“মানৱতাৰ মহাজ্যোতি চিৰাজ আলী”,কবিতাৰে মূল্যায়িত হ’ল এজন মহান ব্যক্তিৰ কৰ্মৰাজি

“মানৱতাৰ মহাজ্যোতি চিৰাজ আলী”,কবিতাৰে মূল্যায়িত হ’ল এজন মহান ব্যক্তিৰ কৰ্মৰাজি

মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপৰ ভোলাগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মঃ চিৰাজ আলীৰ বাসগৃহত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সমাজখনলৈ আগবঢ়োৱা অনবদ্য কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই তেওঁৰ বাসগৃহতে “মানৱতাৰ মহাজ্যোতি চিৰাজ আলী ” শীৰ্ষক এটি বিশেষ কবিতা অৰ্পণ কৰা হয়।মিৰ্জাৰ সুপৰিচিত কবি, লেখক তথা সাংবাদিক শৈলেন কুমাৰ আৰু যুৱ সাংবাদিক গৌতম দাসৰ যুটীয়া সহযোগিতাত এই বিশেষ কবিতাটো ৰচনা কৰা হৈছে। পলাশবাৰীৰ বিশিষ্ট কবি তথা সাহিত্যিক শচীন্দ্ৰ কুমাৰে সুন্দৰকৈ আঁতধৰা এই অনুষ্ঠানত শৈলেন কুমাৰ আৰু গৌতম দাসে মঃ চিৰাজ আলীক এখনি ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে সাংবাদিক শৈলেন কুমাৰে স্বৰচিত কবিতাটো পাঠ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।সাংবাদিক লব কুমাৰ দাসৰ বিশেষ সহযোগিতাত সম্পন্ন হোৱা এই অনুষ্ঠানটোত অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিজৰ কৰ্মৰাজিক কবিতাৰ মাধ্যমেৰে এনেদৰে মূল্যায়ন কৰা বাবে মঃ চিৰাজ আলীয়ে কবি তথা সাংবাদিক শৈলেন কুমাৰ আৰু সহযোগীসকলক অন্তৰৰ পৰা ভূয়সী প্ৰশংসা কৰে।