বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্রী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসম ভয়াৱহ বানৰ কৱলত । বিশেষকৈ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ বান পৰিস্থিতি অতি শোচনীয় । বিগত তিনিদিন ধৰি এই তিনিখন জিলাৰ বিভিন্ন অঞ্চলৰ জলবন্দী ৰাইজৰ দুখ-দুৰ্দশা কুলাই-পাচিয়ে নধৰা হৈছে । ধন-জনৰ ব্যাপক ক্ষতি হৈছে । শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাৰ বানবিধ্বস্ত এলেকাত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বানে চলোৱা তাণ্ডৱত বিধ্বস্ত হৈ পৰা এই তিনি জিলাত বান পৰিস্থিতি তদাৰক কৰাৰ লগতে শিবিৰত আশ্রয় লোৱা বানাক্ৰান্তৰ কাষত থিয় দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। সর্বস্বান্ত হোৱা বান আক্রান্তক মুখ্যমন্ত্ৰীৰ আশ্বাস-‘আজি আপোনালোকৰ দুখৰ সময়ত মাত দিবলৈ আহিছোঁ। আপোনালোকক কথা দিছোঁ যিমান মানুহৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম।’ নাজিৰাৰ আশ্রয় শিবিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘দুখৰ সময়ত মই আপোনালোকৰ ওচৰত থিয় দিছোঁ। এই বানত ঘৰ উটি গৈছে, দৰকাৰী নথি উটি গৈছে, গৰু-ছাগলী সকলো উটি গৈছে, আনকি ঘৰৰ মূধচৰে পানী বৈ গৈছে। এতিয়াও ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছে পানী। মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ- যিমান ক্ষতি হৈছে সকলোকে আমি সহায় কৰিম, যাতে অলপ হ’লেও শান্তি পাব পাৰে। মই আপোনালোকৰ ঘৰৰ ল’ৰাৰ দৰে, যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। পানী কমালৈ কিছু অপেক্ষা কৰিব লাগিব। এই সময়ছোৱাত আপোনালোকৰ কষ্ট হ’ব যদিও আপোনালোকক চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ নথি-পত্ৰ তৈয়াৰ কৰি দিয়াৰ লগতে বাচন-বৰ্তন, গৰু-ছাগলী সকলো আপোনালোকক দিয়া হ’ব, সহায় কৰা হ’ব।’

উল্লেখ্য যে নাজিৰা সম-জিলাৰ সৰ্বাধিক অঞ্চল শেহতীয়া বানত বিধ্বস্ত হৈছে। নাজিৰাৰ চণ্টক চাহ বাগিচাৰ পূজা মণ্ডপত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজক আশ্বস্ত কৰাৰ লগতে উদ্ধাৰ আৰু বান সাহাৰ্যৰো সকলো দিশ তদাৰক কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে কয়- ‘নাজিৰাৰ ৰাইজক দুখৰ সময়ত মই লগ কৰিবলৈ আহিছোঁ। ইয়াৰ পৰিৱেশ যথেষ্ট বেয়া। বহু স্থানত এতিয়ালৈকে যাব পৰা অৱস্থা হোৱা নাই। পলস পৰি ৰাস্তা-ঘাট সকলো বন্ধ হৈ গৈছে, ঘৰ-বাৰী ভাগি গৈছে, গৰু-ছাগলীৰ মৃত্যু হৈছে। সবাতোকৈ দুখৰ বিষয়টো হ’ল যথেষ্ট লোক সন্ধানহীন হৈ আছে। এই পৰিৱেশটো বহুখিনি চিন্তাৰ বিষয়।’ উল্লেখ্য যে দেওবাৰৰ পৰা হোৱা বানৰ তাণ্ডৱত ইতিমধ্যে নাজিৰাত ১৮জন লোকৰ মৃত্যু হোৱাৰ তথ্য আহিছে।

