উদাৰবন্দত ভয়াৱহ চিলিণ্ডাৰ বিস্ফোৰণ

উদাৰবন্দত ভয়াৱহ চিলিণ্ডাৰ বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- কাছাৰ জিলাৰ উদাৰবন্দ বিধানসভা সমষ্টিৰ পানগ্ৰামত অৱস্থিত কেডি ৰোড লাডি ইণ্ডাষ্ট্ৰীত দেওবাৰে সংঘটিত এক ভয়ংকৰ এলপিজি চিলিণ্ডাৰ বিস্ফোৰণত ৪ জন শ্ৰমিকৰ মৃত্যু হয়। এই বিস্ফোৰণত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে।ইয়াৰে তিনিজনৰ ঘৰ উদাৰবন্দ ব্লকত যদিও মেচিন চালকৰ ঘৰ ত্ৰিপুৰাৰ আগৰতলাত। আহতসকলক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ আৰু হাস্পতালত ভৰ্তি কৰা হয়, য’ত তেওঁলোকৰ চিকিৎসা অব্যাহত আছে। বিস্ফোৰণক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে কাৰখানাৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে।  দেওবাৰে পুৱা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই ভয়াৱহ দুর্ঘটনা। গেছ ক্ৰেকাৰেৰে লোহাৰ চাদৰ কাটি থকা অৱস্থাত চিলিণ্ডৰ বিস্ফোৰণ হয়। বিস্ফোৰণত আশে-পাশে থকা অঞ্চল ধোঁৱাই আৱৰি ধৰে। বিস্ফোৰণত ওচৰত থকা শ্ৰমিকৰ শৰীৰৰ বিভিন্ন অংশ সিঁচৰতি হৈ পৰে। প্ৰথমে পাণগ্রাম জিপিৰ উপ-সভাপতি ছামচুল হক লস্কৰে দুৰ্ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। তেওঁ আহি উধাৰবন্দ থানাত খবৰ দিয়ে। এই খবৰ পোৱাৰ লগে লগে উধাৰবন্দ থানাৰ ইনচার্জ চিৰঞ্জীৱ কুমাৰ বৰাই এটা দলৰ সৈতে দুর্ঘটনাস্থলীত উপস্থিত হয়। দেওবাৰে কাছাৰ জিলাৰ উদাৰবন্দ পাণগ্ৰামৰ কেডি ৰড ইঞ্জষ্ট্ৰীত সংঘটিত হোৱা ভয়াৱহ চিলিণ্ডাৰ বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি হোৱা বুলি মন্ত্রী কৌশিক ৰয়ে সংবাদ মাধ্যমক সম্বোধন কৰি নিশ্চিত কৰিছে। দেওবাৰে পুৱা প্ৰায় ১১.০৩ বজাত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তেওঁ ঘোষণা কৰে যে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ তহবিলৰ পৰা প্ৰত্যেক পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য অনুমোদন জনাইছে। প্রতিজন মৃত শ্রমিকৰ পৰিয়ালক ৫ লাখ টকা প্রদান কৰা হ’ব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী ৰয়ে কয় যে কাছাৰৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, এন ডি আৰ এফৰ জোৱান আৰু অন্যান্য কর্তৃপক্ষকে ধৰি উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত আছিল আৰু এই ঘটনাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। চাৰিটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে পিছত আহতসকলৰ স্বাস্থ্যৰ খবৰ পোৱা যাব। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে জিলা আয়ুক্ত, সহকাৰী শ্ৰম আয়ুক্ত আৰু আৰক্ষীয়ে কাৰখানাটোত শ্রমিক সুৰক্ষাৰ নীতি-নিয়ম আৰু অন্যান্য বাধ্যতামূলক নিয়ম মানি চলিছে নে নাই সেইটো পৰীক্ষা কৰিবলৈ পৃথকে পৃথকে তদন্ত কৰিব। তেওঁ লগতে জনায় যে গুৱাহাটীৰ পৰা এটা বিশেষ দলে সেই স্থানত গৈ কি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে আৰু বিস্ফোৰণৰ আঁৰৰ সঠিক কাৰণ নিৰ্ণয় কৰিব। মন্ত্ৰী ৰয়ে কয় যে স্থানীয় বিধায়ক ৰাজদীপ গোৱালাই নিয়মীয়াকৈ পৰিস্থিতি নিৰীক্ষণ কৰি আহিছে আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ কৰিছে। তেওঁ লগতে কয় যে সোমবাৰে বিধায়কগৰাকী কাছাৰত উপস্থিত হোৱাৰ সম্ভৱনা আছে। পূৰ্বতে কাৰখানাটোত মাৰাত্মক দুর্ঘটনা সংঘটিত হৈছিল যদিও লুকুৱাই ৰখা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীৰ অভিযোগৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে প্রমাণ অবিহনে এনে দাবীৰ ওপৰত কৰ্তৃপক্ষই কোনো মন্তব্য দিব নোৱাৰে। তেওঁ কয় যে যদি পূৰ্বৰ কোনো বিস্ফোৰণ বা মৃত্যু হৈছিল আৰু লুকুৱাই ৰখা হৈছিল তেন্তে সেই কাণ্ডবোৰ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ’ব লাগিছিল আৰু তদন্তৰ জৰিয়তে বিষয়টো পৰীক্ষা কৰিব লাগিব। ঘটনাটোত কেইবাজনো শ্রমিক গুৰুতৰভাৱে আহত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্র উত্তেজনা বিৰাজ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে মূল গেট বন্ধ কৰি দিয়ে। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ ছিনিয়ৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষীসহ আৰক্ষী বাহিনী। আৰক্ষীয়ে নিহত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে।