‎আঙুলিৰে আকৌ এবাৰ স্পৰ্শ কৰিবলৈ সেই পুৰণি হেঁপাহটোক,
‎অতীত আৰু বৰ্তমানৰ সন্ধিক্ষণত থিয় হৈ,
‎ শেঁতা হাঁহিৰ অলংকাৰেৰে উদ্ভাসিত কৰা নিজক
পুনৰ আৱিষ্কাৰ কৰাৰ এক নিৰৱ প্ৰয়াস।
‎কাগজৰ নাওখন কেৱল পুতলা নহয়,
‎ই মোৰ ভিতৰত জীয়াই থকা সেই অবুজ শিশুটোৰ শেষ ঠিকনা,
‎যি এতিয়াও ধুমুহাৰ মাজতো পানীত ডুব যাবলৈ ইচ্ছা নকৰে,
‎পানীৰ উত্তাল ঢৌৰ মাজেৰে ভটিয়াই গৈ
‎থাকিবলৈ বিচাৰে।