জিম্বাব’ৱেক ৩৫ ৰানত পৰাস্ত কৰে ভাৰতে

Pc ANI News

জিম্বাব’ৱেক ৩৫ ৰানত পৰাস্ত কৰে ভাৰতে

ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল জিম্বাব’ৱে আৰু টীম ইণ্ডিয়াৰ মাজত অনুষ্ঠিত তিনিখনীয়া টি-২০ মেচৰ শৃংখলাটো ৩-০ৰ ব্যৱধানত দখল কৰে শ্রেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে। হাৰাৰেত দেওবাৰে অনুষ্ঠিত শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন মেচত টীম ইণ্ডিয়াই জিম্বাব’ৱেক ৩৫ ৰানত পৰাস্ত কৰে। মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৯৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰায়ান বুৰ্লৰ সৰ্বাধিক অপৰাজিত ৫৪ ৰানৰ সহায়ত জিম্বাব’ৱেই নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৭ ৰানহে কৰে। ৱেছলী মাধেভেৰেই ২০, বেন কুৰানে ২০ আৰু ডিয়ন মায়েছে ১৯ ৰানৰ অৱদান আগবঢ়ায়। ভাৰতীয় দলটোৰ হৈ মায়ংক যাদৱে সর্বাধিক ৩টা, য়শ ঠাকুৰে দুটা উইকেট লাভ কৰাৰ লগতে অশোক শৰ্মা আৰু ৰবি বিষ্ণই উভয়ে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰি যুৱ বিস্ফোৰক অ’পেনাৰ বৈভৱ সূৰ্যবংশীৰ চমকপ্রদ ৮১ ৰানৰ সহায়ত টীম ইণ্ডিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯২ ৰান কৰে। বৈভৱৰ উপৰি ঈশান কিশনে ২৯, অধিনায়ক শ্রেয়াছ আয়াৰে ২৭ আৰু ৰিংকু সিঙে ২৫ ৰানৰ অৱদান আগবঢ়ায়। বৈভৱৰ ৪৯টা বলৰ ইনিংছটোত আছিল ৮টা চাৰি আৰু ৪টা ছয়। পুনৰবাৰ ব্যর্থ হয় অভিষেক শর্মা।  অ’পেনাৰগৰাকীয়ে মাত্র দুই ৰান কৰি বিদায় লয়। তিলক বাৰ্মাই ১১ ৰান কৰি অপৰাজিত হৈ থাকে। জিম্বাব’ৱেৰ হৈ ব্রেড ইভানছে সর্বাধিক ২টা উইকেট লাভ কৰে। মেচখনৰ লগতে শৃংখলাটোৰ শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয় বৈভৱ সূর্যবংশী।