যন্ত্ৰণা
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
মই কোন
তোমাৰ বাবে
আজিও নাজানিলোঁ জানা,
বুজি পাওঁ
তোমাৰ ভাগৰুৱা
বিষণ্ণ সময়ৰ বেথা,
বুজি পাওঁ
খিলখিল হাঁহিৰ আঁৰত
লুকাই থকা
বিষাদৰ মছলা টেমাটোৰ কথা,
দেখা পাওঁ
অনবৰতে চটফটাই থকা
দুটি ওঁঠত
মৌন শব্দৰ ভূগোল পৃষ্ঠা,
দেখা পাওঁ
দুচকুৰ পটাত
ঢাকনী দি ৰখা
এথোপি নীৰৱ বিষাদ,
সেয়ে কওঁ
নাজানো মই কোন
তোমাৰ বাবে
মই মাথোঁ তোমাক
অনুভৱ কৰোঁ
প্ৰতিপল জানা…,
তুমি জানো মোক
চিনি পাবা
কেতিয়াবা!!
