বিজেপিৰ বাবে শিক্ষার্থীসকলেই সবাতোকৈ গুৰুত্বপূৰ্ণঃ অমিত শ্বাহ

Pc Deccan Herald

বিজেপিৰ বাবে শিক্ষার্থীসকলেই সবাতোকৈ গুৰুত্বপূৰ্ণঃ অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পদত্যাগ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে কেন্দ্ৰীয় শিক্ষা মন্ত্রালয়ৰ অতিৰিক্ত দায়িত্ব গ্রহণ কৰি বিভাগীয় কাম আৰম্ভ কৰে প্ৰহ্লাদ যোশীয়ে। দেওবাৰে দিল্লীৰ শাস্ত্রী ভৱনত থকা নিজৰ কার্যালয়লৈ যায় তেওঁ। বিভাগীয় বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয়। শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰিয়েই প্রথম বার্তাটোতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায় যোশীয়ে। কার্যালয়ত অনুষ্ঠিত প্ৰথমখন বৈঠকৰ কিছু আলোকচিত্র সামাজিক মাধ্যমত পোষ্ট কৰে নতুন শিক্ষামন্ত্ৰীগৰাকীয়ে। তাত তেওঁ লিখে- ‘কেন্দ্রীয় শিক্ষামন্ত্রী হিচাপে আজি আমি দায়িত্ব গ্রহণ কৰোঁ। আমাৰ ওপৰত আস্থা ৰখাৰ বাবে আৰু এই দায়িত্ব আমাক দিয়া বাবে প্ৰধানমন্ত্ৰীৰ ওচৰত আমি কৃতজ্ঞ। গভীৰ কৰ্তব্যবোধ আৰু বিনয়েৰে আমি এই দায়িত্ব গ্রহণ কৰিছোঁ।’ ইংৰাজীৰ লগতে নিজৰ মাতৃভাষা কন্নড়তো একেই কথাখিনিকে লিখে যোশীয়ে। উল্লেখ্য যে নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ বিক্ষোভৰ জৰিয়তে শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী তুলিছিল আন্দোলনকাৰীসকলে। তেওঁলোকৰ বক্তব্য আছিল যে অনিয়মৰ দায়িত্ব মূৰ পাতি লৈ মন্ত্রালয়ৰ দায়িত্ব এৰিব লাগিব প্রধানে। একে দাবীতে অনশন আৰম্ভ কৰিছিল সোণম ৱাংচুকেও। তেওঁৰ অনশন ভংগ কৰাৰ পিছতো ক’কৰোচ জনতা পাটীৰ (চিজেপি) সদস্যসকলে আন্দোলন অব্যাহত ৰাখে। কেন্দ্ৰৰ সৈতে হোৱা বৈঠকত বাৰে বাৰে প্ৰধানৰ পদত্যাগৰ দাবীত অটল হৈ থাকে তেওঁলোক। আনকি শিক্ষামন্ত্রীয়ে পদত্যাগ নকৰিলে আগন্তুক দিনত সংসদ ভৱনত অভিযানৰ দৰে আৰু বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব বুলিও তেওঁলোকে সাৱধানবাণী শুনায়। আন্দোলন যাতে আৰু আগনাবাঢ়ে তাক নিশ্চিত কৰিবলৈ পদক্ষেপ গ্রহণ কৰে কেন্দ্ৰই। শুকুৰবাৰে চিজেপিৰ সৈতে তৃতীয়খন বৈঠকৰ পূৰ্বেই ধর্মেন্দ্ৰ প্ৰধানে পদত্যাগৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ ওচৰলৈ তেওঁ পদত্যাগ-পত্র পঠিয়াই দিয়ে। ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ-পত্ৰ গ্ৰহণ কৰাৰ পিছতে নতুন শিক্ষামন্ত্রী হিচাপে প্রহ্লাদ যোশীৰ নাম ঘোষণা কৰে চৰকাৰে। ইফালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰে যে, বিজেপিৰ বাবে পদবী নহয়, ছাত্ৰ-ছাত্ৰীসকলহে গুৰুত্বপূৰ্ণ। শনিবাৰে সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্বাহে কয়, ‘বিজেপি কর্মীসকলৰ বাবে যিকোনো পদতকৈ দেশ, যুৱ সমাজ আৰু শিক্ষার্থীসকল বহু বেছি গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগে সেই নীতিকে তুলি ধৰে।’ তেওঁৰ ভাষাত- ‘নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে দেশৰ যুৱক-যুৱতীসকলৰ উদ্বেগৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাটো ৰোধ কৰিবলৈ কঠোৰ সংস্কাৰ সাধনৰ বাবে প্ৰতিশ্রুতিবদ্ধ চৰকাৰ। প্ৰশ্নকাকত ফাদিলৰ ঘটনাত দোষীসকলক কঠোৰ শাস্তিৰ বিষয়টোৱে নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে যিবোৰ সিদ্ধান্ত লৈছে, সেইবোৰ প্ৰশংসনীয়।’ শ্বাহে মন্তব্য কৰে যে তেওঁ নিশ্চিত, চৰকাৰৰ দ্বাৰা গৃহীত পদক্ষেপসমূহে নীট পৰীক্ষাত উত্তীর্ণ শিক্ষার্থীসকলৰ বাবে ন্যায় বিচাৰ নিশ্চিত কৰিব। শিক্ষামন্ত্রী হিচাপে ধর্মেন্দ্ৰ প্ৰধানৰ কাৰ্যকলাপৰ ওপৰত আলোকপাত কৰি শ্বাহে তেওঁক কেইবাটাও গুৰুত্বপূর্ণ সংস্কাৰ সাধনৰ কর্তৃত্ব প্ৰদান কৰে। তাৰ ভিতৰত আছে ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰী কৰা, আঞ্চলিক ভাষাত পৰীক্ষা গ্ৰহণৰ পৰিধি বৃদ্ধি, ‘পিএমশ্রী’ বিদ্যালয়সমূহক শক্তিশালী কৰা, ডিজিটেল শিক্ষাৰ প্ৰসাৰ, উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ উন্নতি ঘটোৱা ইত্যাদি। পৰীক্ষা ব্যৱস্থাক অধিক শিক্ষার্থীকেন্দ্ৰিক কৰি তোলাৰ ক্ষেত্ৰত ধর্মেন্দ্ৰ প্ৰধানৰ প্ৰচেষ্টাৰ তেওঁ প্রশংসা কৰে। তেওঁ কয়, ‘তেওঁৰ কাৰ্যকালত ভাৰতক এখন উন্নত ৰাষ্ট্ৰত পৰিণত কৰাৰ সংকল্পৰ প্ৰতি নিষ্ঠাৰেই প্ৰমাণ।’