মুখ্যমন্ত্রী ড° শর্মাই এই প্রসংগত কয়- ‘স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁয়ে জানিবলৈ দিয়া অনুসৰি ১৮জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ৫০জনতকৈও অধিক লোক সন্ধানহীন হৈ আছে। বিহুবৰ অঞ্চলত যথেষ্ট ক্ষতি হৈছে। আমি যিমান পাৰোঁ ৰাইজক সহায় কৰিম।’ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ জিলাত উপস্থিত হৈ বান পৰিস্থিতিৰ তদাৰক কৰে। শিৱসাগৰ নগৰৰ ৩৯৮নং ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তসকলৰ দুখ-দুৰ্গতিৰ বুজ লয়। বানাক্রান্তসকলক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয়- ‘যি কাৰণতেই নহওক কিয় এইবাৰ অভাৱনীয় বান হৈছে। মানুহৰ ঘৰৰ চালৰ ওপৰেদি পানী বৈ গৈছে। বহু লোকৰ মৃত্যু হৈছে, ঘৰ-বাৰী ভাগি গৈছে, পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হৈছে। এনে অবর্ণনীয় দুখ আৰু যন্ত্ৰণাৰ মাজত মই ইয়াকে ক’ব বিচাৰোঁ যে ৰাজ্য চৰকাৰে আৰ্তজনক-ক্ষতিগ্রস্তজনক সম্পূর্ণরূপে সহায় কৰিব।’ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে স্থানীয় জিলা প্ৰশাসনৰ সৈতেও শেহতীয়া বান পৰিস্থিতি তথা উদ্ধাৰ আৰু সাহায্য অভিযান সন্দর্ভত বিস্তৃত আলোচনা কৰে। বানাক্ৰান্তৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি উল্লেখ কৰে যে শিৱসাগৰ জিলাতে প্রায় ৭০ গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে। আনহাতে, বানত কিমানসংখ্যক লোকৰ মৃত্যু হৈছে তাৰ তথ্য এতিয়াও স্পষ্ট হোৱা নাই বুলি উল্লেখ কৰি পানী হ্রাস হোৱাৰ পাছত সকলো দিশ স্পষ্ট হ’ব বুলি উল্লেখ কৰে।

মুখ্যমন্ত্ৰীৰ মন্তব্য- ‘মৃত্যু হোৱাসকলক আমি ঘূৰাই দিব নোৱাৰোঁ। কিন্তু যিমানখিনি পাৰোঁ আর্থিকভাৱে আৰু আন সকলোধৰণৰ সহায়ৰ চেষ্টা কৰা হ’ব।’ ইফালে, স্থানীয় বিধায়ক অখিল গগৈয়ে উদ্ধাৰ অভিযানৰ বাবে নাৱৰ প্ৰয়োজনৰ কথা উল্লেখ কৰা সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে অচিৰেই কিছু নাও পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হ’ব। হেলিকপ্টাৰেৰে বানত আক্ৰান্ত হৈ থকা লোকক উদ্ধাৰৰ বাবে কিছু সমস্যাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে হেলিকপ্টাৰ লেণ্ডিং কৰাৰ কাৰণে ঠাই নথকা হেতুকে কিছু সমস্যাৰ সৃষ্টি হৈছে। কিন্তু ৰাইজক যিমান পৰা যায় সেই ধৰণে উদ্ধাৰ আৰু সাহায্য প্রদান কৰা হ’ব। জিলাখনৰ বেতবাৰীৰ বানপীড়িত অঞ্চল নাৱেৰে গৈ মুখ্যমন্ত্ৰীয়ে পর্যবেক্ষণ কৰে। ইফালে, বানাক্ৰান্ত চৰাইদেউ জিলাৰ ২৯২খন গাঁৱৰ দুই লক্ষাধিক লোক ক্ষতিগ্রস্ত হৈছে। এইপর্যন্ত জিলাখনত আঠটা সাহায্য শিবিৰ, ৭১টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ পিছত মুখ্যমন্ত্রীয়ে সোণাৰিৰ অভয়পুৰ খেলপথাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰি চৰাইদেউ জিলাৰ সোণাৰিৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। ইয়াৰ পিছত তেওঁ জিলাখনৰ মাহমৰা সমষ্টিৰ দল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে। শিবিৰত আশ্রয় লোৱা পৰিয়ালসমূহৰ দুখ-দুর্দশা, ক্ষয়-ক্ষতি আৰু বৰ্তমানৰ সমস্যাসমূহৰ বিষয়ে বুজ লোৱাৰ লগতে সংশ্লিষ্ট বিষয়াসকলক প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। বানাক্ৰান্তসকলৰ ওচৰত চৰকাৰ সকলো সময়তে থকা বুলি আশ্বস্ত কৰি মুখ্যমন্ত্ৰীয়ে ইয়াকো ঘোষণা কৰে যে চৰকাৰী নিয়ম অনুসৰি সকলো ধৰণৰ সাহায্য আৰু ক্ষতিপূৰণ দ্রুতভাৱে পূৰণ কৰা হ’ব।

আনহাতে, সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বানাক্ৰান্ত তিনিওখন জিলাতে এনডিআৰএফ, এছডিআৰএফ আৰু স্থানীয় প্রশাসনে উদ্ধাৰ অভিযানৰ কাম অব্যাহত ৰাখিছে। বানাক্ৰান্তসকলক এই সময়ছোৱাত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ খাদ্য যোগান ধৰি থকা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে, আজি মুখ্যমন্ত্ৰীয়ে মৰিয়নি সমষ্টিৰ টীয়কত বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে শিবিৰত আশ্রয় লোৱা বানাক্ৰান্তসকলৰ লগত মত বিনিময় কৰে আৰু তেওঁলোকৰ অসুবিধাৰ বুজ লয়। আশ্রয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী, ঔষধ, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশনা দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাট জিলাৰ বানপীড়িত শলমৰা আৰু বৰিগাঁও অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ ক্ষতিগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে জিলাৰ প্ৰশাসনিক বিষয়াসকলৰ পৰা উদ্ধাৰ আৰু সাহায্য অভিযানৰ অগ্ৰগতিৰ বিষয়েও খবৰ লয়। সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ বান পৰিস্থিতি অত্যন্ত সংকটজনক। তেওঁ কয়- বান পৰিস্থিতি অতি ভয়াবহ। ইতিমধ্যে কেইবাজনো লোকে প্রাণ হেৰুৱাইছে; আনহাতে, বহু লোক এতিয়াও নিখোজ হৈ আছে। আজি মই উজনি অসমৰ বানপীড়িত জিলাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছোঁ। কাইলৈ মই গোলাঘাটলৈ যাম।’

মুখ্যমন্ত্রীয়ে লগতে কয় যে ভোগদৈ নদীয়ে পাঁচটা স্থানত মথাউৰি ভাঙি পেলোৱাত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। তেওঁ কয়- ক্ষতিগ্রস্ত মথাউৰিসমূহ পুনৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভকৰা হ’ব। ভোগদৈ নদীয়ে পাঁচটা স্থানত মথাউৰি ভাঙি পেলাইছে। এই মথাউৰিসমূহ তাৎক্ষণিকভাৱে পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। চৰকাৰৰ ফালৰ পৰা উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। আগন্তুক দিনতো বানপীড়িত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব। জনসাধাৰণে যি কষ্টৰ মাজেৰে সময় পাৰ কৰিছে, সেই সময়ত চৰকাৰ সদায় তেওঁলোকৰ কাষত থাকিব আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে নাগালেণ্ডৰ মন জিলাত সম্ভাব্য ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱা বুলি তথ্য লাভ কৰা হৈছে। বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত ঘটনাটোৰ প্ৰকৃত কাৰণ সম্পর্কে বিস্তৃত তদন্ত চলোৱা হ’ব। আমি নাগালেণ্ড চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছোঁ। লগতে উপগ্ৰহৰ চিত্ৰ বিশ্লেষণ কৰি ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা চলাইছোঁ। তদন্তৰ ভিত্তিত ভৱিষ্যতে এনেধৰণৰ দুৰ্যোগ যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে প্রয়োজনীয় সকলো সতর্কতামূলক আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰোপৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা বিয়লিৰ ভাগত মৰিয়নি সমষ্টিৰ টীয়ক চাহ বাগিচাৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হয়। অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু কেশৱ মহন্তসহ মুখ্যমন্ত্ৰীগৰাকীয়ে এজন এজনকৈ শিবিৰত থকা প্ৰতিগৰাকী বন্যাৰ্তৰ খবৰ সুধিলে। আৰু মুখ্যমন্ত্ৰীৰ আগত ক্ষিপ্রগতিত বাঢ়ি অহা বানে কেনেদৰে মুহূৰ্ততে ঘৰখন শেষ কৰিলে, সেয়া বিবৰি ক’লে বানাক্রান্ত লোকসকলে। তেওঁ এই ভ্রমণ কালত বানাক্ৰান্ত ৰাইজক সকলো সুবিধা প্রদান কৰাৰো আশ্বাস দিয়ে। ইপিনে, জনতাৰ কাষত থাকি ভালপোৱা মুখ্যমন্ত্ৰীগৰাকীক দুৰ্যোগৰ সময়ত কাষত পাই দুখৰ সময়ত যেন অনাবিল সাহস পালে লোকসকলে। সকলোৰে মুখত দুৰ্যোগৰ মাজতো বিৰিঙিল এচেৰেঙা হাঁহি। পৰিদৰ্শন কালত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘যিহেতু যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দৰে আন আন জিলাসমূহত ভয়াৱহভাৱে বান হোৱা নাই। গতিকে, আমি আন আন জিলাৰ পৰা কঠীয়া সংগ্ৰহ কৰি কৃষকসকলক আমি যোগান ধৰিম। ইয়াৰ লগতে কৃষকৰ আন আন সুবিধাসমূহৰো ব্যৱস্থা কৰা হ’ব’।
