অভিমান – শচীন্দ্ৰ কুমাৰ দাস

Pc Pixabay

অভিমান

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

অভিমানৰ সীমা ইমান হ’ব নালাগে—
য’ত মৰম হেৰাই ঘৃণাৰ স্থান বাঢ়ি যায়।
জীৱনটো কেৱল ক্ষন্তেকীয়া নহয়?
য’ত এটা নিশা পুৱালেই সকলো শেষ হৈ যায়।

ধৈৰ্য্যই পৰীক্ষা লৈছিল নেকি সিদিনা?
নে মই নিজেই হতাশ হৈ পৰিছিলোঁ?
নে মোৰো বুকুৰ কোণত অভিমান উপজিছিল—
সকলো আউল ভাঙি আকৌ ঠিক কৰিবলৈ গৈ……

নে আত্মা-অহংকাৰৰ বলি হ’লোঁ মই?
তেওঁলোকে বাৰু অহংকাৰ কৰিছিলনে
নে সেইয়া আছিল কেৱল জেদ বা হিংসা?
নে আমিবোৰ তেওঁলোকৰ পছন্দৰ নাছিলোঁ?

সকলো দুখ-ক্লেশ বুকুত দমন কৰি,
আনন্দৰ ভাগী হ’বলৈ গৈছিলোঁ ,
নিৰানন্দ লাভ কৰা মোৰ কাহানিও কাম্য নাছিল,
স্বজন-প্ৰীতি, মৰম-ভালপোৱা আৰু প্ৰেম-বিশ্বাসক—
হেয় জ্ঞান কৰাটো মোৰ ভাগ্যৰ পৰিণতি আছিল,
হায়, এয়াই চাগে আছিল মোৰ নিয়তি!

কাৰোবাক দুখ দি সুখী হোৱাৰ প্ৰয়াস কৰা নাছিলোঁ,
তথাপিও মানুহে মানৱীয়তাক বুজিবলৈ বহু বাকী।
সংসাৰত থাকি ইজনে সিজনৰ প্ৰতি থকা দায়িত্বক—
যেতিয়া ভৰিৰ গছকত মষিমূৰ কৰা হয়,
তেতিয়াই নামি আহে জীৱনলৈ চৰম দুখ,
জীৱনটো হৈ পৰে তেতিয়াই অতি কঠিন।

মই নাজানো কোনে কি স্বাৰ্থ পূৰণ কৰিলে?
কিন্তু এয়া ধুনীয়া জীৱনটোক মৰিশালী কৰাৰ চেষ্টা,
আৰু এয়া মাথোঁ মোৰ নহয়—
সমগ্ৰ ব্যক্তিসত্ত্বাৰ এক কৰুণ বাস্তৱ ।