ভয়াবহ বলীয়া বান
যমুনা দুলু বৈশ্য,শুৱালকুছি
দেখিলে বলীয়া বানৰ তাণ্ডৱ
সেউজীয়া পথাৰৰ খেতি দৰা মানুহৰ আৰ্তনাদ
উহঃ সহিব নোৱাৰি ,
শোকত বুকুখন সেই দুখৰ দৃশ্যবোৰে
দুচকু সেমেকি উঠে ,
চাৰিওফালে কেৱল পানী…
হে বলীয়া বান !
তুমি কিয় ? এই ৰূপ লৈ নদীৰ সোঁতত উটি
কালৰূপ ধৰা —
ক’ত মাতৃৰ কোলাৰ শিশুটিৰ
আৰ্ত-চিঞৰ – শুনিলে বুকুত খুন্দা মাৰে
কাৰোবাৰ বৃদ্ধ পিতৃক
কোবাল সোঁতে নিলেনো-ক’লৈ
কোনোবাই বিচাৰি ফুৰিছে
কাৰোবাৰ একমাত্ৰ আশ্ৰয় স্থল
নিমাত গৰু, ছাগলী, হাঁহ-কুকুৰা,
উটুৱাই নিছে মৃত্যু মুখলৈ —উহঃ
ভয় হৈছে কৃষকৰ আশাৰ
ধাননি, পথাৰৰ শস্যৰ প্ৰাপ্য–পামনে –?
বুকুৰ ভোকৰ জুইকুৰা কিমান দিনলৈ –?
দুখ বোৰ উমি উমি জ্বলিছে।
হেৰুৱাৰ বেদনাত মনবোৰ স্তব্ধ হৈ ৰ’ল
অসমৰ ভয়াবহ বানপানীৰ কবলত
বহু পৰিয়ালৰ, গভীৰ সংকটৰে গৃহহীন হল
খাদ্য, বিশুদ্ধ খোৱা পানী, ঔষধ, কাপোৰ-কানি আদি
নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত
বহু কষ্টত ভুগি বিধ্বস্ত হয় কান্দোনেৰে কৰিছে পাৰ
বানপানীয়ে নিলে বহু কষ্টৰে বনোৱা ঘৰখন
বহু আশাৰ সপোনৰ মৰমৰ সংসাৰখন !
শেষ হৈ গ’ল নিয়তিৰ কবলত
প্ৰকৃতিয়ে দিয়া হৃদয়ত পোৱা নিষ্ঠুৰ আঘাত
অসহায় জনৰ মনত বহু প্ৰশ্ন –?
